অহা ফেব্রুৱাৰীত বাংলাদেশৰ সাধাৰণ নির্বাচন, মুখ্য উপদেষ্টাৰ ঘোষণা
বাংলাদেশৰ বহুচর্চিত সংসদীয় নির্বাচন অহা বর্ষৰ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব৷ ৰমজান আৰম্ভ হোৱাৰ পূর্বেই দেশখনৰ সাধাৰণ নির্বাচন অনুষ্ঠিত হ’ব বুলি চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে ঘোষণা কৰে৷
চৰকাৰৰ সংৰক্ষণবিৰোধী নীতিৰ সংস্কাৰৰ দাবী চলা ছাত্র বিক্ষোভৰ বাবে যোৱা বর্ষৰ জুলাই মাহত তদানীন্তন শ্বেখ হাছিনা চৰকাৰ পতনৰ পাছত জুলাইত উত্থান শীর্ষকেৰে প্রথম বার্ষিকী উপলক্ষে দেশবাসীক টেলিভিছনযোগে সম্বোধন কৰাৰ বিপৰীতে অন্তর্ৱর্তীকালীন চৰকাৰৰ মুখ্যমন্ত্রীৰ উপদেষ্টাই নির্বাচনৰ মাহ ঘোষণা কৰে৷
অন্তর্ৱর্তী চৰকাৰৰ হৈ দেশৰ মুখ্য নির্বাচন আয়ুক্তক ফেব্রুৱাৰী মাহত নির্বাচন অনুষ্ঠিত কৰিবলৈ পত্র প্রেৰণ কৰা বুলিও মুখ্য উপদেষ্টা ইউনুছে ঘোষণা কৰে৷ ১৭–১৮ ফেব্রুৱাৰীৰ ভিতৰত ৰমজান আৰম্ভ হ’ব বুলি সম্ভাব্য তাৰিখ ধৰি লৈ ইয়াৰ পূর্বে নির্বাচন অনুষ্ঠিত কৰিবলৈ ইউনুছে মুখ্য নির্বাচন আয়ুক্তক পত্র প্রেৰণ কৰে৷
লক্ষণীয় যে সাধাৰণতে বাংলাদেশত সংসদীয় নির্বাচন এপ্রিল মাহত অনুষ্ঠিত কৰাৰ কথা আছিল যদিও ইয়াৰ পূর্বে নির্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা লৈছে অন্তর্ৱর্তীকালীন চৰকাৰে৷ মুখ্য উপদেষ্টা ইউনুছে প্রথম বার্ষিকী কার্যসূচীত জুলাইত ঘোষণা পত্রও মুকলি কৰে৷ এই ঘোষণা পত্রত ৰাজনৈতিক, সাংবিধানিক আৰু শাসন ব্যৱস্থাৰ সংস্কাৰ সন্দর্ভত ২৬টা দফা আছে৷
Niyomiya Barta Desk, 7 August, 2025