নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষার্থীৰ আ*ত্মহ*নন প্রতিৰোধৰ নির্দেশনাৱলী

দেশত চৰম পথৰ প্রৱণতা দ্রুতগতিত বৃদ্ধি হৈছে৷ সকলো শ্রেণীৰ লোক আ*ত্মহ*ননৰ চূড়ান্ত সিদ্ধান্তৰ বলি হৈছে৷ এইক্ষেত্রত শিক্ষার্থীৰ আ*ত্মহ*ননৰ সংখ্যাও বৃদ্ধি পাই আছে৷ দেশত ২০০১ৰ পৰা ২০২২ চনলৈ যুগুত কৰা প্রতিবেদনত আ*ত্মহ*ত্যাৰ ঘটনা বৃদ্ধি পোৱা উদ্বেগজনক তথ্য প্রকাশ পাইছে৷ নেচনেল ক্রাইম ৰিপ’ৰ্ট ব্যুৰ’ চমুকৈ এন চি আৰ বিৰ প্রতিবেদনতো দেশত আ*ত্মহ*ত্যা বৃদ্ধি পোৱাটো প্রকাশ পাইছে৷ তথ্য মতে, ২০০১ চনত দেশত আ*ত্মহ*ত্যাৰ ঘটনা সংঘটিত হৈছে পাঁচ সহস্রাধিক৷ ইয়াৰ বিপৰীতে ২০২২ চনত এক লাখ সোতৰ হাজাৰৰো অধিক আ*ত্মহ*ননৰ ঘটনা সংঘটিত হৈছে৷ তাৎপর্যপূর্ণ এই যে ২০২২ চনত সংঘটিত মুঠ আ*ত্মহ*ত্যাৰ ঘটনাৰ সাত শতাংশতকৈ অধিক শিক্ষার্থীৰ আ*ত্মহ*ননৰ ঘটনা৷ বিগত ২০২৩ আৰু ২০২৪ চনতো দেশজুৰি আ*ত্মহ*ত্যাৰ ঘটনা সংঘটিত হৈছে যদিও ইয়াৰ সঠিক তথ্য প্রকাশ কৰা হোৱা নাই৷ বাতৰিৰ শিৰোনামত কৃষকৰ পৰা শিক্ষার্থীলৈকে আনকি নিৰাপত্তা বাহিনীৰ লোকেও আ*ত্মহ*ননৰ চূড়ান্ত সিদ্ধান্ত লোৱা খবৰ প্রচাৰিত হৈ আছে৷ দেশৰ কোচিং চেণ্টাৰৰ অন্যতম ৰাজস্থানত শিক্ষার্থীৰ আ*ত্মহ*ত্যাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰাটো সকলোৰে জ্ঞাত বুলিয়েই ক’ব পাৰি৷ নীটত অনুত্তীর্ণ শিক্ষার্থীৰ আ*ত্মহ*ত্যাৰ ঘটনাও অস্বীকাৰ কৰিব নোৱাৰি৷ দেশজুৰি শিক্ষার্থীৰ আ*ত্মহ*ননৰ ঘটনা বৃদ্ধিক লৈ দেশৰ উচ্চতম ন্যায়ালয়ে উদ্বিগ্ণতা প্রকাশ কৰাই নহয়, শিক্ষার্থীৰ আ*ত্মহ*ত্যা প্রতিৰোধকল্পে কঠোৰ পদক্ষেপ গ্রহণৰ পৰামর্শ দি আহিছে৷ শেহতীয়াভাৱে উচ্চতম ন্যায়ালয়ে দেশজুৰি শৈক্ষিক প্রতিষ্ঠান আৰু কোচিং চেণ্টাৰত বাধ্যতামূলক প্রয়োগ কৰিবলৈ ১৫ দফীয়া নির্দেশনাৱলী জাৰি কৰিছে৷ শৈক্ষিক প্রতিষ্ঠানত শিক্ষার্থীৰ আ*ত্মহ*নন প্রতিৰোধ আৰু মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে ১৫ দফীয়া নির্দেশাৱলী জাৰি কৰিছে৷
