অনলাইন গেমৰ অচিলাৰে হিন্দু যুৱতীক ইছলামলৈ ধর্মান্তৰকৰণ
🔹 পাকিস্তান সমর্থিত গেঙৰ ২৫জনক গ্রেপ্তাৰ : বিদেশৰ পৰাও ধন লাভ
নিউজ ডেস্ক, ২৮ জুলাই : অনলাইন গেমৰ জৰিয়তে দুগৰাকী হিন্দু যুৱতীক বলপূর্বক ধর্মান্তৰকৰণ কৰিলে ইছলাম ধর্মলৈ৷ আগ্রাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা৷ ইতিমধ্যে আৰক্ষীয়ে তদন্ত চলাই ২৫জন লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷
আৰক্ষী সূত্রই সদৰী কৰা মতে, পাকিস্তান সমর্থিত এই গেংটোৱে কানাডা, ইংলেণ্ড, ফিলিপাইনছ আৰু মধ্যপ্রাচ্যৰ অন্যান্য মুছলমান দেশসমূহৰ পৰা ধন লাভ কৰি আহিছিল৷ আব্দুল ৰহমান নামৰ এজন ব্যক্তিৰ নেতৃত্বত আগ্রাত বহুদিন ধৰি অনলাইন গেম চলিছিল৷ ইফালে, যোৱা সপ্তাহত আগ্রাৰ পৰা দুগৰাকী হিন্দু যুৱতী নিৰুদ্দেশ হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে কৰা তদন্তত বিস্ফোৰক তথ্য পোহৰলৈ আহে৷ তদন্তৰ ভিত্তিত এগৰাকী যুৱতীক আব্দুল ৰহমানৰ ঘৰৰ পৰা উদ্ধাৰ কৰে৷ তেওঁ বলপূর্বক ধর্মান্তৰিত কৰি বিয়া কৰাইছিল৷
জানিব পৰা মতে, অনলাইন গেম খেলাৰ অজুহাতত গেঙৰ সদস্যসকলে যুৱক–যুৱতীৰ সৈতে কথা পাতে৷ ইয়াৰ পাছতে তেওঁলোকে বিভিন্ন কথাৰে যুৱতী দুগৰাকীক প্রলোভন দিয়ে৷ আৰক্ষীয়ে গেংটোৰ সৈতে পাকিস্তানৰ তানবীৰ আহমেদ আৰু ছাহিল নাদিম নামৰ দুই হেণ্ডলাৰৰ সম্পর্কৰ সন্ধান পাইছে৷
উল্লেখ্য যে ধর্মান্তৰকৰণ গেংটো চলাবলৈ এটা শ্লিপাৰ চেল গঠন কৰা হৈছিল৷ কাশ্মীৰৰ এদল মহিলাই জুম লিংকৰ জৰিয়তে হিন্দু যুৱতীক ইছলামিক পাঠ পঢ়াইছিল৷ লগতে যুৱতীগৰাকীক প্রার্থনা পদ্ধতিও শিকাইছিল৷ ধাৰণা কৰা অনুসৰি, এতিয়ালৈকে এই গেংটোৱে শতাধিক ছোৱালীক ধর্মান্তৰিত কৰিছে৷ গেংটোৱে বিভিন্ন গোটত বিভক্ত হৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে যুৱতীক টার্গেট কৰি লয় আৰু ব্রেইন ৱাশ্ব কৰে৷ আন এটা দলে তেওঁলোকক ইছলাম আৰু ইয়াৰ ধর্মীয় ৰীতি–নীতি শিকাইছিল৷ গেংটোৱে লাভ কৰা ধন ক্রিপ্টো কাৰেন্সীৰ জৰিয়তে আহিছিল৷