নিয়মীয়া বাৰ্তা, ২০ জুলাই : ডুমডুমা শতদল শাখা সাহিত্য সভাই শাখাৰ কুঁহি উপ-সমিতিৰ সহযোগত ১৯ জুলাইৰ সন্ধিয়া শাখাৰ ভৱনত অনুষ্ঠিত কৰে গ্ৰীষ্মকালীন কুঁহি অনুষ্ঠান । প্রায় ২৫গৰাকী শিশুৰ গীত-মাতেৰে মুখৰিত কৰি তোলে ডুমডুমা শাখাৰ ভৱন । শাখা সাহিত্য সভাৰ কুঁহি সদস্যসকলে আৰম্ভণিতে “চিৰ চেনেহী মোৰ ভাষা জননী” গীতটো পৰিৱেশন কৰাৰ পাছতেই শাখাৰ সভাপতি দেৱেন ডেকাই অনুষ্ঠানটোৰ বিষয়ে আলোকপাত কৰি চমু বক্তব্য প্রদান কৰে।
আনহাতে, শাখাৰ সভাপতি দেৱেন ডেকা আৰু সম্পাদক নিত্যানন্দ দাসৰ পৰিচালনাত শিশুসকলৰ মাজত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে । ইয়াৰ পিছতে অনুষ্ঠানত সাধু কথা পৰিৱেশন কৰে ক্ৰমে দীক্ষিতা হাজৰিকা, নন্দিকা ডেকা আৰু নিষ্ঠা কলিতাই । কবিতা আবৃত্তি কৰে উদিত কাশ্যপ বর্মন আৰু জ্যোতিস্মান দাসে । জয়ন্ত হাজৰিকাৰ এটি গীত সমৱেতভাৱে পৰিৱেশন কৰে ক্ৰমে বার্লিন মজুমদাৰ, দীপ্ত আকাশ ডেকা, উদিত কাশ্যপ বর্মন, বৰিষ্ঠা ডেকা, নয়নিকা লহকৰ, নন্দিকা ডেকা, লক্ষ্যজ্যোতি শইকীয়া, আকাংক্ষা কটকী আৰু পত্রিকা প্রিয়ম শইকীয়াই । এককভাৱে গীত পৰিৱেশন কৰে ক্ৰমে ময়ূক্ষী মহন্ত, লক্ষ্যজ্যোতি শইকীয়া, মৃগাশ্রী হালৈ, জ্যোতিস্মান দাস, আকাংক্ষা কটকী, দীক্ষিতা হাজৰিকা আৰু নংগাম চেতিয়াই । আন এটি সমৱেত সংগীত আৰু এটি দলীয় নৃত্য পৰিৱেশন কৰে ডুমডুমা মইনা পাৰিজাতৰ ক্রমে অলেক্ষা মেধি, মীগাক্ষি হালৈ, লিয়না বৰগোহাঁই, অধ্যনা বৰগোঁহাই, নয়নিকা লহকৰ, আৰু চাইনী দেৱনাথে । কেচিঅ’ত দুটি গীতৰ সুৰৰ লহৰ তোলে অদ্যেন্য বৰাই । দ্বৈতভাৱে মূকাভিনয় পৰিৱেশন কৰে দীপ্ত আকাশ ডেকা আৰু বার্ণিল মজুমদাৰে । নৃত্য পৰিৱেশন কৰে ক্রমে যশ্বসী কাশ্যাপ, দীক্ষিতা হাজৰিকা আৰু নন্দিকা ডেকাই ।
সমগ্র অনুষ্ঠানটিৰ আঁত ধৰে কুঁহি বৰিষ্ঠা ডেকাই । কুঁহিৰ কার্যকৰী সভাপতি জোনালী শইকীয়া ডেকা আৰু আহ্বায়ক অনামিকা লহকৰৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা এই কুঁহি অনুষ্ঠানত দীপ্তি নৃত্যালয়ৰ সঞ্চালক তথা ডুমডুমা মইনা পাৰিজাতৰ সম্পাদিকা দীপ্তি গোহাঁই, অসম সাহিত্য সভাৰ আজীৱন সভ্য ধৰণী শইকীয়া, নিৰলা চৌধুৰী, নিভাৰাণী চৌধুৰী, মিৰাণ্ডা বৰুৱা ডেকাকে ধৰি বহুসংখ্যক সাহিত্য সভাৰ শুভাকাংক্ষী আৰু ৰাইজ উপস্থিত থাকে । এই অনুষ্ঠানটি সর্বাংগসুন্দৰ ৰূপত অনুষ্ঠিত হোৱা বুলি অনুভৱ কৰি শিশুসকলক প্রেৰণামূলক বক্তব্যৰে অনুপ্রাণিত কৰে অৱসৰপ্রাপ্ত প্রধান শিক্ষয়ত্ৰী নিৰলা চৌধুৰীয়ে । শেষত জাতীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি মৰা হয় ।
প্ৰেৰক মনোজ বৰুৱা