🔹 মৃত্যুৰ পিছতো বৈদ্যুতিক শ্বক দিছিল পত্নী–দেওৰেকে
নিউজ ডেস্ক, ২০ জুলাই : দিল্লীত পৰকীয়া প্রেমৰ ভয়ংকৰ পৰিণতিৰ এক খবৰ পোহৰলৈ আহিছে৷ জানিব পৰা মতে, পত্নীয়ে দেওৰেকৰ সৈতে গোপন প্রেমৰ সম্পর্ক ৰক্ষা কৰাৰ বাবেই স্বামীক অত্যধিক শ্লিপিং টেবলেট সেৱন কৰোৱাই হত্যা কৰে৷
প্রথম অৱস্থাত এই ঘটনাত বিদ্যুৎস্পৃষ্ট হৈ স্বামীৰ মৃত্যু হোৱা বুলি পত্নীয়ে দাবী কৰিছিল যদিও চিকিৎসালয়ত কৰা মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনত অত্যধিক শ্লিপিং টেবলেট সেৱন কৰাৰ ফলত লোকজনৰ মৃত্যু হোৱা বুলি হাস্পতাল কর্তৃপক্ষই সদৰী কৰে৷ আৰক্ষীয়ে ভুক্তভোগীৰ বয়স আৰু মৃত্যু ঘটনাৰ পৰিৱেশ অধ্যয়ন কৰি পত্নী আৰু দেওৰেকক সন্দেহবশত: সোধা–পোছা কৰিছিল যদিও প্রথমে দুয়োৱে অস্বীকাৰ কৰিছিল৷
ইফালে, পৰিয়ালে মৃত ব্যক্তিজনৰ পত্নী আৰু আনজন হত্যাকাৰীয়ে ছ’চিয়েল মিডিয়াত কৰা বার্তালাপৰ ভিত্তিত তেওঁলোকেই হত্যাৰ পৰিকল্পনা কৰা বুলি দাবী কৰিছিল৷ দুয়োগৰাকী হত্যাকাৰীয়ে গুগলত হত্যাৰ পৰিকল্পনা বিচাৰি ছার্চ কৰিছিল৷ ইয়াৰ ভিত্তিতে মৃত ব্যক্তিজনক নৈশ আহাৰৰ সৈতে ১৫টা শ্লিপিং টেবলেট মিহলাই খাবলৈ দিছিল আৰু অচেতন নোহোৱালৈকে ৰৈ আছিল দুয়ো হত্যাকাৰী৷ ইয়াৰ পিছতে দুয়ো মিলি মৃত ব্যক্তিজনক বৈদ্যুতিক শ্বকো দিয়া বুলি জানিব পৰা গৈছে৷