নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী মোদীৰ ‘মন কী বাত’ৰ উপার্জন ৩৪.১৩ কোটি টকা

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বহুচর্চিত ৰেডিঅ’ কার্যসূচী মন কী বাতৰ পৰা ৩৪.১৩ কোটি উপার্জন হৈছে৷ এই মন্তব্য কেন্দ্রীয় ৰাজ্যিক তথ্য আৰু সম্প্রচাৰ মন্ত্রী এল মুৰুগানৰ৷

চলিত বর্ষাকালীন অধিৱেশনত ৰাজ্যসভাত এক লিখিত প্রশ্ণৰ উত্তৰ দি মন্ত্রীগৰাকীয়ে ৰেডিঅ’ৰ কার্যসূচী ‘মন কী বাত’ৰ জৰিয়তে ৩৪.১৩ কোটি টকা উপার্জন কৰা বুলি তথ্য দাঙি ধৰে৷ প্রধানমন্ত্রীৰ এই ‘মন কী বাত’ আকাশবাণীৰ উপৰি বিভিন্ন মাধ্যমৰ জৰিয়তে সম্প্রচাৰ হৈ আছে৷

মন্ত্রীগৰাকীয়ে এই কথাও স্পষ্ট কৰি দিয়ে যে আকাশবাণীৰ প্রযোজিত এই অনুষ্ঠান সম্প্রচাৰৰ বাবে অতিৰিক্ত খৰচ কৰা হোৱা নাই৷ বৰঞ্চ ইয়াৰ জৰিয়তে বিপুল পৰিমাণৰ ধনহে উপার্জন কৰা হৈছে৷ ২০১৪ চনৰ ৩ অক্টোবৰত প্রথমবাৰ ৰেডিঅ’যোগে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘মন কী বাত’ অনুষ্ঠান সম্প্রচাৰ কৰা হৈছিল৷

প্রতিটো মাহৰ অন্তিমটো দেওবাৰত এই কার্যসূচী সম্প্রচাৰ কৰা হয়৷ ৰেডিঅ’ৰ উপৰি দূৰদর্শনৰ ৰাষ্ট্রীয় আৰু আঞ্চলিক চেনেলতো এই কার্যসূচী সম্প্রচাৰিত হয়৷ তথ্য প্রকাশ কৰা মতে ৪৮ আকাশবাণী ৰেডিঅ’ চেনেল আৰু ৯২টা টিভি চেনেলত প্রধানমন্ত্রীৰ এই কার্যসূচী সম্প্রচাৰিত হৈ আছে৷

Niyomiya Barta Desk, 9 August, 2025

You might also like