নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ প্রতিবিন্দু মাটি বেদখলৰ পৰা মুক্ত কৰিম

🔹 হিমালয়কো ভেদ কৰি আমি আগুৱাই যাম– মুখ্যমন্ত্রীৰ উদাত্ত ঘোষণা

বিশেষ বাৰ্তা, ২২ জুলাই : অবৈধ দখলৰ পৰা ৰাজ্যৰ বনাঞ্চল আৰু চৰকাৰী ভূমি উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰখনে গ্রহণ কৰা কঠোৰ স্থিতিক লৈ সৃষ্টি হোৱা তীব্র বিতর্কৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ স্পষ্ট ঘোষণা– উচ্ছেদ চলি থাকিব, আমি থমকি নৰওঁ৷ হিমালয়কো ভেদ কৰি আমি আগুৱাই যাম৷ ক’ৰবাত হতাশ হৈ যোৱা, পৰাজিত অনুভৱ কৰা জাতিটোৰ মাজত সাহসৰ বীজ আমি সিঁচিবলৈ সক্ষম হৈছোঁ৷ আজি বিদেশী বহিষ্কাৰো হৈ আছে, মাটি উদ্ধাৰো চলি আছে৷ য’ত অসমীয়া থিয় হ’ব পৰা নাছিল, প্রতিখন জিলাতে আমাৰ খিলঞ্জীয়া লোকে নিজৰ অধিকাৰ ঘূৰাই পাইছে৷ ভূমি বেদখলৰ ১০০ বছৰীয়া ইতিহাস এদিনতে সলনি নহয়৷

উল্লেখ্য যে গৰুখুঁটি বহুমুখী কৃষি প্রকল্পৰ চতুর্থ বর্ষপূর্তি উপলক্ষে কালি ছিপাঝাৰত উপস্থিত হোৱা মুখ্যমন্ত্রীগৰাকীয়ে খিলঞ্জীয়াৰ ভূমি উদ্ধাৰক লৈ ৰাজ্য চৰকাৰে কোনোধৰণৰ আপোচ নকৰে বুলিও স্পষ্ট কৰি দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা– এই উচ্ছেদৰ জৰিয়তে এক লাখ ২৯ হাজাৰ বিঘা মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছোঁ৷ ৰাজ্য চৰকাৰে আৰম্ভ কৰা ভূমি বেদখলমুক্তকৰণ থমকি নৰয়, চৰকাৰে নিজ লক্ষ্য সাধনৰ দিশত আগবাঢ়ি গৈ থাকিব৷ অসমীয়া জাতি কেতিয়াও পৰাজিত হ’ব নোৱাৰে৷ সাহসী আৰু অপৰাজেয় অসমীয়া জাতিয়ে কেতিয়াও বশ্যতা স্বীকাৰ কৰা নাছিল আৰু ভৱিষ্যতেও নকৰে৷ অসমীয়া জাতি যে অজেয় সেয়া বীৰ লাচিত বৰফুকনে আমাক দেখুৱাই গৈছে, কামৰূপৰ বীৰ নৃপতি পৃথুৱে অসমীয়া জাতি কিমান দুর্দান্ত তাৰ নিদর্শন দাঙি ধৰি গৈছে আৰু অসম আন্দোলনৰ শ্বহীদসকলে নিদর্শন দাঙি ধৰিছিল অসমীয়া জাতি কিমান সাহসী৷

মন কৰিবলগীয়া যে গৰুখুঁটি বহুমুখী কৃষি প্রকল্পৰ চতুর্থ বর্ষপূর্তি উপলক্ষে উপস্থিত হোৱা মুখ্যমন্ত্রী ড০ শর্মাই কালি লোকনির্মাণ বিভাগে এই প্রকল্পটোৰ মাজেৰে নির্মাণ কৰা দলং এখনো উদ্বোধন কৰে৷ এই উপলক্ষে প্রদান কৰা ভাষণত ড০ শর্মাই মুখ্যমন্ত্রী হিচাপে দায়িত্বভাৰ গ্রহণ কৰাৰ পাছতে ২০২১ চনৰ ৭ জুনত গৰুখুঁটি অঞ্চল পৰিদর্শন কৰাৰ কথা স্মৰণ কৰি কয় যে এই পৰিদর্শনৰ পাছতে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত অঞ্চলটোত বেদখলকাৰীক উচ্ছেদৰ লগতে এটা বহুমুখী কৃষি প্রকল্প আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ ১৯৮৩ চনত গৰুখুঁটি বেদখলমুক্তকৰণৰ এক প্রচেষ্টাত দৰং–ছিপাঝাৰ অঞ্চলত ২৩জনকৈ যুৱকৰ হোৱা প্রাণহানিৰ কথা উল্লেখ কৰি তেওঁ কয় যে অঞ্চলবাসীয়ে এক দীঘলীয়া সময়জুৰি গৰুখুঁটি অঞ্চলটো বেদখলমুক্ত হোৱাৰ সপোন কঢ়িয়াই ফুৰিছিল৷ বর্তমানৰ ৰাজ্য চৰকাৰৰ কার্যকালত গৰুখুঁটি অঞ্চলটো সফলভাৱে বেদখলমুক্ত হোৱা কার্যই চৰকাৰক এক সাহস প্রদান কৰিছিল আৰু ফলত ৰাজ্যৰ বিভিন্ন স্থানত এই ধৰণে বেদখলীকৃত ভূমি মুক্ত কৰাৰ অর্থে সাহসী পদক্ষেপ ল’বলৈ সক্ষম হৈছিল৷ গৰুখুঁটিৰ পাছত বৰছলা, লামডিং, বুঢ়াপাহাৰ, পভা, বটদ্রৱা, চাপৰ, পাইকান আদি অঞ্চলত ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এনেধৰণৰ উচ্ছেদ অভিযানৰ জৰিয়তে ৰাজ্য চৰকাৰে ১ লাখ ২৯ হাজাৰ বিঘা মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ সমর্থ হৈছে আৰু এই ভূমি বিভিন্ন কামত ব্যৱহাৰ কৰা হৈছে৷ ওৰাঙৰ বেদখলমুক্ত ভূমিলৈ এশিঙীয়া গঁড, বাঘ, লামডিঙৰ বনাঞ্চললৈ বন্যহস্তী আদি উভতি আহিছে৷ তেনেদৰে বৰছলাত সৌৰশক্তি প্রকল্প নির্মাণ কৰি থকা হৈছে৷ বুঢ়াপাহাৰ অঞ্চলত কৰা উচ্ছেদে হাতী আৰু বাঘৰ বাবে নতুন বিচৰণস্থলী সৃষ্টি কৰিছে৷ এসময়ত শাল আৰু চেগুন গছেৰে পূর্ণ হৈ থকা পাইকান অঞ্চলো বেদখলমুক্ত হোৱাৰ পাছত আকৌ এবাৰ গছ–বনেৰে ভৰি পৰিবলৈ আৰম্ভ কৰিব৷

