মহিলা ফুটবলত বিশ্ব অভিলেখ : ১১ কোটিত চুক্তিবদ্ধ অলিভিয়া
🔹 দুবছৰৰ ভিতৰতে বিশ্বৰ মহিলা ফুটবলৰ আটাইতকৈ দামী খেলুৱৈ
নিউজ ডেস্ক, ২০ জুলাই : ২০১৯ চনত ১৫ বছৰ বয়সত কানাডাৰ হৈ আন্তর্জাতিক ফুটবলত অভিষেক ঘটিছিল অ’লিভিয়া স্মিথৰ৷ পেছাদাৰী ফুটবল খেলিবলৈ আৰম্ভ কৰে ২০২৩ চনত৷ দুবছৰৰ ভিতৰতে তেওঁ বিশ্বৰ মহিলা ফুটবলত আটাইতকৈ দামী খেলুৱৈৰূপে পৰিগণিত হয়৷
২০ বছৰীয়া মিডফিল্ডাৰগৰাকীক আর্চেনালে ১০ লাখ পাউণ্ড খৰচ কৰি চুক্তিবদ্ধ কৰিছে৷ ভাৰতীয় মুদ্রাত এই পৰিমাণ ১১ কোটি ৫৫ লাখ টকাৰো অধিক৷ মহিলাৰ ফুটবলত দল পৰিৱর্তনত ইয়াৰ পূর্বে কোনেও ইমান টকা লাভ কৰা নাছিল৷ এই বছৰৰ জানুৱাৰীত আমেৰিকাৰ ডিফেণ্ডাৰ নাওমি গিৰমাক প্রায় ১০ কোটি ৪০ লাখ টকা ব্যয় কৰি স্বাক্ষৰ কৰাইছিল ইনিংছ প্রিমিয়াৰ লীগৰ আন এটা ক্লাব চেলচিয়ে৷ ইমানদিনে বিশ্বৰ আটাইতকৈ দামী মহিলা ফুটবলাৰ আছিল গিৰমা৷ তেওঁক অতিক্রম কৰি শীর্ষস্থানলৈ আহে অ’লিভিয়া৷
যোৱা বছৰ তেওঁ লিভাৰপুলত যোগদান কৰিছিল৷ ইপিএলৰ এই দলটোৰ হৈ ২৫খন মেচত ৯ গ’ল দিছিল তেওঁ৷ লিভাৰপুলৰ মহিলা দলৰ সর্বোচ্চ গ’লদাতা আছিল অলিভিয়া৷ ইংলেণ্ডৰ মহিলা লীগৰ শ্রেষ্ঠ ফুটবলাৰৰ সন্মানো লাভ কৰিছিল ফুটবলাৰগৰাকীয়ে৷ ইয়াৰ পিছৰ পৰা ক্লাবসমূহৰ মাজত তেওঁৰ চাহিদা বৃদ্ধি পাবলৈ ধৰে৷