নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামপুৰত নৃশংস কাণ্ড : কোৰৰ কোবত প্ৰাণ গ’ল এজনৰ

নিয়মীয়া বাৰ্তা, ১ আগষ্ট : কামপুৰ থানাৰ অন্তৰ্গত পূব তেঁতেলিসৰা গাঁৱত আজি পুৱাই এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়। কৃষ্ণ ভূঞা নামৰ এজন লোকক কোৰেৰে মৰিয়াই হত্যা কৰে ভাতৃয়ে। জানিব পৰা মতে, কেৰ্কেটুৱাই তামোল খোৱাক কেন্দ্ৰ কৰি এই ঘটনা সংঘটিত হয়।
উল্লেখ্য যে কৃষ্ণ ভূঞাক সম্বন্ধত ভায়েক খগেশ্বৰ ভূঞাই কোৰেৰে মৰিয়াই হত্যা কৰে। পুৱা তামোল গছত কেৰ্কেটুৱাই তামোল খাই খগেশ্বৰ ভূঞাৰ ঘৰৰ টিনত পেলাইছিল। তেতিয়া খগেশ্বৰ ভূঞাই তেওঁৰ টিনপাতত ককায়েক কৃষ্ণ ভূঞাই  পাথৰ মৰা বুলি সন্দেহ কৰি খেদি যায়। লগে লগে দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়। পিছত খগেশ্বৰ ভূঞাই হিতাহিত জ্ঞান হেৰুৱাই ককায়েক কৃষ্ণ ভূঞাক মূৰত কোৰেৰে আঘাত কৰে। অতি গুৰুতৰভাৱে আহত হোৱা কৃষ্ণ ভূঞাক ততাতৈয়াকৈ কামপুৰ এফ আৰ ইউত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছিল যদিও মৃত্যু হয় লোকজনৰ।
ইতিমধ্যে খগেশ্বৰ ভূঞাক আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে। এই নৃশংস হত্যাকাণ্ডৰ ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰেৰক সমৰেন্দ্ৰ নাৰায়ণ বৰা
You might also like