নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

BFIৰ বিৰুদ্ধে অভিযোগ লাভলীনাৰ, লাভ কৰা নাই প্রশিক্ষণৰ সুযোগ

টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক বিজয়ী অসম কন্যা লাভলীনা বৰগোহাঁয়ে ভাৰতীয় বক্সিং ফেডাৰেচনৰ কর্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ ফেডাৰেচনৰ কার্যবাহী অধ্যক্ষ তথা অন্তর্ৱর্তীকালীন সমিতিৰ সদস্য অৱসৰপ্রাপ্ত কর্নেল অৰুণ মালিকৰ বিৰুদ্ধে দুর্ব্যৱহাৰ আৰু লিংগ বৈষম্য কৰাৰ অভিযোগ তুলিছে অসম কন্যাই৷

প্রাপ্ত খবৰ অনুসৰি লাভলীনাই দুটা পৃষ্ঠাৰ এক অভিযোগ পত্র দাখিল কৰিছে৷ য’ত খেলৰত্ন আৰু অর্জুন বঁটাপ্রাপক খেলুৱৈগৰাকীয়ে যোৱা ৮ জুলাইত টার্গেট অলিম্পিক পডিয়াম পৰিকল্পনাৰ বাবে অনলাইনযোগে হোৱা বৈঠকত মালিকে তেওঁৰ কৃতিত্ব অর্থহীন কৰা আৰু তেওঁক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷ এই সন্দর্ভত লাভলীনাই কয় যে মই গভীৰভাৱে দুখ পাইছোঁ, হতাশ হৈছোঁ আৰু সঁচাকৈয়ে আমি মহিলা খেলুৱৈ হিচাপে লাভ কৰা সন্মান আৰু মর্যাদাক লৈ প্রশ্ণ উত্থাপন কৰিছিল৷

অসম কন্যাগৰাকীয়ে ক্রীড়ামন্ত্রী মনসুখ মান্দবিয়া, ভাৰতীয় ক্রীড়া কর্তৃপক্ষৰ সঞ্চালকপ্রধান হৰিৰঞ্জন ৰাও, টপছ, আই’এ আৰু বিএফআইলৈ অভিযোগ পত্র প্রেৰণ কৰে৷ ইয়াৰ প্রতিক্রিয়াস্বৰূপে মন্ত্রালয়ৰ নির্দেশত ভাৰতীয় অলিম্পিক সন্থাই তিনিজনীয়া এখন তদন্ত কমিটী গঠন কৰিছিল যদিও দুসপ্তাহৰ ভিতৰত প্রতিবেদন দাখিলৰ দায়িত্ব দিয়া সমিতিখনে প্রায় এমাহ পাৰ হোৱাৰ পিছতো নিজৰ তথ্য প্রকাশ কৰিব পৰা নাই৷ ফেডাৰেচনৰ কার্যবাহী অধ্যক্ষগৰাকীয়ে মোক উদ্দেশ্যি কৰি উচ্চ স্বৰত আক্রমণাত্মকভাৱে হেয় জ্ঞান কৰি কথা ক’লে আৰু মোক ধমক দি ক’লে যে চুপ থাকা, মূৰটো তললৈ নমাই আমি কোৱাৰ দৰে কৰা৷

তেওঁৰ কথাবোৰে কেৱল অসন্মানজনকেই নহয়, লিংগ বৈষম্যমূলক আৰু স্বৈৰাচাৰী আধিপত্যৰ এক আতংকজনক সুৰো বহন কৰিছিল৷ যোৱা ৮ জুলাইৰ নিশা ১২ বজাত বিএফআই আৰু টপছৰ সৈতে হোৱা ভিডি’ বৈঠকৰ সময়ত এই বিবাদটো সৃষ্টি হৈছিল৷ লাভলীনাই ভাৰতীয় মহিলা বক্সিং দলৰ দীর্ঘদিনীয়া প্রশিক্ষক তথা ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ দলৰ অংশ প্রণামিকা বড়োক এনআইএছ পাটিয়ালাৰ ৰাষ্ট্রীয় শিবিৰত ব্যক্তিগত প্রশিক্ষক হিচাপে কাম কৰাৰ লগতে লিভাৰপুলত হ’বলগীয়া

বিশ্ব চেম্পিয়নৰ প্রস্তুতিৰ বাবে ইউৰোপত প্রশিক্ষণ ল’বলৈ অনুমতি দিবলৈ অনুৰোধ জনাইছিল৷ অভিযোগ অনুসৰি টপছ বিভাগে বিবেচনা কৰাৰ পূর্বে অৰুণ মালিকে তেওঁৰ প্রস্তাৱ নাকচ কৰিছিল৷ লাভলীনাই লগতে কয় যে এই সন্ধিক্ষণত যেতিয়া তদন্ত চলি আছে মই কোনো মন্তব্য দিব নিবিচাৰোঁ৷ সমিতিখন আৰু ইয়াৰ প্রতিবেদনৰ ওপৰত মোৰ সম্পূর্ণ বিশ্বাস আছে৷ ৰাজহুৱাভাৱে মন্তব্য কৰাৰ পূর্বে মই প্রতিবেদন অহালৈ অপেক্ষা কৰিম৷

Niyomiya Barta Desk, 8 August, 2025

You might also like