আন্তঃৰাষ্ট্ৰীয় কূটনীতি-ৰ দৃঢ় পদক্ষেপ: মালদ্বীপলৈ মোদীৰ আৰ্থিক সহায় ঘোষণা
২০২৩ চনত মোহামেড মুইজ্জুৱে ৰাষ্ট্ৰপতি পদ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ এয়া হৈছে প্ৰথম মালদ্বীপ ভ্ৰমণ। চীনৰ বাঢ়ি অহা প্ৰভাৱৰ মাজত দুয়ো দেশৰ সম্পৰ্কত হোৱা ঠাণ্ডা বাতাবৰণৰ পাছত ই ভ্ৰমণখনক কৌশলগত দৃষ্টিত গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে।
মোদীৰ আন্তঃৰাষ্ট্ৰীয় কূটনীতি : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যিক ভ্ৰমণত মালদ্বীপলৈ ৪,৮৫০ কোটি (৫৬৫ মিলিয়ন ডলাৰ) ক্ৰেডিট লাইন ঘোষণা কৰিছে, যাৰ উদ্দেশ্য হৈছে ঋণl জৰ্জৰিত আৰু অৰ্থনৈতিকভাৱে সংকটগ্ৰস্ত মালদ্বীপৰ উন্নয়ন সহায় কৰা।
এই হাই-প্ৰফাইল ভ্ৰমণৰ সময়ত ভাৰত আৰু মালদ্বীপে মুক্ত বাণিজ্য চুক্তিৰ আলোচনা আৰম্ভ কৰিছে।
২০২৩ চনত মোহামেড মুইজ্জুৱে ৰাষ্ট্ৰপতি পদ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ এয়া হৈছে প্ৰথম মালদ্বীপ ভ্ৰমণ। চীনৰ বাঢ়ি অহা প্ৰভাৱৰ মাজত দুয়ো দেশৰ সম্পৰ্কত হোৱা ঠাণ্ডা বাতাবৰণৰ পাছত ই ভ্ৰমণখনক কৌশলগত দৃষ্টিত গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে।
কিয় মালদ্বীপলৈ ৪,৮৫০ কোটি ক্ৰেডিট লাইন ঘোষণা ভাৰতৰ?
ভাৰতৰ এই ক্ৰেডিট লাইনটো মালদ্বীপত বিভিন্ন গঠনমূলক (infrastructure) পৰিয়ালৰ উন্নয়ন প্রকল্পত ব্যৱহাৰ হ’ব বুলি জনোৱা হৈছে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “এই টকাৰ ব্যৱহাৰ মালদ্বীপবাসীৰ প্ৰাথম্যৰ ভিত্তিত পৰিকাঠামো উন্নয়ন প্রকল্পত হ’ব।” লগতে তেওঁ কয় যে দুয়ো দেশৰ মাজত শীঘ্ৰেই এখন দ্বিপাক্ষিক বিনিয়োগ চুক্তি সম্পন্ন কৰা হ’ব।
মালদ্বীপৰ ৰাষ্ট্ৰপতি মোহামেড মুইজ্জুৱে এক যৌথ বিবৃতিত কয়, “আমি ভাৰতৰ সৈতে উচ্চস্তৰীয় ভ্ৰমণ আৰু আলোচনাৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত সহযোগিতা বঢ়াবলৈ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ।”
দুয়ো দেশৰ প্ৰধান ভৱিষ্যত সহযোগিতাৰ ক্ষেত্ৰ হবঃ পৰ্যটন, স্বাস্থ্যসেৱা আৰু গৃহ-নিৰ্মাণ।
মালদ্বীপৰ ডিফেন্স বৃদ্ধিত সহায় হ’ব ভাৰত
২০২৫ চনৰ ফেব্ৰুৱাৰীত ভাৰতৰ কেন্দ্ৰীয় বাজেটত মালদ্বীপলৈ আৰ্থিক অনুদান ১২০ কোটি বৃদ্ধি কৰি মুঠ অনুদানটো ৬০০ কোটি কৰা হয়, যি ২০২৪ চনত ৪০০ কোটি আছিল।
প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে, “মালদ্বীপৰ ৰক্ষা সামৰ্থ্য (defence capabilities) বঢ়াবলৈ ভাৰত সদায় সহায় আগবঢ়াব।”
এই ঘোষণা বিশেষ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে কিয়নো মুইজ্জুৰ চৰকাৰে “India First” নীতিৰ অৱসান ঘটাই চীনৰ সৈতে সম্পৰ্ক গঢ়াৰ কথা ঘোষণা কৰিছিল।
যদিও একেটা সময়ত কূটনৈতিক দূৰত্ব সৃষ্টি হৈছিল, তথাপিও ভাৰতে মালদ্বীপৰ পৰ্যটন ক্ষেত্ৰৰ পতনৰ পাছত সৃষ্ট আৰ্থিক সংকটত বহুসময়তে আগবাঢ়ি সহায় আগবঢ়াইছে।
মালদ্বীপত প্ৰধানমন্ত্ৰী মোদীক ভৱ্য সম্বর্ধনা
মোদী মালদ্বীপৰ মালেত উপস্থিত হোৱাত ৰাষ্ট্ৰপতি মুইজ্জু আৰু মন্ত্রীসভাৰ জ্যেষ্ঠ সদস্যই তেওঁক উষ্ম আদৰণি জনায়। ৰিপাব্লিক স্কোৱাৰত তেওঁক গাৰ্ড অৱ অনাৰ দিয়া হয়।
মোদীয়ে X (পূৰ্বৰ টুইটাৰ)ত লিখে, “ৰাষ্ট্ৰপতি মুইজ্জুৱে নিজে বিমানবন্দৰত আহি মোক আদৰিলে, ই দেখুৱায় আমাৰ বন্ধুত্বৰ গভীৰতা। ভৱিষ্যতত ভাৰত-মালদ্বীপ সম্পৰ্ক অধিক উন্নত হব বুলি মোৰ বিশ্বাস।”
এই ভ্ৰমণৰ সময়ত দুয়ো নেতা একেলগে দুয়ো দেশৰ পৰম্পৰাগত নাও (boat)-ৰ ওপৰত ভিত্তি কৰা স্মাৰক ডাক টিকট উন্মোচন কৰে। এই ডাকটিকটসমূহ দুয়ো দেশৰ সাংস্কৃতিক সম্পৰ্ক আৰু সাগৰীয় ঐতিহ্যৰ প্ৰতি এক সন্মান।
মোদীয়ে কয়, “বন্ধুত্ব সদায় প্ৰথম স্থানত। আমি কেৱল প্রতিবেশী নহয়, বন্ধু।”
Niyomiya Barta Desk, 26 July, 2025