ট্রাম্পে বলপূর্বক মোৰ দেহৰ বিভিন্ন অংগ স্পর্শ কৰিছিল
🔹 এপষ্টেইনৰ প্রাক্তন প্রেমিকাৰ বিস্ফোৰক অভিযোগ
নিউজ ডেস্ক, ২২ জুলাই : আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰক অভিযোগ আনিছে জেফ্রী এপষ্টেইনৰ প্রাক্তন প্রেমিকাই৷ এপষ্টেইনৰ প্রাক্তন প্রেমিকা ষ্টেচী উইলিয়ামছে দাবী কৰা মতে, ১৯৯৩ চনত ট্রাম্প টাৱাৰলৈ তেওঁ গৈছিল৷ লগত আছিল তেওঁৰ প্রেমিক এপষ্টেইন৷ তাতেই ট্রাম্পে তেওঁক বলপূর্বকভাৱে সাবটি ধৰি দেহৰ বিভিন্ন অংগত স্পর্শ কৰিছিল৷ সেই সময়ত ট্রাম্পৰ সৈতে এপষ্টেইনৰ ঘনিষ্ঠ সম্পর্ক আছিল অর্থাৎ বন্ধু আছিল৷
উল্লেখ্য যে ড’নাল্ড ট্রাম্পৰ বন্ধুৰ পৰা ঘোৰ শত্রুত ৰূপান্তৰিত হোৱা ধনকুবেৰ এলন মাস্কে এপষ্টেইনৰ ডায়েৰীত ট্রাম্পৰ কেলেংকাৰি লিপিবদ্ধ হৈ থকা বুলি গুৰুতৰ অভিযোগ আনিছে৷ এনে সময়তে এপষ্টেইনৰ প্রাক্তন প্রেমিকাই ট্রাম্পৰ বিৰুদ্ধে অনা বিস্ফোৰক অভিযোগে আমেৰিকাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
মন কৰিবলগীয়া যে নাবালিকাক যৌন নির্যাতন, চেলিব্রেটিক নাবালিকা যোগান ধৰাকে ধৰি বিভিন্ন যৌন কেলেংকাৰিত জড়িত এপষ্টেইনৰ ২০১৯ চনত মৃত্যু হৈছিল৷ কাৰাগাৰৰ ভিতৰতে চৰম পথ বাছি লৈছিল এপষ্টেইনে৷ এপষ্টেইনৰ স্বীকাৰোক্তিত আমেৰিকাৰ লগতে বিশ্বৰ বিভিন্ন ব্যক্তিৰ কেলেংকাৰিৰ তথ্য সন্নিৱিষ্ট হৈ আছে৷ এপষ্টেইনৰ সৈতে ট্রাম্পৰ বন্ধুত্ব আছিল বুলি চর্চিত হৈ আছে যদিও এইক্ষেত্রত ট্রাম্পে বাৰম্বাৰ এপষ্টেইনৰ সৈতে সম্পর্ক নাই বুলি দাবী কৰি আহিছে৷