ভাৰতৰ নহয়, আমেৰিকাৰ পৰা অধিক নিযুক্তিত গুৰুত্ব দিয়ক
🔹 গুগল–মাইক্র’ছফ্টক সকীয়ালে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে
নিউজ ডেস্ক, ২৫ জুলাই : আমেৰিকা যুক্তৰাষ্ট্রক পুনৰ মহান দেশ হিচাপে গঢ়ি তোলাৰ বাবে ইটোৰ পিছত সিটো কঠোৰ নির্দেশ দি আছে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ ভাৰতৰ পৰা নিযুক্তি দিয়াতকৈ আমেৰিকাৰ পৰা অধিক নিযুক্তি দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্রপতি ট্রাম্পে গুগল আৰু মাইক্র’ছফ্টক সতর্কবাণী দিছে৷ ইয়াৰ পূর্বে দেশখনৰ বিভিন্ন প্রখ্যাত কোম্পানীক দেশৰ বাহিৰত নির্মাণ কাৰখানা স্থাপনৰ ক্ষেত্রত বাধা আৰোপেৰে কঠোৰ নির্দেশ দি বিতর্কৰ মাজত সাঙোৰ খাই পৰিছিল ৰাষ্ট্রপতি ট্রাম্প৷
মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে গুগল আৰু মাইক্র’ছফ্টক ভাৰতৰ পৰা কর্মচাৰী নিযুক্তি দিয়াৰ পৰিৱর্তে আমেৰিকাৰ পৰা কর্মচাৰী নিযুক্তিৰ প্রতি সতর্ক বার্তা প্রেৰণ কৰিছে৷ ৰাষ্ট্রপতিগৰাকীৰ এই নির্দেশে এই কথা প্রমাণিত কৰিছে নেকি যে গুগল আৰু মাইক্র’ছফ্টে ভাৰতৰ পৰা নিযুক্তি বন্ধ কৰিব লাগে৷ আইটি কোম্পানীসমূহলৈ ৰাষ্ট্রপতি ট্রাম্পৰ এনেধৰণৰ সতর্ক বার্তাই পৰৱর্তী সময়ত কোম্পানীসমূহৰ বাণিজ্যৰ ওপৰত নেতিবাচক প্রভাৱ পেলাব নেকি, তাক লৈও চর্চা হৈছে৷
আইফোন কোম্পানীৰ মুৰব্বীক ভাৰতৰ পৰিৱর্তে আমেৰিকাতে আইফোন নির্মাণৰ ওপৰত গুৰুত্ব দিবলৈ সতর্ক বার্তা প্রেৰণ কৰি ৰাষ্ট্রপতি ট্রাম্পে ইতিমধ্যে চর্চাৰ মাজত আছে৷ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক ঘনিষ্ঠ বন্ধু বুলি আখ্যা দিয়া ৰাষ্ট্রপতি ট্রাম্পে ভাৰতৰ নিযুক্তিৰ ক্ষেত্রত গ্রহণ কৰিবলগীয়া পদক্ষেপে দুয়োখন দেশৰ মাজৰ সম্পর্কৰ ওপৰতো প্রশ্ণ উত্থাপিত কৰিছে৷ বিশ্বায়নৰ বাবেই আমেৰিকাৰ স্থানীয় লোকৰ নিযুক্তিত প্রভাৱ পৰা বুলিও কয় ৰাষ্ট্রপতিগৰাকীয়ে৷