নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰা কোম্পানীৰ বিজ্ঞাপনত ৰংঘৰৰ ফটো

🔹 অসমৰ ঐতিহ্যক চূড়ান্ত অপমান

নিউজ ডেস্ক, ২১ জুলাই : শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ কেতিয়াবা বেদখলকাৰীৰ কবলত আৰু কেতিয়াবা কৃত্রিম বানে এই ঐতিহাসিক সম্পদবিধৰ অস্তিত্ব বিপন্ন কৰি অহাৰ সমান্তৰালকৈ এইবাৰ ঐতিহ্যত চূড়ান্ত কুঠাৰাঘাত কৰিব খুজিছে এটা সুৰা কোম্পানীয়ে৷

All Seasons নামৰ সুৰা কোম্পানীটোৱে বিজ্ঞাপনত ৰংঘৰৰ ফটো ব্যৱহাৰ কৰাক লৈ এতিয়া ঐতিহাসিক নগৰখনত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ সদৌ টাই আহোম ছাত্র সন্থাৰ নেতা পার্থ গগৈয়ে এই সন্দর্ভত তীব্র প্রতিক্রিয়া ব্যক্ত কৰি ক্ষোভেৰে কয় যে এয়া এক নোহোৱা–নোপজা ঘটনা৷ কোনো এজন অসমীয়াই এয়া মানি ল’ব নোৱাৰে৷ অনতিপলমে কোম্পানীটোৱে যদি সুৰাৰ বিজ্ঞাপনৰ পৰা ৰংঘৰৰ ফটো আঁতৰাই নেপেলায়, তেন্তে নিজাববীয়াকৈ আটাছুৱে গোচৰ তৰিব বুলি সকীয়নি দিয়ে৷

আনহাতে, আহোম সেনাৰ নেতা আয়ুস ৰঞ্জন গগৈয়ে ক্ষোভেৰে কয় যে যি সময়ত ৰংঘৰৰ সৌন্দর্যবর্ধন আৰু সংৰক্ষণৰ বাবে দাবী উত্থাপন হৈ আহিছে, তেনে সময়তে All Seasons নামৰ সুৰা কোম্পানীটোৱে ৰংঘৰক সুৰাৰ সৈতে একাকাৰ কৰি পেলাইছে৷ সুৰাই পৰিয়াল ধ্বংস কৰাৰ দৰে এইবাৰ ঐতিহাসিক সম্পদ ধ্বংস কৰিবলৈ ওলাইছে৷ শীঘ্রে সুৰা কোম্পানীটোৱে ভুল স্বীকাৰ নকৰিলে প্রতিবাদী কার্যসূচী গ্রহণ কৰা হ’ব বুলি মন্তব্য কৰে আহোম সেনাৰ নেতাজনে৷

 

You might also like