নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা হিন্দু মন্দিৰ আৰু দুখন বৌদ্ধ ৰাষ্ট্রৰ যুদ্ধ

হিন্দুপ্রধান ৰাষ্ট্র ভাৰতৰ বাবে কথাটো কিছু অদ্ভুতেই৷ এটা হিন্দু মন্দিৰৰ বাবে এখন তয়াময়া যুদ্ধত অৱতীর্ণ হৈছে দুখন দেশ৷ ডাঙৰ কথাটো হ’ল- এই দুয়োখন দেশেই বৌদ্ধ ধর্মাৱলম্বী দেশ৷ দক্ষিণ এছিয়াত অৱস্থিত এই দেশ দুখনৰ সংঘাতে স্বাভাৱিকতে অকস্মাতে উত্তপ্ত কৰি তুলিছে এছিয়াৰ পৰিস্থিতি৷ কেৱল এছিয়াই নহয়, এই মুহূর্তত বিশ্বৰে দৃষ্টি নিবদ্ধ হোৱা মন্দিৰটো হ’ল প্রিয়া বিহাৰ শিৱ মন্দিৰ৷ এই শিৱ মন্দিৰটোৰ মালিকীস্বত্বক লৈয়ে শেহতীয়াকৈ এখন ভয়ানক যুদ্ধত অৱতীর্ণ হৈছে দুই প্রতিৱেশী ৰাষ্ট্র থাইলেণ্ড আৰু কম্বোডিয়া৷ কার্যতঃ যোৱা শতিকাৰ পৰাই মন্দিৰটোক লৈ দেশ দুখনৰ মাজত ছেগা–চোৰোকাকৈ সংঘাতৰ সৃষ্টি হৈ আহিছিল যদিও ২০০৮ৰ পৰা এই সংঘাতে তীব্রতৰ ৰূপ লৈছিল৷ কম্বোডিয়াৰ ডেংগ্রিক পর্বতমালাৰ পয় টাডি শৃংগৰ মূধচত অৱস্থিত প্রিয়া বিহাৰ শিৱ মন্দিৰটো ৰজা য়াছো বার্মাই নৱম শতিকাত নির্মাণ কৰিছিল৷ প্রায় তিনিশ বছৰ ধৰি বিভিন্ন ৰজাই পর্যায়ক্রমে এই মন্দিৰৰ নির্মাণ কৰাৰ পিছত ১২০০ শতিকাত সূর্য বার্মা দ্বিতীয়ই ইয়াৰ নির্মাণ সম্পূর্ণ কৰিছিল৷ সাগৰপৃষ্ঠৰ পৰা প্রায় ১,৭২২ ফুট উচ্চতাত অৱস্থিত এই মন্দিৰটোৱে প্রায় ১৫৪ একৰ ভূমি আগুৰি আছে৷ অতীজৰে পৰা হিন্দু ধর্মাৱলম্বী বিশেষকৈ শিৱভক্তসকলৰ বাবে এই মন্দিৰ জগত বিখ্যাত৷ যদিও মন্দিৰটো কম্বোডিয়াত অৱস্থিত এই মন্দিৰলৈ যোৱা মূল পথটো থাইলেণ্ডৰ মাজেৰে গৈছে৷ মন্দিৰটোৰ মালিকীস্বত্বক লৈ পঞ্চাশৰ দশকৰ পৰাই দুয়োখন ৰাষ্ট্রৰ মাজত সংঘাতৰ সৃষ্টি হৈ আহিছিল যদিও ১৯৬২ চনত এই সংঘাতে গুৰুতৰ ৰূপ ধাৰণ কৰিছিল৷ সেই বছৰে আন্তর্জাতিক ন্যায়িক আদালতে মন্দিৰটো কম্বোডিয়াৰ বুলি ৰায় দিয়ে৷ এই ৰায় প্রদানৰ পিছত সাময়িকভাৱে দুয়োখন দেশৰ মাজত সংঘাত কিছু শাম কাটে৷ কিন্তু ২০০৮ চনত ইউনেস্ক’ই এই মন্দিৰটো বিশ্ব ঐতিহ্যক্ষেত্র বুলি স্বীকৃতি দিয়াৰ পিছত কম্বোডিয়া আৰু থাইলেণ্ডৰ মাজত সংঘাতে পুনৰ উক দি উঠে৷ তেতিয়াও আন্তর্জাতিক ন্যায়িক আদালতে পুনৰ কম্বোডিয়াৰ সপক্ষে ৰায় দিয়ে৷ উল্লেখনীয় যে এটা হিন্দু মন্দিৰৰ কাৰণে প্রত্যক্ষ যুদ্ধত অৱতীর্ণ হোৱা থাইলেণ্ডৰ ৯০ শতাংশ লোকেই বৌদ্ধ ধর্মাৱলম্বী হোৱাৰ বিপৰীতে কম্বোডিয়াৰ ৯৭ শতাংশ লোক বৌদ্ধ ধর্মাৱলম্বী৷
