নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডৰে শৃংখলা ৰক্ষাৰ যুঁজত নামিব টীম ইণ্ডিয়া

🔹 আজিৰে পৰা অভেলত পঞ্চম তথা অন্তিম টেষ্ট

নিউজ ডেস্ক, ৩১ জুলাই : এণ্ডাৰছন–তেণ্ডুলকাৰ ট্রফী পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ পঞ্চম তথা অন্তিমখন মেচ আজিৰ পৰা দ্য অভেলত অনুষ্ঠিত হ’ব৷ শৃংখলাটোত পৰাজয়ৰ পৰা হাত সাৰিবলৈ আজিৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্টখন টীম ইণ্ডিয়াৰ বাবে মৰণপণ যুঁজ হিচাপে বিবেচিত হৈছে৷ ইতিমধ্যে শৃংখলাটোত ঘৰুৱা দল ইংলেণ্ডে ২–১ত অগ্রগতি লাভ কৰি আছে৷ গতিকে ইংৰাজ বাহিনীয়ে শৃংখলা হেৰুওৱাৰ কোনো শংকা নাই৷ তাৰ পৰিৱর্তে অভেল টেষ্টত ভাৰতীয় দলটোৰ বাবে জয় অনিবার্য৷ মেচখনত পৰাস্ত হ’লেই শৃংখলাটো হেৰুৱাব শুভমন গিল বাহিনীয়ে৷

অভেল টেষ্টৰ পূর্বে ভাৰতীয় দলটোৰ বাবে এক সুখবৰ৷ অধিনায়ক বেন ষ্ট’কছৰ লগতে তাৰকা পেচ বলাৰ জ’ফ্রা আর্চাৰ, ব্রাইডন কার্ছ আৰু লিয়ান ড’ছন অবিহনে টেষ্টখনত ভাগ ল’ব ইংৰাজ বাহিনীয়ে৷ ইয়াৰ সুযোগ গ্রহণ কৰি ভাৰতীয় দলটোৱে অভেল টেষ্টত জয়ৰ লক্ষ্য লৈছে৷ অৱশ্যে টেষ্টখনত ভাৰতীয় দলটোৱে তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহ অবিহনে অংশগ্রহণ কৰাৰ সম্ভাৱনা আছে৷ তাৰকা পেচবলাৰগৰাকী সন্দর্ভত কালি অধিনায়ক গিলে কয় যে খেলখনৰ পুৱাহে বুমৰাহৰ অংশগ্রহণ সন্দর্ভত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ অৱশ্যে গুৰুত্বপূর্ণ টেষ্টখনত ভাৰতীয় দলটোৱে তাৰকা উইকেটকীপাৰ–বেটাৰ ঋষভ পণ্ট অবিহনে নামিব৷ আঘাতৰ বাবে পণ্টে অভেল টেষ্টৰ পৰা বাদ পৰিছে৷

ইফালে, টেষ্টখনত অভিষেক ঘটাৰ সম্ভাৱনা আছে তামিলনাডুৰ উইকেটকীপাৰ এন জগদীশনৰ৷ পণ্টৰ স্থান পূৰাবৰ বাবে জগদীশনক ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰা হৈছে৷ ইফালে, আঘাতৰ বাবে চতুর্থ টেষ্টত অংশগ্রহণ কৰাৰ পৰা বিৰত থকা তাৰকা পেচ বলাৰ আকাশদীপে অভেল টেষ্টত বুমৰাহৰ স্থানত খেলাৰ পূর্ণ সম্ভাৱনা আছে৷ তৃতীয়গৰাকী পেচ বলাৰৰ বাবে যুঁজ চলিব প্রসিদ্ধ কৃষ্ণ আৰু অর্শদীপ সিঙৰ মাজত৷ দুর্দান্ত প্রদর্শন দাঙি ধৰি মানচেষ্টাৰত অনুষ্ঠিত চতুর্থখন টেষ্ট ড্র খেলি সম্প্রতি ভাৰতীয় দলটোৰ খেলুৱৈসকলৰ মনোবল তুংগত আছে৷ আজিৰ পৰা আৰম্ভ হ’বলগীয়া অন্তিমখন টেষ্টতো সতীর্থসকলৰ পৰা উন্নত প্রদর্শন আশা কৰি অধিনায়ক গিলে কয় যে মানচেষ্টাৰত সতীর্থসকলে দেখুওৱা চমকপ্রদ প্রদর্শনে সতীর্থসকলৰ মনোবল বহুখিনি বৃদ্ধি কৰিছে৷ দ্য অভেল টেষ্টক লৈ সতীর্থসকল আত্মবিশ্বাসী৷ খেলৰ সময় : দিনৰ ৩.৩০ বজাৰ পৰা

You might also like