নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ’ বেক টু ইণ্ডিয়া : আয়াৰলেণ্ডত ৬ বছৰীয়া ভাৰতীয় কন্যাক নির্মম প্রহাৰ

আয়াৰলেণ্ডৰ ৱাটাৰফ’ডত ৬ বছৰীয়া ভাৰতীয় মূলৰ কন্যা এগৰাকীক ল’ৰাৰ দল এটাই নির্মম প্রহাৰ কৰাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷

ৰাজপথত চাইকেল চলাই থকা ল’ৰাৰ দল এটাই কন্যাগৰাকীক গোপন অংগত প্রহাৰ কৰাৰ লগতে গ’ বেক টু ইণ্ডিয়া বুলি চিঞৰে৷ দেশখনত প্রথমবাৰৰ বাবে শিশু কন্যাক এনেদৰে কোনো ল’ৰাৰ দলে গ’ বেক টু ইণ্ডিয়া বুলি চিঞৰি প্রহাৰ কৰা ঘটনা সংঘটিত হোৱাক লৈ তীব্র প্রতক্রিয়াৰো সৃষ্টি হৈছে৷

ইয়াৰ পূর্বে ভাৰতীয়ৰ ওপৰত অপ্রৰোচিত আক্রমণৰ ঘটনা ঘটি আহিছে যদিও শিশুৰ ওপৰত ৰাজপথত এনেধৰণৰ অশালীন আক্রমণ হোৱা নাছিল৷ সোমবাৰে সন্ধিয়া শিশু কন্যাগৰাকীয়ে তেওঁৰ ঘৰৰ বাহিৰত পথত অন্যৰ সৈতে খেলি থকা অৱস্থাতে যুৱকৰ দল এটাই আক্রমণ কৰে৷

শিশু কন্যাগৰাকীৰ মাতৃগৰাকীয়ে প্রকাশ কৰা মতে, এনেধৰণৰ আক্রমণৰ পাছত আয়াৰলেণ্ডত ভাৰতীয় লোক সুৰক্ষিত নহয় বুলি তেওঁ অনুভৱ কৰিবলৈ লৈছে৷ মাতৃৰ সন্মুখতে ল’ৰাৰ দলটোৱে তেওঁৰ কন্যাক আক্রমণ কৰাৰ পাছতো সুৰক্ষা দিব নোৱাৰিলে বুলি ক্ষোভ প্রকাশ কৰে৷

Niyomiya Barta Desk, 7 August, 2025

You might also like