নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমিছনৰ অংকত দুই শীর্ষ বিষয়াই বিলত চহী কৰিবলৈ হেঁচা দিছিল যোষিতাক

🔹 বঙাইগাঁৱত অভিযন্তাৰ চৰম সিদ্ধান্তই  জোকাৰিছে সমগ্র ৰাজ্য

বিশেষ বার্তা, ২৪ জুলাই : বঙাইগাঁৱৰ ভাৰাঘৰত লোকনির্মাণ বিভাগ (গৃহ)ৰ সহকাৰী অভিযন্তা যোষিতা দাসে চৰম পথ বাছি লোৱা ঘটনাই সমগ্র ৰাজ্য জোকাৰি গৈছে৷ বিশেষকৈ শীর্ষ বিষয়াৰ পৰা কর্মস্থানত লাভ কৰা অত্যধিক হেঁচাৰ বাবেই যোষিতাই চৰম পথ বাছি লোৱাৰ পাছতে কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ বিশেষকৈ কিছুদিন পূর্বে বঙাইগাঁও জিলাৰ পৰা বদলি হোৱা তদানীন্তন কার্যবাহী অভিযন্তা দীনেশ শর্মা মেধি আৰু এছডিঅ’ আমিনুল ইছলামক জগৰীয়া কৰি যোষিতাই টোকা লিখি থৈ গৈছে৷

উত্থাপিত অভিযোগ অনুসৰি বদলিৰ পাছতে ঠিকাদাৰৰ পৰা কমিছন লাভ কৰাটো নিশ্চিত কৰাৰ বাবেই দীনেশ শর্মা মেধি আৰু আমিনুল ইছলামে কাম সম্পূর্ণ নোহোৱাকৈ বিলত চহী কৰিবলৈ যোষিতাক তীব্র হেঁচা প্রদান কৰিছিল৷ আনকি যোষিতাৰ মাতৃয়েও সংবাদ মাধ্যমৰ সন্মুখত এই অভিযোগ উত্থাপন কৰিছে৷ যোষিতাৰ মাতৃয়ে প্রকাশ কৰা অনুসৰি, চৰম পথ বাছি লোৱা অভিযন্তাগৰাকীয়ে প্রায়ে কামৰ ক্ষেত্রত লাভ কৰা হেঁচাৰ কথা তেওঁৰ আগত প্রকাশ কৰিছিল৷ যোষিতাৰ মাতৃয়ে কয়– নির্মাণকার্যৰ ১২ এমএম ৰডৰ ঠাইত ১০ এমএম ৰড লগাইছিল৷ এই কথা যোষিতাই কাম কৰি থকা মিস্ত্রীসকলকো কৈছিল৷ আর্হি অনুসৰি কিয় নির্মাণ কৰা হোৱা নাই ষ্টেডিয়ামখন? তেতিয়া মিস্ত্রীয়ে কৈছিল যে ছাৰহঁতৰ লগত সকলো কথা হৈ গৈছে৷ প্রকৃতার্থত তেওঁলোকৰ ভাগৰ পইচা নোপোৱাৰ বাবেই যোষিতাক তীব্র হেঁচা দিছিল৷ কাম শেষ নকৰাকৈ কেৱল বিল আদায় দিব লাগে৷ যোষিতাই কৈছিল– কাম নোহোৱাকৈ মই কেনেকৈ এষ্টিমেট বনাই দিম? যোষিতাই কামৰ হেঁচাত শোৱা–খোৱা পর্যন্ত বাদ দিবলগীয়া হৈছিল৷

উল্লেখ্য যে ২০২৩ চনৰ ১১ ডিচেম্বৰত যোষিতাই অভিযন্তা হিচাপে বিভাগটোত যোগদান কৰিছিল৷ প্রথমে বজালীত তেওঁ কর্মৰত হৈ আছিল যদিও ৬–৭ মাহমানৰ পূর্বে অভিযন্তাগৰাকীক বঙাইগাঁৱলৈ বদলি কৰা হৈছিল৷ বঙাইগাঁৱত নাবার্ডৰ ইনফ্রাষ্ট্রাকচাৰ ডেভেলপমেণ্ট এছিষ্টেটৰ জৰিয়তে এনআইডিএৰ অধীনত বর্ষণ গাঁৱত ষ্টেডিয়াম নির্মাণ কৰা হৈছিল৷ যাৰ ব্যয় ১২ কোটি টকা ধার্য কৰা হৈছিল৷ পূর্বে এই ষ্টেডিয়ামৰ নির্মাণৰ কাম তদাৰক কৰিছিল ক্রমে আমিনুল ইছলাম আৰু দীনেশ শর্মা মেধিয়ে৷ অৱশ্যে কিছুদিন পূর্বে দুয়োকে জিলাখনৰ পৰা বদলি কৰা হৈছিল৷ আমিনুল ইছলামক লোকনির্মাণ বিভাগৰ মুখ্য কার্যালয়লৈ আৰু দীনেশ শর্মা মেধিক নলবাৰীৰ ৰাষ্ট্রীয় ঘাইপথলৈ বদলি কৰা হৈছিল৷ অৱশ্যে বদলি কৰাৰ পাছতো তেওঁলোকে সেই স্থান ত্যাগ কৰিব বিচৰা নাছিল৷ কাৰণ তেতিয়াও মিনি ষ্টেডিয়ামৰ কাম সম্পূর্ণ হোৱা নাছিল আৰু বিল ঠিকাদাৰে লাভ কৰা নাছিল৷ সেই সময়তে জিলাখনলৈ বদলি হৈ অহা যোষিতাই ষ্টেডিয়ামখনৰ নির্মাণৰ কাম পৰিদর্শন কৰি যথেষ্ট আসোঁৱাহ আৰু অনিয়ম দেখি হতভম্ব হৈ পৰিছিল৷ যাৰ পৰিপ্রেক্ষিতত তেওঁ ৬৬ শতাংশ কাম সম্পূর্ণ হোৱা ষ্টেডিয়ামখনৰ নামত বিল আদায় দিবলৈ বিবুধিত পৰিছিল৷ চৰম পথ লোৱাৰ পূৰ্বে লিখা টোকাত যোষিতাই সেই কথা স্পষ্টভাৱে লিখি থৈ গৈছে৷ টোকাত তেওঁ লিখিছে যে তেওঁক দিয়া প্রাককলনত গুৰুতৰ বিসংগতি আৰু নিয়ম ভংগ কৰা হৈছিল৷ আনকি ঠিকাদাৰৰ ফালৰ পৰা নির্মাণ স্থানত কোনোধৰণৰ অভিযন্তা নিয়োগ কৰা হোৱা নাছিল বুলিও তেওঁ উল্লেখ কৰিছিল৷ যাৰ পৰিপ্রেক্ষিতত নির্মাণকার্যত শ্রমিকক নির্দেশ দিয়াৰ পৰা সকলো কাম যোষিতাই অকলেই কৰিব লগা হৈছিল৷

