নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰাণসীত মোদী : পেহেলগাম-ৰ আক্ৰমণ মনত পৰিলেই ছিন্ন-ভিন্ন হয় হৃদয়

পেহেলগাম-ৰ আক্ৰমণ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৱাৰাণসীলৈ গৈছে। তেওঁ বনৌলীত জনসভাৰ মঞ্চৰ পৰা কাশীৰ সৈতে নিজৰ সংযোগৰ কথা উল্লেখ কৰি অপাৰেচন সিন্দূৰৰ সফলতাৰ বাবে বাবা বিশ্বনাথক ধন্যবাদ দিছে। পেহেলগাম আক্ৰমণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “কাশীৰ জনতা-জনাৰ্দন মোৰ মালিক, বৰ্তমান শাওণ মাহ, তাতেই এই মাহত কাশী আহিছোঁ, পথাৰত কৃষকৰ ব্য়স্ততা… ইয়াতকৈ আৰু কি লাগে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি মই অপাৰেচন সিন্দূৰৰ পিছত প্ৰথমবাৰ কাশীলৈ আহিছোঁ। ২২ এপ্ৰিলত পেহেলগামত ভয়ানক আক্ৰমণ হৈছিল, ২৬জন নিৰ্দোষ মানুহক নিৰ্দয়ভাৱে হত্যা কৰা হৈছিল। তেওঁলোকৰ পৰিয়ালৰ দুখ, সেই সন্তানসকলৰ দুখ, জীয়ৰীসকলৰ বেদনাই মোৰ হৃদয়ক বহুত কষ্ট দিয়ে। তেতিয়া মই বাবা বিশ্বনাথৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ যে সকলো পীড়িত পৰিয়ালক এই দুখ সহ্য কৰাৰ শক্তি দিয়ক।” তেওঁ আৰু কয়, “মই নিজৰ জীয়াৰীসকলৰ সেন্দূৰৰ প্ৰতিশোধ গ্ৰহণৰ বাবে যে জেদ কৰিছিলোঁ, আৰু সেয়া পূৰ্ণ হৈছে। ইয়াৰ পিছত মহাদেৱৰ আশীৰ্বাদতে এইটো সম্ভৱ হৈছে। মই অপাৰেচন সিন্দূৰৰ সফলতাক তেওঁৰ চৰণত নিবেদন কৰোঁ।” ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে মোদীয়ে কাশীৰ প্ৰতিটো পৰিয়ালক প্ৰণাম কৰে।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কাশীত ২২০০ কোটিৰ ৫২টা প্ৰকল্প উদ্বোধন কৰে। সেইমতে দেশৰ ৯.৭ কোটিৰ অধিক কিষাণৰ বাবে সন্মান নিধিৰ ২০তম কিস্তি (২০ হাজাৰ ৫০০ কোটি টকা) মুকলি কৰিছে।

Niyomiya Barta Desk, 2 August, 2025

You might also like