নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাঁওসভাত প্ৰচণ্ড মাৰপিট, হোজাইত উত্তপ্ত পৰিস্থিতি

হোজাইৰ কপাহবাৰী গাঁও পঞ্চায়তৰ গাঁও সভাত প্ৰচণ্ড মাৰপিট। গাঁওসভা চলি থকাৰ সময়তে দুটা ফৈদৰ মাজত সৃষ্টি হয় এই মাৰপিট। সভাতে এজনৰ গালৈ আনজনে দলিয়ালে চকী।

ইফালে ঘটনাস্থলীত মোৰাঝাৰ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে উত্তপ্ত পৰিস্থিতি। পঞ্চায়ত কাৰ্য্যালয়ত অনুষ্ঠিত হৈছিল গাঁওসভাখন। সভাত পূৰ্বৰ কামৰ খতিয়ান বিচাৰি এচামে প্ৰশ্ন উত্থাপন কৰাৰো অভিযোগ উঠিছে। তেনে সময়তে আন এচামে হুলস্থুল কৰে।  লগে লগে দুয়োপক্ষৰ মাজত কথাৰ কটাকটি হৈ মাৰপিটৰ সৃষ্টি হয়।

ঘটনা সন্দৰ্ভত মোৰাঝাৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। তিনি দিনমান পূৰ্বেও যমুনাগাঁও পঞ্চায়তো অনুৰূপ ধৰনে গাঁও পঞ্চায়তত মাৰপিটৰ ঘটনা সৃষ্টি হৈছিল।

Niyomiya Barta Desk, 9 August, 2025

You might also like