নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহস্যৰ আৱৰ্তত দশমী দুৱৰাৰ আত্ম*হন*ন : মৰণোত্তৰ ৰিপৰ্টে দিবনে সঠিক উত্তৰ

বোকাখাতস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ কাৰ্যালয় চৌহদৰ এটা কোৱাটাৰত যোৱা ৮ আগষ্টৰ পুৱা এগৰাকী যুৱতী কৰ্মচাৰীৰ ৰহস্যজনক আত্মহননৰ ঘটনাৰ আজি এসপ্তাহ পাৰ হ’ল। গোলাঘাট আঠখেলিয়া ঘিলাধাৰীৰ দশমী দুৱৰাৰ (২৩) মৃতদেহ কোৱাটাৰটোৰ পিছফালৰ বাৰান্দাত মাটিত ভৰি লাগি ওলমি থকা অৱস্থাত পুৱা উদ্ধাৰ হৈছিল আৰু পৰিয়ালৰ লোকে এয়া এক হত্যাকাণ্ড বুলি উল্লেখ কৰিছিল।

যোৱা দুটা বছৰ কাজিৰঙাৰ সঞ্চালকৰ কাৰ্যালয়ত এন পি এচ কৰ্মচাৰী হিচাবে দশমী দুৱৰা কৰ্মৰত হৈ আছিল ৷ ওলমি থকা মৃতদেহটো প্ৰত্যক্ষ কৰি বিভাগৰ উচ্চ পদস্থ বিষয়াক খবৰ দিয়াৰ লগতে পৰিয়ালৰ লোককো খবৰ দিয়া হয়৷

বিভাগৰ বিষয়াই এই মৃত্যুক এক সাধাৰণ আত্মহনন বুলি ক’লেও কোৱাটাৰটোত উপস্থিত হোৱা পৰিয়ালৰ লোকে ই এক হত্যাকাণ্ড বুলি দাবী কৰিছিল৷ সাধাৰণ আত্মহননতকৈ ই এক অস্বাভাৱিক আৰু কিছু বিসংগতি থকা বুলি পৰিয়ালে দাবী কৰে৷

লগতে ঘটনাৰ উচিত তদন্ত কৰিবৰ বাবে প্ৰশাসন আৰু বিভাগক দাবী জনায় ৷ ঘটনাস্থলীত কাজিৰঙাৰ উদ্যান কতৃপক্ষৰ লগতে দণ্ডাধীশ আৰু বোকাখাত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰাৰ লগতে বোকাখাত আৰক্ষীয়ে প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে ৷

বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই আজি জানিবলৈ দিয়া মতে ঘটনাৰ প্ৰাথমিক অনুসন্ধানৰ ওপৰত ভিত্তি কৰি এয়া এক স্বাভাৱিক আত্মহত্যা আৰু বৰ্তমান এই ঘটনাৰ বাবে কোনো দ্বিতীয় পক্ষৰ দ্বাৰা আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা হৈছিল নেকি এই সম্পৰ্কে তদন্ত চলি আছে বুলি জানিবলৈ দিয়ে।

আনহাতে বৰ্তমানো ফৰেনচিক লেবটৰিৰ পৰা মৰণোত্তৰ ৰিপৰ্ট অহা নাই। যদিহে এই ঘটনাৰ সৈতে আন কোনো পক্ষৰ হাত আছে সেয়া পৰবৰ্তী সময়ত পোহৰলৈ আহিব।

বিশেষ বাৰ্তা, বোকাখাত, ১৩ আগষ্ট, ২০২৫

You might also like