নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ সবাতোকৈ জনপ্রিয় নেতা ভাৰতৰ প্রধানমন্ত্রী মোদী

🔹 যুক্তৰাষ্ট্রস্থিত মর্নিং কনছাল্টৰ সমীক্ষা

🔹 আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প ৮ নম্বৰত

নিউজ ডেস্ক, ২৭ জুলাই : বিশ্বৰ সবাতোকৈ জনপ্রিয় নেতা প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ আমেৰিকা যুক্তৰাষ্ট্রস্থিত বাণিজ্য অনুসন্ধান কোম্পানী মর্নিং কনছাল্টৰ সমীক্ষাত বিশ্বৰ সবাতোকৈ জনপ্রিয় নেতা হিচাপে শীর্ষস্থান লাভ কৰিছে প্রধানমন্ত্রী মোদীয়ে৷ মর্নিং কনছাল্টৰ ‘ডেম’ক্রেটিক লীডাৰ এপ্র’ভেল ৰেটিংছ’ৰ তালিকাত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৭৫ শতাংশৰে শীর্ষস্থান লাভ কৰাৰ বিপৰীতে ৫৯ শতাংশৰে দ্বিতীয় স্থানত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতি লী জা ম্যায়ং৷

তাৎপর্যপূর্ণ যে বিশ্বৰ সর্বশক্তিমান আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে তালিকাৰ শীর্ষ পাঁচতো স্থান লাভ নকৰিলে৷ ড’নাল্ড ট্রাম্পে তালিকাৰ অষ্টম স্থানহে লাভ কৰিবলৈ সক্ষম হৈছে৷ ট্রাম্পৰ এপ্র’ভেল স্ক’ৰ ৪৫ শতাংশ৷ দেশজুৰি সাত দিন ধৰি চলোৱা গড় সমীক্ষাত প্রকাশিত তালিকাখনত প্রধানতঃ গণতান্ত্রিক দেশসমূহৰ মুৰব্বীৰ এপ্র’ভেল স্ক’ৰ নির্ধাৰণ কৰা হয়৷ তালিকাখনৰ তৃতীয় স্থানত ৫৭ শতাংশৰে আর্জেণ্টিনাৰ জেভিয়াৰ মিলেই, ৫৬ শতাংশৰে কানাডাৰ মার্ক কার্নি চতুর্থ স্থানত, ৫৪ শতাংশৰে অষ্ট্রেলিয়াৰ এন্থনী আলবানিজ পঞ্চম স্থানত, ৫৩ শতাংশৰে মেক্সিকোৰ ক্ল’ডিয়া চেইনবাম ষষ্ঠ স্থানত, ৪৮ শতাংশৰে ছুইজাৰলেণ্ডৰ কেৰিন কেলাৰ–ছুটাৰ সপ্তম স্থানত, ৪১ শতাংশৰে নৱম স্থানত পোলেণ্ডৰ ড’নাল্ড টাস্ক আৰু ৪০ শতাংশৰে ইটালীৰ জর্জিয়া মেল’নিয়ে দশম স্থান লাভ কৰিছে৷

ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শীর্ষস্থান লাভ কৰাক লৈ বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মাল’বিয়াই কয় যে পুনৰ প্রধানমন্ত্রী মোদীয়ে শীর্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ ১০০ কোটিতকৈ অধিক ভাৰতীয় আৰু বিশ্বজুৰি লক্ষ লক্ষজনৰ শ্রদ্ধাৰ বাবেই প্রধানমন্ত্রী মোদীয়ে এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে৷ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালেও প্রধানমন্ত্রীয়ে শীর্ষস্থান পোৱা তালিকাখন প্রচাৰ কৰি অভিনন্দন জনাইছে৷

You might also like