টিহুত অসম নাট্য সন্মিলনৰ একাংক নাট প্ৰতিযোগিতাৰ সামৰণি
অসম নাট্য সন্মিলনৰ টিহু শাখাৰ উদ্যোগত টিহুত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত “গুৰুজী যোগেশ শৰ্মা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা”ৰ সামৰণি পৰিছে। উক্ত প্ৰতিযোগিতাৰ ঘোষিত ফলাফল অনুসৰি প্ৰথম শ্ৰেষ্ঠ নাট্যদলৰ সন্মান লাভ কৰে নলবাৰীৰ প্ৰজন্মই (নাটক– বাঘ), দ্বিতীয় শ্ৰেষ্ঠ নাট্যদলৰ সন্মান লাভ কৰে গুৱাহাটীৰ নাটতীৰ্থই (নাটক–এ বিউটিফুল মেলোডি) আৰু তৃতীয় শ্ৰেষ্ঠ নাট্যদলৰ সন্মান লাভ কৰে মঙ্গলদৈৰ জেংৰাই অসমে (নাটক–ছন পৰা বৃন্দাৱন)।
ইপিনে, প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাট্যকাৰ আৰু পৰিচালক হিচাপে নিৰ্বাচিত হয় ক্ৰমে নলবাৰীৰ প্ৰজন্ম নাট্যদলৰ দীপ শালৈ আৰু কিশোৰ চক্ৰৱৰ্তী। প্ৰতিযোগিতাত শ্ৰেষ্ঠ অভিনেতা আৰু অভিনেত্ৰীৰ সন্মান লাভ কৰে ক্ৰমে বৰপেটাৰ ভাইপাৰ সাংস্কৃতিক গোষ্ঠীৰ ৰণদেৱ দাস আৰু হিমাশ্ৰী দাসে (নাটক– এক কথাৰ কথা)।
আনহাতে, শ্ৰেষ্ঠ সংগীত শিল্পীৰ বঁটা লাভ কৰে মঙ্গলদৈৰ জেংৰাই অসমৰ ৰাকেশ বৰুৱা আৰু হৃষিকেশ বৰুৱাই। আনহাতে, শ্ৰেষ্ঠ কলা নিৰ্দেশক হিচাপে মঙ্গলদৈৰ জেংৰাই অসমৰ জয়ন্ত ডেকা আৰু শ্ৰেষ্ঠ পোহৰ নিৰ্দেশক হিচাপে নলবাৰী প্ৰজন্মৰ হৰেকৃষ্ণ শৰ্মা নিৰ্বাচিত হয়। ইয়াৰ উপৰিও শ্ৰেষ্ঠ সহ অভিনেতা হিচাপে নলবাৰী প্ৰজন্মৰ দিগন্ত ভড়ালী আৰু শ্ৰেষ্ঠ সহ অভিনেত্ৰী হিচাপে গুৱাহাটীৰ নাটতীৰ্থৰ হিমাপ্ৰীতি পাটোৱাৰী নিৰ্বাচিত হয়।
ইপিনে, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ কৌতুক শিল্পী হিচাপে নিৰ্বাচিত হয় নলবাৰী প্ৰজন্মৰ ৰাফেল চৌধুৰী। বঁটা লাভ কৰা নাট্যদল আৰু শিল্পীসকলক কালি নিশা অনুষ্ঠিত হোৱা এক বঁটা বিতৰণী অনুষ্ঠানত বঁটা সমুহ প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত নাট্য সন্মিলনৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
ইয়াৰ পূৰ্বে সন্ধিয়া অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰি অসম চলচ্চিত্ৰ বিত্তীয় আৰু উন্নয়ণ নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে ঐতিহাসিক টিহু অঞ্চলত সাংস্কৃতিক ক্ষেত্ৰখন বহু বিচিত্ৰ আৰু সমৃদ্ধিশালী বুলি উনুকিয়াই এই অনুষ্ঠানটোৰ জৰিয়তে টিহু অঞ্চলত সাংস্কৃতিক ক্ষেত্ৰখন আৰু অধিক শক্তিশালী হব বুলি আশা প্ৰকাশ কৰে।
অনুষ্ঠানত নাট্যকাৰ নৱৰত্ন পাটোৱাৰী, সমাজকৰ্মী ৰাতুল পাটোৱাৰী আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। নাট প্ৰতিযোগিতা সফল কৰি তোলাৰ বাবে অসম নাট্য সন্মিলনৰ টিহু শাখাৰ প্ৰধান সম্পাদক দিগন্ত শৰ্মাই ৰাইজক ধন্যবাদ জনাইছে।
নিয়মীয়া বাৰ্তা, টিহু, ৩১ জুলাই