উল্লেখ্য যে পৰহি তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে বঙাইগাঁও আৰক্ষীয়ে দীনেশ শর্মা মেধি আৰু আমিনুল ইছলামক নলবাৰীৰ পৰা গ্রেপ্তাৰ কৰে৷ কালি বঙাইগাঁও সদৰ থানাত দুয়োজন বিষয়াক জেৰা চলোৱা হয়৷ জিলাখনৰ আৰক্ষী অধীক্ষক মোহনলাল মিনাই নিজে থানাত উপস্থিত হৈ দীনেশ শর্মা মেধি আৰু আমিনুল ইছলামক জেৰা কৰে৷ জেৰাৰ অন্তত দুয়োকে কালি বঙাইগাঁও আদালতত হাজিৰ কৰোৱা হয় আৰু তেওঁলোকক আদালতে জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ ইফালে, কালি সমগ্র ঘটনা সন্দর্ভত বঙাইগাঁৱৰ কার্যবাহী অভিযন্তা পংকজ কুমাৰ ৰায়ে প্রতিক্রিয়া প্রকাশ কৰিছে৷ দীনেশ শর্মা মেধিৰ স্থানত নতুনকৈ যোগদান কৰা পংকজ কুমাৰ ৰায়ে অৱশ্যে যোষিতাই উত্থাপন কৰা অভিযোগসমূহ নস্যাৎ কৰি বিভাগীয় কাম-কাজত দুর্নীতি হোৱা নাই বুলি উল্লেখ কৰে৷ ৰায়ে এই সন্দর্ভত কয়– এতিয়া বিষয়টো তদন্তৰ আওতাত আছে৷ এতিয়াই একো ক’ব নোৱাৰি৷ তদন্ত শেষ হ’লে আমি বিষয়টো জনাম৷ তেওঁলোকে বদলিৰ পিছত ইয়াত কাম কৰি থকাৰ কোনো তথ্য আমাৰ ওচৰত নাই৷ দীনেশ শর্মা মেধি আৰু আমিনুল ইছলামে হেঁচা দিয়া সন্দর্ভতো মোৰ ওচৰত কোনো তথ্য নাই৷ যোষিতাৰ পৰিয়ালৰ মন্তব্যৰ ওপৰত মই একো ক’ব নোৱাৰিম৷ তদন্তৰ পিছতহে ক’ব পাৰিম৷ ষ্টেডিয়ামৰ কাম–কাজ যোষিতাই চাই আছিল৷ তেওঁ ভাল অভিযন্তা আছিল আৰু কামসমূহ নিয়াৰিকৈ চাইছিল৷ প্রাককলনত চহী কৰিবলৈ হেঁচা দিয়া সন্দর্ভত আমি জ্ঞাত নহয়৷ এই ঘটনাটো অনাকাংক্ষিত৷ লোকনির্মাণৰ কাম নিয়ম মতে কৰা হয় আৰু ইয়াত কোনো দুর্নীতি হোৱা নাই৷ টোকাত কি লিখিছে মই ক’ব নাযাওঁ৷ যোষিতাই কোৱাৰ নিচিনাকৈ মই কামত কোনো আসোঁৱাহ পোৱা নাই৷

আনহাতে, পৰহি যোষিতাৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি গুৱাহাটীৰ শিলপুখুৰীৰ পৰিয়ালক হস্তান্তৰ কৰা হয়৷ কালি এক শোকাকুল পৰিৱেশৰ মাজেৰে যোষিতাৰ অন্ত্যেষ্টিক্রিয়া নৱগ্রহত সম্পন্ন কৰা হয়৷ অৱশ্যে তেওঁৰ মৃত্যুৰ পাছতে সমগ্র ঘটনাই এক নতুন মোৰ লোৱাৰ দিশে গতি কৰিছে৷ নিম্নমানৰ সা–সামগ্রীৰে ষ্টেডিয়ামখন ঠিকাদাৰে নির্মাণ কৰা বুলি উত্থাপিত অভিযোগৰ সত্যাসত্যতা তদন্তৰ অন্তত পোহৰলৈ আহিব৷ চৰম পথ লোৱাৰ পূৰ্বে লিখা টোকাত যোষিতাই উল্লেখ কৰা ধৰণে ডিপিআৰ মতে ষ্টেডিয়ামখনৰ নির্মাণৰ কাম আগবাঢ়িছিল নে নাই, সেয়াও তদন্তৰ প্রতিবেদনত স্পষ্ট হ’ব৷

You might also like