নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : আমেৰিকান ড্রীমছ

পৃথিৱীৰ সকলোতকৈ ঐশ্বর্যশালী দেশ আমেৰিকা৷ পৃথিৱীৰ সকলোতকৈ শক্তিশালী দেশ আমেৰিকা৷ যুগে যুগে আমেৰিকাই আকর্ষণ কৰি আহিছে পৃথিৱীৰ আন দেশৰ বাসিন্দাসকলক৷ আমেৰিকাক এবাৰ স্ব–চক্ষে চোৱাৰ হেঁপাহ, আমেৰিকালৈ এবাৰ যোৱাৰ হেঁপাহ, আমেৰিকাত এবাৰলৈ হ’লেও কিছুদিন থকাৰ হেঁপাহ লাখ লাখজনে কঢ়িয়াই লৈ ফুৰে৷ সামৰিক আৰু ৰাজনৈতিক দিশেৰে শক্তিশালী আমেৰিকা শিক্ষাৰ ক্ষেত্রত অভূতপূর্ব আগবঢ়া৷

সেয়ে পৃথিৱীৰ হাজাৰ হাজাৰ ছাত্রই আমেৰিকাত উচ্চ শিক্ষা গ্রহণ কৰাৰ বাবে হাবিয়াস কৰে৷ তেওঁলোকৰ লক্ষ্য হ’ল আমেৰিকাৰ উচ্চ শিক্ষাৰ প্রতিষ্ঠানত শিক্ষা গ্রহণ কৰি ছাত্র জীৱনক আগুৱাই নিয়া আৰু ভৱিষ্যতে নির্ভৰযোগ্য প্রতিষ্ঠানত এটা সুৰক্ষিত চাকৰি যোগাৰ কৰা৷ আমেৰিকাৰ উচ্চ শিক্ষাৰ প্রতিষ্ঠানত অধ্যয়নৰত এই আমেৰিকান ড্রীমছে আন বহুতো দেশৰ লগতে বুজনসংখ্যক ভাৰতীয় শিক্ষার্থীকো খেদি ফুৰে৷ এটা উৎকৃষ্ট কর্মসংস্থাপন যোগাৰ হওক বা নহওক, আমেৰিকাত পঢ়াৰ গর্বৰে গর্বিত হ’ব খোজে অনেক ভাৰতীয়৷ যোৱাটো শতিকাৰ ৫০ৰ দশকৰ পৰা আমেৰিকালৈ ভাৰতীয় ছাত্রৰ সোঁত বৈছিল যদিও যোৱা ২৫ বছৰত সেই স্রোত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ কার্যতঃ বিগত কেইটামান বছৰত আমেৰিকাত পঢ়িবলৈ যোৱা বিশ্বৰ আন দেশৰ সর্বাধিকসংখ্যক শিক্ষার্থী ভাৰতীয়৷

২০২৩–২৪ চনত আমেৰিকালৈ পঢ়িবলৈ যোৱা ভাৰতীয় ছাত্রৰ সংখ্যা আন দেশৰ তুলনাত আছিল সর্বাধিক৷ সেই সময়ছোৱাত ৩,৩১,৬০২গৰাকী শিক্ষার্থীয়ে আমেৰিকাৰ শিক্ষানুষ্ঠানত অধ্যয়নৰ বাবে নামভর্তি কৰিছিল৷ আন যিকোনো দেশৰ তুলনাত এয়া সর্বাধিক৷ উল্লেখ্য যে উল্লিখিত বছৰটোত ভাৰতৰ পৰা ৭ লাখ ৬০ হাজাৰ শিক্ষার্থীয়ে বিদেশৰ শিক্ষানুষ্ঠানত পঢ়িবলৈ গৈছিল আৰু ইয়াৰ অর্ধেকসংখ্যকেই আছিল আমেৰিকালৈ যোৱা শিক্ষার্থী৷

