নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছামিউলৰ দুৰ্ঘটনাৰ নিশা সুৰাসক্ত আছিল নন্দিনী!

নিশাৰ ভাগত তীব্র বেগত গাড়ী চলাই দক্ষিণগাঁৱত এগৰাকী যুৱকক হত্যা কৰা অভিনেত্রী নন্দিনী কাশ্যপৰ হিট এণ্ড ৰান গোচৰ সন্দর্ভত প্রত্যক্ষদর্শীৰ ভাষ্য গ্রহণ কৰে দিছপুৰ আৰক্ষীয়ে৷

উল্লেখ্য যে যোৱা ২৫ জুলাইৰ পুৱতিনিশা দক্ষিণগাঁৱৰ ৰাজপথত অভিনেত্রী নন্দিনী কাশ্যপৰ চাৰিচকীয়া বাহনৰ খুন্দাত মৃত্যু হৈছিল নলবাৰীৰ ছামিউল হক নামৰ যুৱকজনৰ৷ ঘটনাটো সন্দর্ভত তদন্ত চলাই আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত নন্দিনীক গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰিছে যদিও ঘটনা সন্দর্ভত মৃত ছামিউল হকৰ মোমায়েক জেহেৰুল হকসহ কেইবাগৰাকীও প্রত্যক্ষদর্শীৰ ভাষ্য দিছপুৰ আৰক্ষীয়ে গ্রহণ কৰে৷

দিছপুৰ আৰক্ষীৰ চমনমর্মে থানাত হাজিৰ হোৱা জেহেৰুল হকে ভাষ্য প্রদানৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত কয় যে ঘটনাৰ দিনা প্রকৃততে কি ঘটিছিল সেয়া দিছপুৰ আৰক্ষীয়ে সোধা–পোছা কৰিছে৷ সমগ্র বিষয়টো পুংখানুপুংখভাৱে আৰক্ষীয়ে সোধা–পোছা চলাইছে৷ নিশাৰ ভাগত যিখিনি দেখিছিলোঁ সকলোখিনি আৰক্ষীক অৱগত কৰিছোঁ৷ দিছপুৰ থানাৰ পৰা আমাক পূর্ণ সহযোগ কৰিছে৷

আৰক্ষীৰ চমনমর্মে হাজিৰ হোৱা একাংশ প্রত্যক্ষদর্শীয়ে ঘটনাৰ দিনা অভিনেত্রী নন্দিনী কাশ্যপৰ মুখত সুৰাৰ গোন্ধ পোৱা বুলি সদৰী কৰিছে৷ সেইদিনাই মহানগৰ আৰক্ষীয়ে নন্দিনীৰ স্বাস্থ্য পৰীক্ষা কৰিলে সুৰাৰ উপস্থিতি ভালদৰে ধৰিব পাৰিলেহেঁতেন বুলি প্রত্যক্ষদর্শীয়ে উল্লেখ কৰিছে৷

অৱশ্যে সোধা–পোছাৰ অন্তত আটাইকেইজনক যাবলৈ দিয়া হয়৷ লক্ষণীয় যে হত্যাকাৰী নন্দিনী কাশ্যপক ১৪ দিনৰ ন্যায়িক জিম্মালৈ ইতিমধ্যে প্রেৰণ কৰা হৈছে৷ তাৰ পাছতে আৰক্ষীয়ে পুনৰ নন্দিনীক আদালতত হাজিৰ কৰাব৷ ঘটনাটোক লৈ অতি শীঘ্রে অভিযোগনামাও আৰক্ষীয়ে দাখিল কৰিব বুলি বিশেষ সূত্রৰ পৰা জানিব পৰা গৈছে৷

Niyomiya Barta Desk, 6 August, 2025

You might also like