নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ আশুতোষ কুমাৰৰ

বিশেষ বাৰ্তা, ২১ জুলাই : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া ন্যায়াধীশ আশুতোষ কুমাৰে আজি পাঞ্জাবাৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত শপত বাক্য পাঠ কৰে ৷ উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ পৰামর্শৰ ভিত্তিত তেওঁক কেন্দ্রীয় আইন আৰু ন্যায় বিভাগে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে৷

আজি দিনৰ ১০ বজাত পাঞ্জাবাৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰি ন্যায়াধীশ আশুতোষ কুমাৰে দায়িত্ব গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শপত বাক্য পাঠ কৰায় মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰক। ইয়াৰ পূৰ্বে ন্যায়াধীশ কুমাৰ পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে আছিল ৷

You might also like