১ অক্টোবৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ আন্তর্জাতিক বিমানসেৱা আৰম্ভ
আহমেদাবাদত শোকাৱহ দুর্ঘটনাৰ পাছত সাময়িকভাৱে স্থগিত ৰখা এয়াৰ ইণ্ডিয়াৰ আন্তর্জাতিক বিমানসেৱা অহা ১ অক্টোবৰৰ পৰা সম্পূর্ণকৈ আৰম্ভ কৰা হ’ব বুলি এয়াৰ ইণ্ডিয়াই ঘোষণা কৰিছে৷
টাটা গ্রুপৰ দ্বাৰা মালিকনাধীন এয়াৰ ইণ্ডিয়াৰ আন্তর্জাতিক বিমানসেৱা আহমেদাবাদৰ বিমান দুর্ঘটনাৰ পাছতে স্থগিত ৰখা হৈছিল৷ বিভিন্ন পর্যবেক্ষণ–নিৰীক্ষ অন্তত এয়াৰ ইণ্ডিয়াই ১ অক্টোবৰৰ পৰা পুনৰ আন্তর্জাতিক বিমানসেৱা আৰম্ভ কৰাৰ ঘোষণা কৰিছে৷
এয়াৰ ইণ্ডিয়াৰ চিইঅ’ কেম্পবেল উইলছনে যাত্রীৰ সুৰক্ষা আৰু নিৰাপত্তা সঠিকভাৱে বর্তাই ৰখাৰ প্রতিশ্রুতিৰে আন্তর্জাতিক বিমানসেৱা পুনৰ মুকলি কৰা হ’ব বুলি ঘোষণা কৰে৷
Niyomiya Barta Desk, 7 August, 2025