নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এসপ্তাহ সময় সুশীল কুমাৰক, আদালতত হাজিৰৰ নিৰ্দেশ

পুনৰ জেল যাত্ৰা! এসপ্তাহৰ ভিতৰত হাজিৰ হ’ব লাগিব অলিম্পিয়ান সুশীল কুমাৰ

ভাৰতৰ অলিম্পিক পদক বিজয়ী মল্লযুঁজাৰু সুশীল কুমাৰৰ জামিন নাকচ কৰি তেওঁক এসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে।

সুশীল কুমাৰৰ বিৰুদ্ধে মল্লযুঁজাৰু সাগৰ ধনখড়ৰ হত্যাৰ গোচৰত অভিযোগ আছে। পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে সেই জামিন নাকচ কৰি তেওঁক পুনৰ জেললৈ যাবলৈ নিৰ্দেশ দিছে।

এই নিৰ্দেশৰ পিছত সুশীল কুমাৰে এসপ্তাহৰ ভিতৰত আদালতৰ সন্মুখত হাজিৰ হ’ব লাগিব, অন্যথা তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই ঘটনাই ক্ৰীড়া জগতত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে, কিয়নো সুশীল কুমাৰ ভাৰতৰ এগৰাকী প্ৰখ্যাত মল্লযুঁজাৰু আৰু অলিম্পিকত পদক জয়ী খেলুৱৈ।

Niyomiya Barta Desk, 13 August, 2025

You might also like