নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজাখস্তানত এছিয়ান পেৰা গেমছত ভাৰতক প্রতিনিধিত্ব উদয়াচল-ৰ ভাৰত চেত্রীৰ

ৰিণিকি ভূঞা শর্মাৰ উদ্যোগত স্থাপিত ‘উদয়াচল’ত গ্রহণ গুণগত শিক্ষা–বিশেষ প্রশিক্ষণ

ভাৰতক প্রতিনিধিত্ব উদয়াচল-ৰ ভাৰত চেত্রীৰ : কাজাখস্তানৰ বছিয়াত অনুষ্ঠিত হ’বলগীয়া এছিয়ান পেৰা গেমছত ভাৰতক প্রতিনিধিত্ব কৰিব অসম সন্তান ভাৰত চেত্রীয়ে৷ শাৰীৰিক প্রত্যাহ্বানক নেওচি আন্তঃৰাষ্ট্রীয় মঞ্চত এই বৃহৎ প্রতিযোগিতাখনত অংশগ্রহণ কৰিবলৈ লোৱা ভাৰত চেত্রীৰ এই যাত্রাই সফলতা লাভ কৰাৰ বাবে আশা প্রকাশ কৰিছে অসমবাসীয়ে৷

উল্লেখ্য যে শাৰীৰিক বাধাক নেওচি আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাৰ বাবে চেত্রীক সাজু কৰি তোলাত অৰিহণা যোগাইছে উদয়াচলে৷ বিশেষ প্রশিক্ষণ আৰু সহায়ৰ জৰিয়তে দিব্যাংগ লোকসকলক সবলীকৰণ আৰু ক্রীড়া বিকাশৰ ক্ষেত্রত যোৱা দীর্ঘসময়ৰ পৰা বিশেষ পদক্ষেপ লৈ আছে উদয়াচলে৷

প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাৰ বিশেষ উদ্যোগত স্থাপন হোৱা এই উদয়াচলত স্কুলীয়া শিক্ষাৰ লগতে গুণগত শিক্ষা আৰু ক্রীড়াৰ বিশেষ প্রশিক্ষণ প্রদান কৰি অহা হৈছে দিব্যাংগ ছাত্র–ছাত্রীসকলক৷ ইতিমধ্যে এই উদয়াচলৰ পৰাই ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত কেইবাজনো শিক্ষার্থীয়ে ক্রীড়া জগতত বিশেষ পাৰদর্শিতা দেখুৱাবলৈ সক্ষম হৈছে৷ ইফালে এছিয়ান পেৰা গেমছত ভাৰতক প্রতিনিধিত্ব কৰিবলৈ সুবিধা পোৱাৰ বাবে বিশেষভাৱে উৎসাহিত ভাৰত চেত্রী৷

এই সন্দর্ভত যুৱ শিক্ষার্থীগৰাকীয়ে কয়– জীৱনক কিদৰে আগুৱাই লৈ যাম তাক লৈ দ্বিধাবোধ কৰি থকাৰ সময়তে উদয়াচলে মোক প্রশিক্ষণৰ বাবে আগুৱাই লৈ গৈছিল৷ মানসিক আৰু শাৰীৰিক সমর্থনৰ লগতে মোৰ ক্রীড়া প্রতিভাক চিনাক্ত কৰাত আগভাগ লৈছিল ৰিণিকি ভূঞা শর্মাই৷ মোৰ ওপৰত তেওঁৰ গভীৰ বিশ্বাস আছিল৷ যাৰ বাবে মই আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাৰ বাবে নিজকে সাজু কৰিবলৈ সক্ষম হ’লোঁ৷ এইক্ষেত্রত উদয়াচল আৰু প্রশিক্ষকৰ ওচৰত মই বহু ঋণী৷ মন কৰিবলগীয়া যে এছিয়ান পেৰা গেমছত ভাৰতক প্রতিনিধিত্ব কৰিবলৈ ওলোৱা ভাৰত চেত্রীয়ে কেৱল ভাৰতীয় পতাকাখনকেই নহয়, বহুতৰে আকাংক্ষাও কঢ়িয়াই লৈ যাব, যিসকলে তেওঁৰ সাফল্যত নিজৰ সম্ভাৱনা প্রতিফলিত হোৱাটো দেখা পাইছে৷ ভাৰত চেত্রীৰ এনে সাফল্যই যাতে অধিক আগলৈ যায় তাৰো কামনা কৰিছে ৰিণিকি ভূঞা শর্মাই৷

Niyomiya Barta Desk, 30 July, 2025

You might also like