ভাৰতৰ পিছতেই আমেৰিকাত অধ্যয়ন কৰা সর্বাধিক শিক্ষার্থী হ’ল চীনৰ৷ ২০২৩–২৪ চনত চীনৰ ২,৭৭,৩৯৮গৰাকী শিক্ষার্থীয়ে আমেৰিকাৰ শিক্ষা প্রতিষ্ঠানত অধ্যয়নৰ বাবে নামভর্তি কৰিছিল৷ ভাৰতৰ পৰা আমেৰিকালৈ পঢ়িবলৈ যোৱা এই বিপুলসংখ্যক শিক্ষার্থীয়ে আমেৰিকাৰ অর্থনীতিতো প্রভূত বৰঙণি আগবঢ়াই আহিছে৷ এক আনুমানিক পৰিসংখ্যা মতে বিগত বছৰটোত ভাৰতীয় শিক্ষার্থীয়ে আমেৰিকাৰ অর্থনীতিলৈ ১০ বিলিয়ন ডলাৰ বৰঙণি দিছে৷

শেহতীয়াকৈ ভাৰত–আমেৰিকাৰ সম্পর্কৰ দ্রুত অৱনতি ঘটা তিক্ততাই ভাৰতীয় শিক্ষার্থীৰ এই আমেৰিকান ড্রীমছক মষিমূৰ কৰাৰ সময়তে সামাজিক মাধ্যমত প্রকাশ পোৱা এক বার্তাই যথেষ্ট খলকনিৰ সৃষ্টি কৰিছে৷

সামাজিক মাধ্যম এক্স হেণ্ডেলত প্রকাশ পোৱা এটা পোষ্টত কোৱা হৈছে যে চীনা শিক্ষার্থীসকলে চীনক গঢ়ে৷ আৰু ভাৰতীয় শিক্ষার্থীসকলে আমেৰিকাক নির্মাণ কৰে৷ এই বার্তাটোৰে ইয়াকে ক’ব বিচাৰিছে যে আমেৰিকাত অধ্যয়নৰ বাবে যোৱা বৃহৎসংখ্যক চীনৰ শিক্ষার্থীয়ে শিক্ষাগ্রহণ সমাপ্ত হোৱাৰ পিছত পুনৰ নিজ দেশলৈ উভতি যায় আৰু চীনৰ বিভিন্ন ক্ষেত্রৰ প্রতিষ্ঠানত কর্মৰত হয়৷ আমেৰিকাত লাভ কৰা উচ্চ শিক্ষাৰ জৰিয়তে তেওঁলোকে চীনৰ উন্নতিত প্রভূত বৰঙণি যোগায়৷

ইয়াৰ বিপৰীতে আমেৰিকালৈ পঢ়িবলৈ যোৱা ভাৰতীয় ছাত্র–ছাত্রীসকলৰ সৰহভাগেই ভাৰতলৈ উভতি নাহি আমেৰিকাতে কর্মসংস্থাপন যোগাৰ কৰি সেই দেশতে থাকিবলৈ লয়৷ তেওঁলোকে লাভ কৰা উচ্চ শিক্ষা আৰু মেধা আমেৰিকাৰ উন্নয়নতে ব্যয় কৰে৷ কার্যতঃ ভাৰতীয় ছাত্রসকলে আমেৰিকাৰ উচ্চ শিক্ষা প্রতিষ্ঠানত লাভ কৰা আধুনিক শিক্ষাৰ পৰা গোটোৱা কর্মদক্ষতাৰ পৰা বঞ্চিত হয় ভাৰত৷

এক সমীক্ষা মতে ভাৰতৰ প্রায় ৬৫ শতাংশ শিক্ষার্থীয়ে শিক্ষা লাভৰ অন্তত ভাৰতলৈ উভতি নাহে৷ যাৰ ফলত দুই প্রকাৰে ক্ষতিৰ সন্মুখীন হয় ভাৰত৷ বৃহৎসংখ্যক শিক্ষার্থীয়ে আমেৰিকালৈ যোৱাৰ বাবে বিপুল পৰিমাণৰ ধন সেই দেশলৈ নির্গমন হয়৷ আনহাতে আমেৰিকাত লাভ কৰা উচ্চ শিক্ষাৰ সেৱাৰ পৰাও আমাৰ দেশখন বঞ্চিত হয়৷ ভাৰতীয় শিক্ষার্থীৰ এই আমেৰিকান ড্রীমছে ভংগুৰ কৰে আমাৰ উন্নতিৰ জখলাত বগোৱাৰ সপোনক৷

You might also like