অভিযোগ মতে, ২০০৮ চনৰ পৰা ২০১৩ চনলৈ সময়ে সময়ে অপ্রৰোচিতভাৱে থাইলেণ্ডে এই মন্দিৰটোৰ দখলীক লৈ সংঘাতৰ সৃষ্টি কৰি আহিছে আৰু কম্বোডিয়া সীমান্তলৈ সৈনিক প্রেৰণ কৰিছে৷ এনে সৈন্য প্রেৰণৰ ফলশ্রুতিতে এই সপ্তাহৰ আগভাগৰ পৰা সীমান্তত দুয়োখন দেশৰ সৈন্য বাহিনীৰ মাজত গুলীয়াগুলীৰ ঘটনা চলি আহিছে৷ বুধবাৰেও একেদৰে এক গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছিল আৰু সেই গুলীচালনাৰ ঘটনাত থাইলেণ্ডৰ দুজন নিৰীহ নাগৰিক মৃত্যুমুখত পৰে৷ এই নাগৰিক দুজন নিহত হোৱাৰ পিছতে পৰিস্থিতি বিস্ফোৰক হৈ পৰে৷ প্রতিশোধৰ অগনিত দগ্ধ থাইলেণ্ডে বৃহস্পতিবাৰে চুবুৰীয়া কম্বোডিয়াৰ বিৰুদ্ধে পূর্ণ পর্যায়ৰ যুদ্ধ ঘোষণা কৰে আৰু এফ–১৬ যুদ্ধ বিমানেৰে দেশখনৰ সামৰিক ঘাটিত ভয়াৱহ আক্রমণ চলায়৷ প্রত্যুত্তৰত কম্বোডিয়ায়ো থাইলেণ্ডৰ থানম দংৱাক হাস্পতালৰ ওপৰত বিমানৰে আক্রমণ কৰে৷ এই আক্রমণত থাইলেণ্ডৰ ১১জন নাগৰিক নিহত হোৱাৰ লগতে আন বহু লোক আহত হৈছে৷ এই আক্রমণ–প্রত্যাক্রমণ চলি আছে আৰু অদূৰ ভৱিষ্যতে সেয়া অধিক ভয়াৱহ ৰূপ লোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ সামৰিক বিশেষজ্ঞসকলৰ মতে, ইতিমধ্যে যথেষ্ট স্পর্শকাতৰ হৈ থকা এছিয়াৰ পৰিস্থিতি আৰু অধিক সংশয়পূর্ণ তথা উত্তেজনাপূর্ণ হৈ পৰিব৷ চীন–টাইৱান সংঘাত, ভাৰত–পাকিস্তান যুদ্ধ, ইজৰাইল–পেলেষ্টাইন যুদ্ধ আৰু ইৰান–আমেৰিকাৰ যুদ্ধই ইতিমধ্যে বিধ্বস্ত কৰা এছিয়াৰ সামগ্রিক পৰিস্থিতি শেহতীয়া থাইলেণ্ড–কম্বোডিয়াৰ যুদ্ধই অধিক শোচনীয় কৰি তুলিব৷ দুয়োখন যুদ্ধকাতৰ দেশৰ পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ বাবে ইতিমধ্যে বিশ্ব সম্প্রদায়ে সকীয়নি প্রদান কৰিছে আৰু দেশ দুখনক যুদ্ধৰ পৰা আঁতৰাই ৰখাৰ বাবে পদক্ষেপ লৈছে৷ কিন্তু এটা হিন্দু মন্দিৰৰ বাবে সন্মুখ সমৰত নামি পৰা থাইলেণ্ড আৰু কম্বোডিয়াক এনে সকীয়নিয়ে যুদ্ধৰ পৰা আঁতৰাই অনাৰ সম্ভাৱনা নিচেই কম৷ যিহেতু সহস্রাধিক বছৰ প্রাচীন এই মন্দিৰক লৈ দেশ দুখনে যুদ্ধত অৱতীর্ণ হোৱাৰ ইতিহাসো প্রায় শতিকাপ্রাচীন৷

You might also like