১৪ ভাৰতীয় মাছমৰীয়াক গ্রেপ্তাৰ শ্রীলংকাৰ, আন্তর্জাতিক জলসীমা উলংঘন
আন্তর্জাতিক জলসীমা উলংঘন কৰাৰ অভিযোগত ১৪ ভাৰতীয় মাছমৰীয়াক গ্রেপ্তাৰ কৰিছে শ্রীলংকাৰ নৌবাহিনীয়ে৷ মাছমৰীয়াকেইগৰাকীক্ গ্রেপ্তাৰ কৰাৰ লগতে দুখন নাও জব্দ কৰিছে দ্বীপৰাষ্ট্রখনৰ নৌবাহিনীয়ে৷
গ্রেপ্তাৰ হোৱা মাছমৰীয়াৰ ১৪জনেই তামিলনাডুৰ বাসিন্দা৷ তথ্য মতে ১০জনীয়া মাছমৰীয়াৰ দলটোৱে পম্বন বন্দৰৰ পৰা মাছ মাৰিবলৈ যাত্রা কৰি মাছ ধৰি আছিল৷ কাৰপিট্টিৰ সমীপতো মাছ ধৰি আছিল তেওঁলোকে৷ এই অঞ্চলটোত মাছ ধৰাৰ বাবে আন্তর্জাতিক জলসীমা উলংঘন কৰাৰ অভিযোগত শ্রীলংকাৰ নৌবাহিনীয়ে দলটোক গ্রেপ্তাৰ কৰে৷ আনপিনে কাচ্ছিথিভু দ্বীপৰ সমীপৰ পৰা ৪জন মাছমৰীয়াক গ্রেপ্তাৰ কৰিছে শ্রীলংকাই৷
Niyomiya Barta Desk, 7 August, 2025