সাংবাদিকতাৰ পৰা ছবি পৰিচালনালৈ : অতনু ভূঞা-ৰ নতুন ছবি খাকী
‘খাকী’ৰ প্ৰযোজনা নিয়ন্ত্ৰণ অনন্ত বড়াৰ। ছবিখনৰ দুটি গীতত কণ্ঠদান কৰিব জুবিন গাৰ্গ, জয় বৰুৱা আৰু অনুজা ভূঞাই
অতনু ভূঞা-ৰ ছবি খাকী : ABCDৰ বেনাৰত এখন নতুন অসমীয়া ছবি ‘খাকী’ নিৰ্মাণ কৰাৰ যো-জা চলিছে। এখন ৰাজনৈতিক থ্ৰীলাৰৰ লগতে এটা খুব সুন্দৰ কাহিনীসমৃদ্ধ ‘খাকী’ ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ।
এগৰাকী সাংবাদিক হোৱাৰ উপৰি অতনু ভূঞাৰ নাটকৰ সৈতে এক নিবিড় সম্পৰ্ক আছে। ‘উন্মাদৰ দেশ’, ‘ৰেলগাড়ী চলিছে’, ‘বেতাল কথা’, ‘হঠাৎ এনিশা’ আদি বহু জনপ্ৰিয় নাটকৰ নাট্যকাৰ তথা পৰিচালক অতনু ভূঞাই ইতিমধ্যে ‘মুখা’ নামৰ ব্যতিক্ৰমী ধাৰাবাহিকৰ কাহিনী আৰু চিত্ৰনাট্যও ৰচনা কৰিছিল।
এগৰাকী সু-অভিনেতা অতনু ভূঞাৰ পৰিকল্পনাৰে ‘খাকী’ নামৰ ছবিখনৰ জৰিয়তে সাম্প্ৰতিক ৰাজনৈতিক আৰু সামাজিক প্ৰেক্ষাপটৰ এক জ্বলন্ত ছবি দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে। এই ছবিখনৰ এক বিশেষত্ব এয়ে যে এই ছবিখনত অভিনয় কৰা গৰিষ্ঠসংখ্যক অভিনেতা-অভিনেত্ৰী এমেচাৰ নাটকৰ ক্ষেত্ৰখনৰ অভিজ্ঞতাৰে পুষ্ট, য’ত বহু অভিনেতা-অভিনেত্ৰী ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰো স্নাতক।
ছবিখনৰ এক বিশেষ চৰিত্ৰত অভিনয় কৰিব বিশিষ্ট অভিনেতা অৰুণ নাথে। ছবিখনৰ শব্দ সংযোজন অসম সন্তান অমৃত প্ৰীতমৰ। এই ছবিখনত সংগীত পৰিচালনা আৰু আৱহ সংগীত মুম্বাইৰ প্ৰতিষ্ঠিত ডেনিয়েল বি জৰ্জৰ।
‘আন্ধাধুন’, ‘ৱাৰ’, ‘থ্ৰী-ইডিয়টছ’, ‘ৰাম সেতু’ আদিৰ দৰে বহু ছুপাৰ হিট ছবিত সংগীত পৰিচালনা কৰি যথেষ্ট খ্যাতি অৰ্জন কৰিছে ডেনিয়েল বি জৰ্জে। ছবিখনৰ চিত্ৰ গ্ৰহণ কৰিব অভিজ্ঞতাপুষ্ট চিনেমেটোগ্ৰাফাৰ প্ৰদীপ দৈমাৰীয়ে।
ছবিখনৰ সম্পাদনা ৰূপাংকৰ দাসৰ। ছবিখনত সহকাৰী পৰিচালক হিচাপে থাকিব জয়ন্ত কুমাৰ ডেকা, বিবেক বৰুৱা, উত্পল শৰ্মা আৰু পৰী ভূঞা। ৰূপসজ্জা বাবলু বৈশ্যৰ আৰু সাজ-সজ্জা মন্দিৰা গগৈৰ। ছবিখনৰ কলা নিৰ্দেশনা ভাস্কৰৰ।
‘খাকী’ৰ প্ৰযোজনা নিয়ন্ত্ৰণ অনন্ত বড়াৰ। ছবিখনৰ দুটি গীতত কণ্ঠদান কৰিব জুবিন গাৰ্গ, জয় বৰুৱা আৰু অনুজা ভূঞাই। ছবিখনত অভিনয় কৰিবলগীয়া অভিনয় শিল্পীসকল হ’ল জাহানাৰা বেগম, পৱন গায়ন, শ্ৰেয়া বৰঠাকুৰ, ঈশান হাজৰিকা, গীতাৰ্থ শৰ্মা, দ্বীপজ্যোতি ডেকা, নৱ নাথ, পদ্মৰাগ গোস্বামী আদি।
Niyomiya Barta Desk, 26 July, 2025