নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢাকাৰ বৈঠক বয়কট কৰিব ভাৰতীয় ক্ৰিকেট ব’র্ডে

🔹 পুনৰ অনিশ্চিত এছিয়া কাপ ক্রিকেট

নিউজ ডেস্ক, ২০ জুলাই : ৰাজনৈতিক অস্থিৰতাৰ বাবে বাংলাদেশ ভ্রমণলৈ ক্রিকেটাৰসকলক পঠিয়াবলৈ বিচৰা নাই ভাৰতীয় ক্রিকেট ব’র্ডে৷ ঢাকালৈ যাব নিবিচাৰে ব’ৰ্ডৰ কর্মকর্তাসকল৷ ফলত অনিশ্চিত হৈ পৰিছে এছিয়া কাপ সংক্রান্তীয় বৈঠক৷ অহা ছেপ্টেম্বৰত প্রতিযোগিতাখন অনুষ্ঠিত হোৱাৰ কথা৷ প্রতিযোগিতাৰ পূর্বে সংশ্লিষ্ট সকলো পক্ষকে লৈ ঢাকাত বৈঠক অনুষ্ঠিত কৰিব বিচাৰিছে পাকিস্তান ক্রিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নকভিয়ে৷ কিন্তু বর্তমানৰ পৰিস্থিতিত বাংলাদেশলৈ যাবলৈ নাৰাজ ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ কর্মকর্তা৷ সেই কথা ইতিমধ্যে নকভিক জানিবলৈ দিছে ব’র্ডে৷

এটি সর্বভাৰতীয় সংবাদ মাধ্যমৰ প্রতিবেদনত কোৱা হৈছে যে বাংলাদেশৰ বর্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবে দেশখনলৈ বিচিচিআইৰ কর্মকর্তাসকল যাব বিচৰা নাই৷ তেওঁলোকে নকভিক জনাই দিছে যে বাংলাদেশত বৈঠক অনুষ্ঠিত হ’লে তালৈ যোৱা সম্ভৱ নহয়৷ অন্য ঠাইত (পাকিস্তানৰ বাহিৰে) বৈঠক হ’লে যোগ দিয়াৰ কথা ভাবিব পাৰে৷ কঠোৰ অৱস্থানৰ মাজেৰেই আগবাঢ়িব বিচাৰে বিচিচিআই৷ এছিয়ান ক্রিকেট কাউঞ্চিলৰ বৈঠকৰ স্থান সলনি সন্দর্ভত কোনো সিদ্ধান্ত হোৱা নাই৷ ফলত এছিয়া কাপ অনুষ্ঠিত হোৱাক লৈও অনিশ্চয়তাই দেখা দিছে৷ এছিয়া ক্রিকেট কাউঞ্চিলৰ সদস্য দেশসমূহৰ ভিতৰত শ্রীলংকা, আফগানিস্তান আৰু ওমানৰ সমর্থন ভাৰতৰ লগত আছে৷ বিচিচিআয়ে বৈঠকত অংশগ্রহণ নকৰিলে এই তিনিখন দেশৰ কর্মকর্তাও ঢাকালৈ নাযায় বুলি জনাই দিছে৷ অৱশ্যে এই বিষয়ে কোনো পক্ষই এতিয়াও চৰকাৰীভাৱে জনোৱা নাই৷

উল্লেখ্য যে ২০২৫ চনৰ এছিয়া কাপ ভাৰতে অনুষ্ঠিত কৰাৰ কথা আছিল৷ পেহেলগামত সন্ত্রাসবাদীৰ আক্রমণ আৰু ভাৰত–পাকিস্তান সামৰিক সংঘর্ষৰ পিছত সেয়া সম্ভৱ নহয়৷ নিৰপেক্ষ দেশত প্রতিযোগিতাখন অনুষ্ঠিত কৰিলেহে ভাৰত আৰু পাকিস্তানৰ অংশগ্রহণ নিশ্চিত হ’ব পাৰে৷ বিগত চেম্পিয়নছ ট্রফীৰ পূর্বে আন্তর্জাতিক ক্রিকেট সংস্থাৰ মধ্যস্থতাত অনুষ্ঠিত বৈঠকত পাকিস্তান ক্রিকেট ব’ৰ্ডৰ কর্মকর্তাসকলে জনাই দিছিল যে তেওঁলোকে ভাৰতলৈ কোনো দল নপঠিয়ায়৷ বিগত এছিয়া কাপ আৰু চেম্পিয়নছ ট্রফীৰ দৰে ভাৰতত আয়োজন কৰা যিকোনো প্রতিযোগিতাত পাকিস্তানৰ মেচসমূহ আয়োজিত হ’ব নিৰপেক্ষ দেশত৷

You might also like