শৈক্ষিক প্রতিষ্ঠানত শিক্ষার্থীৰ আ*ত্মহ*নন বৃদ্ধি, সুৰক্ষা আৰু মানসিক স্বাস্থ্য বিষয়ক লৈ উচ্চতম ন্যায়ালয়ৰ গাইডলাইন দেশজুৰি বলৱৎ কৰাটো বাধ্যতামূলক৷ ১৭ বছৰীয়া নীট শিক্ষার্থী এগৰাকীৰ ৰহস্যজনক আ*ত্মহ*ননক লৈ অন্ধ্রপ্রদেশ উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ শুনানিত উচ্চতম ন্যায়ালয়ে ১৫ দফীয়া নির্দেশাৱলী জাৰি কৰিছে৷ দেশত এই লৈ আইন প্রণয়ন নোহোৱালৈকে সর্বোচ্চ ন্যায়ালয়ৰ নির্দেশাৱলী কঠোৰভাৱে মানিব লাগিব৷ দেশৰ সকলো শৈক্ষিক প্রতিষ্ঠানে উমৈহতীয়া মানসিক স্বাস্থ্যনীতি গ্রহণ কৰি ৰূপায়ণ কৰিব লাগিব৷ উম্মীদ (ইউ এম এম ই ই ডি)ৰ খচৰা নির্দেশাৱলী, মনোদর্শন ইনিয়েটিভ আৰু নেচনেল ছুইচাইড প্রিভেনচন ষ্ট্রেটেজীৰ পৰা মানসিক স্বাস্থ্য নীতি প্রস্তুত কৰিব লাগিব আৰু বছৰি পুনৰীক্ষণ কৰিব লাগিব৷ প্রতিষ্ঠানৰ ৱেবছাইট ৰাজহুৱা কৰিব লাগিব৷ ১০০তকৈ অধিক শিক্ষার্থী থকা প্রতিষ্ঠানে অতি কমেও এগৰাকী প্রশিক্ষিত কাউন্সিলৰ, ফিজিঅ’লজিষ্ট অথবা সামাজিক কর্মী নিযুক্তি দিব লাগিব৷ ক্ষুদ্র প্রতিষ্ঠানেও পেছাগত প্রশিক্ষিতৰ সৈতে জড়িত হ’ব লাগিব৷ সকলো প্রতিষ্ঠানে শিক্ষার্থী আৰু কাউন্সিলৰৰ অনুপাত বর্তাই ৰাখিব লাগিব৷ পৰীক্ষাৰ সময় কিম্বা নতুন শিক্ষার্থী অন্তর্ভুক্তিৰ সময়ত কাউন্সিলৰ শিক্ষার্থীৰ বেটছৰ আধাৰত নিযুক্তি দিব লাগিব৷ শৈক্ষিক প্রতিষ্ঠানত আ*ত্মহ*ত্যা প্রতিৰোধ হেল্পলাইন নম্বৰ মুকলি কৰিব লাগিব৷ শিক্ষা প্রতিষ্ঠানৰ কর্মীৰ বছৰি কমপক্ষেও দুবাৰ মানসিক স্বাস্থ্য পৰীক্ষা কৰিব লাগিব৷ আ*ত্মহ*ত্যাৰ সম্ভাৱনা হ্রাস কৰিবলৈ আৱাসিক হোষ্টেলত টেম্পাৰপ্রুফ চিলিং ফেন লগাব লাগিব৷ ছাদ, বাৰাণ্ডাত প্রৱেশাধিকাৰ সীমিত কৰিব লাগিব৷ সর্বোচ্চ ন্যায়ালয়ৰ এই নির্দেশাৱলী দেশৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, কোচিং চেণ্টাৰ, প্রশিক্ষণ একাডেমী আৰু হোষ্টেলবোৰে বাধ্যতামূলক মানিব লাগিব৷ দেশৰ সর্বোচ্চ ন্যায়ালয়ৰ এই নির্দেশাৱলী ইতিবাচক৷ ইয়াৰ পূর্বে আ*ত্মহ*ননৰ ঘটনা প্রতিৰোধৰ বাবে ৰাষ্ট্রসংঘৰ অধীনৰ বিশ্ব স্বাস্থ্য সংস্থাই প্রতিৰোধী পৰামর্শ আগবঢ়াইছে৷ পাঠ্যক্রমৰ বিশালতা আৰু মানসিক চাপৰ বাবে শিক্ষার্থীৰ আ*ত্মহ*ননৰ ঘটনা বৃদ্ধি পোৱাটো উদ্বেগজনক বুলি নিশ্চিত কৰিয়েই উচ্চতম ন্যায়ালয়ে শৈক্ষিক প্রতিষ্ঠানসমূহলৈ ১৫ দফীয়া নির্দেশনাৱলী বাধ্যতামূলক কৰাটো আদৰণীয়৷ অৱশ্যে উচ্চতম ন্যায়ালয়ৰ নির্দেশনাৱলী শৈক্ষিক প্রতিষ্ঠানসমূহে মানিলেহে সুফল আহিব৷ অন্যথা ই কাগজতে সীমাবদ্ধ হৈ থাকিব৷

You might also like