টেষ্ট ক্রিকেট-ৰ ইতিহাসত সর্বাধিক ৰানৰ তালিকাৰ দ্বিতীয়ত ৰুট
ইংলেণ্ডৰ তাৰকা বেটাৰগৰাকীয়ে টীম ইণ্ডিয়াৰ প্রাক্তন তাৰকা বেটাৰ ৰাহুল দ্রাবিড়, দক্ষিণ আফ্রিকাৰ তাৰকা অলৰাউণ্ডাৰ জেক কালিছ আৰু অষ্ট্রেলিয়াৰ প্রাক্তন অধিনায়ক ৰিকী পণ্টিঙক অতিক্রম কৰি দ্বিতীয় স্থানটো দখল কৰে৷
টেষ্ট ক্রিকেট-ত ৰেকৰ্ড : ইংলেণ্ডৰ তাৰকা বেটাৰ জ’ ৰুটে চলিত মানচেষ্টাৰ টেষ্টত এক অনন্য কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হৈছে৷ টেষ্ট ক্রিকেটৰ ইতিহাসত সর্বাধিক ৰান কৰা বিশ্বৰ দ্বিতীয়গৰাকী বেটাৰ হিচাপে নজিৰ গঢ়িলে ৰুটে৷ ইংলেণ্ডৰ তাৰকা বেটাৰগৰাকীয়ে টীম ইণ্ডিয়াৰ প্রাক্তন তাৰকা বেটাৰ ৰাহুল দ্রাবিড়, দক্ষিণ আফ্রিকাৰ তাৰকা অলৰাউণ্ডাৰ জেক কালিছ আৰু অষ্ট্রেলিয়াৰ প্রাক্তন অধিনায়ক ৰিকী পণ্টিঙক অতিক্রম কৰি দ্বিতীয় স্থানটো দখল কৰে৷
মানচেষ্টাৰ টেষ্টৰ পূর্বে ১৩,২৫৯ ৰান কৰা ৰুটে টেষ্টখনৰ তৃতীয় দিনা ৩০ ৰান কৰাৰ লগে লগে ৰুটে টীম ইণ্ডিয়াৰ প্রাক্তন তাৰকা বেটাৰ ৰাহুল দ্রাবিড় (১৩২৮৮)ক অতিক্রম কৰে৷ ইয়াৰ পিছত ১ ৰান কৰি ৰুটে দক্ষিণ আফ্রিকাৰ প্রাক্তন তাৰকা অলৰাউণ্ডাৰ জেক কালিছ (১৩২৮৯) অতিক্রম কৰি তৃতীয় স্থানটো দখল কৰে৷
কিন্তু ইংৰাজ বেটাৰগৰাকীয়ে ইয়াতেই থমকি নৰ’ল৷ ১৭৯টা বলত শতক অর্জন কৰা ৰুটে ব্যক্তিগতভাৱে ১২০ ৰান কৰাৰ লগে লগে টেষ্ট ক্রিকেটৰ সর্বাধিক ৰান কৰা তালিকাৰ দ্বিতীয় স্থানত থকা অষ্ট্রেলিয়াৰ মহান বেটাৰ ৰিকী পণ্টিঙকো অতিক্রম কৰে৷ পণ্টিঙে ১৬৮খন টেষ্টত ১৩৩৭৮ ৰান সংগ্রহ কৰিছিল৷ ১৫৭খন টেষ্টত ৰুটে পণ্টিঙক অতিক্রম কৰে৷ সম্প্রতি ৰুটৰ আগত আছে ক্রিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ৷ ভাৰতীয় কিংবদন্তিগৰাকীয়ে ২০০খন টেষ্টত ১৫৯২১ ৰান কৰি টেষ্ট ক্রিকেটৰ ইতিহাসত সর্বাধিক ৰান কৰাৰ তালিকাত শীর্ষ স্থানটো অধিকাৰ কৰি আছে৷
Niyomiya Barta Desk, 26 July, 2025
নিয়মীয়া বাৰ্তাৰ ৱেৱছাইট ভিজিট কৰক – Click Here