লংকেশ্বৰ পাহাৰৰ নামনিত চলিছে অবাধ বেদখল
ৰাজ্যত অবৈধ বেদখলকাৰী আৰু বাংলাদেশী মিঞাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ধাৰাবাহিক উচ্ছেদ অভিযান অব্যাহত ৰাখিছে৷ বিশেষকৈ চৰকাৰী ভূমি আৰু পাহাৰৰ লগতে বনাঞ্চলৰ ভূমিত দীর্ঘদিন ধৰি ঘৰ–দুৱাৰ সাজি বসবাস কৰা অবৈধ দখলকাৰীৰ বিৰুদ্ধে চৰকাৰ–প্রশাসনে কঠোৰস্থিতি গ্রহণ কৰি উচ্ছেদ অভিযান অব্যাহত ৰাখিছে৷
শেহতীয়াকৈ উচ্ছেদক কেন্দ্র কৰি ৰাজ্যত বিভিন্ন দল–সংগঠনৰ ক্রিয়া–প্রতিক্রিয়া অব্যাহত থকাৰ মাজতে গুৱাহাটী মহানগৰীত বেদখলকাৰীয়ে চৰকাৰী ভূমিত অবাধ বেদখল চলোৱাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ বিশেষকৈ জালুকবাৰী সংৰক্ষিত বনাঞ্চলৰ অন্তর্গত ঐতিহাসিক লংকেশ্বৰ ধামৰ নামনিত আৰম্ভ হৈছে বেদখল৷
উল্লেখ যে লংকেশ্বৰ পাহাৰত আছে শাস্ত্র বর্ণিত ঐতিহাসিক শ্রীশ্রী লংকেশ্বৰ ধাম৷ তদুপৰি হনুমান মন্দিৰ, শনি মন্দিৰ, লক্ষ্মী মন্দিৰ আৰু শ্রীশ্রী গণেশ মন্দিৰ আছে লংকেশ্বৰ পাহাৰত৷ গুৱাহাটীৰ অন্য পাহাৰৰ তুলনাত বেদখলৰ কবলত নপৰা লংকেশ্বৰ পাহাৰত আৰম্ভ হৈছে বেদখল৷ বিশেষকৈ পাহাৰৰ পশ্চিম দিশে অর্থাৎ প্রতিৰক্ষা বিভাগৰ সীমান্ত পথ সংস্থাৰ দাঁতিয়েদি আৰম্ভ হৈছে বেদখল৷ পাহাৰৰ মাটি কাটি সৰু সৰু টিনৰ চালি নির্মাণ কৰি চলিছে বেদখল৷
মন কৰিবলগীয়া যে লংকেশ্বৰ ধাম পৰিচালনা সমিতিয়ে পূর্বতে গুৱাহাটী ৰাজহ চক্র বিষয়া, বন বিভাগক এই সন্দর্ভত লিখিত অভিযোগ দাখিল কৰিছিল৷ কিন্তু উপৰোক্ত বিভাগীয় কর্তৃপক্ষই ব্যৱস্থা গ্রহণ নকৰাত বেদখলকাৰীসকল উৎসাহিত হৈ পৰিছে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ ধীৰেনপাৰা, নাৰেংগী, পাঞ্জাবাৰী, খানাপাৰা, আদিংগিৰি, গড়ভাঙা, মালিগাঁও, আমচাং আদি অঞ্চলত অবৈধ দখলকাৰীয়ে পাহাৰ তথা বন বিভাগৰ ভূমিত দখল কৰি দীর্ঘদিন ধৰি বাস কৰি আহিছে৷ বনাঞ্চল ধ্বংস কৰি বেদখলকাৰীয়ে ঘৰ–দুৱাৰ সাজি বাস কৰাৰ পিছতো আৰক্ষী প্রশাসন তথা বন বিভাগৰ দৃষ্টিগোচৰ হেৱা নাই৷
অৱশ্যে শেহতীয়াকৈ অসম চৰকাৰৰ নির্দেশমর্মে বন বিভাগ তথা জিলা প্রশাসনে অবৈধ দখলকাৰীক জাননী প্রেৰণ কৰি শীঘ্রে চৰকাৰী ভূমি খালী কৰিবলৈ নির্দেশ দিয়ে৷ যদিহে প্রশাসনৰ জাননী অনুসৰি নির্দিষ্ট সময়ৰ ভিতৰত চৰকাৰী ভূমি খালী নকৰে তেন্তে অবৈধ বেদখকাৰীক ব্লুড’জাৰেৰে উচ্ছেদ কৰিব বুলি প্রশাসনৰ এক সূত্রই সদৰি কৰিছে৷
Niyomiya Barta Desk, 12 August, 2025