মুখ্যমন্ত্রী ড০ শর্মাই কয়– কোনোবাই যদি ভাবিছে যে এটা বা দুটা উচ্ছেদত আমি থমকি ৰ’ম, কাৰোবাৰ ৰঙা চকুক আমি ভয় কৰিম আৰু কাৰোবাৰ ওচৰত আমি শিৰনত কৰিম, তেতিয়া তেওঁলোকক আজি এই ধলপুৰ শিৱমন্দিৰ–গৰুখুঁটি প্রকল্প ভূমিৰ পৰাই মই ক’ব বিচাৰিছোঁ- অসম আন্দোলনৰ ৯০০গৰাকী শ্বহীদৰ মৃত্যুৰ হিচাপ নোহোৱালৈকে আমি শান্ত নহওঁ৷ আমি আমাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে আমি আমাৰ কাম কৰি যাম আৰু লক্ষ্যত উপনীত হ’ম৷

আনহাতে, গৰুখুঁটি প্রকল্পক লৈ কংগ্রেছে কৰা বিতর্ক সন্দর্ভত তেওঁ কয়– গৰুখুঁটি যাতে বিতর্কিত হয়, অসমীয়া মানুহখিনি ইয়াৰ পৰা যাতে আঁতৰি যায় আৰু পুনৰ বাংলাদেশীসকলে আহি স্থান লয়, সেয়াই কংগ্রেছৰ উদ্দেশ্য৷ ইয়াত বিতর্ক এটাই যে কংগ্রেছক ভোট দিয়া মানুহখিনিক আমি আঁতৰাই পঠাইছোঁ৷ তাৰ বাদে ইয়াত বিতর্ক হ’ব লগা কি আছে? ছিপাঝাৰক আজি আমি খিলঞ্জীয়া সমষ্টি ৰূপে স্থাপন কৰিলোঁ৷ আমি সংকল্প লৈছোঁ প্রতিটুকুৰা অসমৰ ভূমি বাংলাদেশীৰ পৰা মুক্ত কৰিম৷ এখন স্বাভিমানেৰে পৰিপূর্ণ আত্মনির্ভৰশীল অসম নির্মাণ কৰিম৷ আজি অসমত ২৯ লাখ বিঘা মাটি অবৈধ দখলকাৰী, সন্দেহযুক্ত বাংলাদেশীয়ে দখল কৰি ৰাখিছে৷ আমাৰ লক্ষ্য এতিয়া বহু দূৰত৷ আমি মাত্র অকণমান মাটিহে উদ্ধাৰ কৰিব পাৰিছোঁ৷ কিন্তু মই নিশ্চিতভাৱে ক’ব পাৰোঁ- অসম আন্দোলনৰ শ্বহীদসকলৰ যি কাম আধৰুৱা হৈ আছিল, সেই জাতি–জীৱনলৈ আমি নতুন প্রাণ–নতুন জীৱন আনিবলৈ সক্ষম হৈছোঁ৷ এটা সময় আছিল শংকৰ আৰু মাধৱৰ পৰিৱর্তে আমি শংকৰ–আজানৰ কথা ক’বলৈ ল’লোঁ৷ শংকৰ–আজানৰ নহয়, অসম শংকৰ–মাধৱৰ দেশ৷ আজানপীৰ নিজৰ জেগাত থাকিব আৰু শংকৰ–মাধৱ নিজৰ স্থানত থাকিব৷ তেতিয়াহে আমাৰ জাতিটোক আমি জীয়াই ৰাখিব পাৰিম৷

You might also like