নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ উপৰি ৰাজ্যৰ সাতখন চহৰত অসম গ্রন্থমেলা

ৰাজ্যত অধ্যয়নৰ পৰিৱেশ সৃষ্টি কৰিবলৈ বদ্ধপৰিপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ৷ ভাল ৰুচিপূর্ণ গ্রন্থই মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে নৈতিকতভাৱেও যথেষ্ট শক্তিশালী কৰি তোলে৷ ৰাজ্যজুৰি গ্রন্থৰ পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্য আগত ৰাখি চলিত বছৰত ৰাজ্যৰ ৮ স্থানত অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই অনুষ্ঠিত কৰিব ‘অসম গ্রন্থমেলা’৷

অসম প্রকাশন পৰিষদৰ কার্যালয়ত আয়োজিত সংবাদ মেলত এই কথা সদৰী কৰিছে পৰিষদৰ সচিব প্রমোদ কলিতাই৷ সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সৈতে যুটীয়াভাৱে আয়োজিত সংবাদ মেলখনত পৰিষদৰ সচিব প্রমোদ কলিতাই কয় যে সাধাৰণতে গুৱাহাটীত অসম গ্রন্থমেলা অনুষ্ঠিত কৰা হয় যদিও এইবাৰ ৰাজ্যৰ ৭খন চহৰ ক্রমে বঙাইগাঁও, লখিমপুৰ, নলবাৰী, যোৰহাট, তিনিচুকীয়া, শিলচৰ আৰু মঙলদৈত আঞ্চলিক গ্রন্থমেলা ৰূপে ‘অসম গ্রন্থমেলা’ আয়োজন কৰা হ’ব৷

অহা ২২ অক্টোবৰত বঙাইগাঁৱত অসম গ্রন্থমেলাৰ শুভাৰম্ভ হ’ব আৰু ২৯ অক্টোবৰলৈ চলিব৷

একেদৰে নলবাৰীৰ প্রখ্যাত ৰাস মহোৎসৱৰ সৈতে সংগতি ৰাখি অহা ৬ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ গ্রন্থমেলা অনুষ্ঠিত হব।

লগতে মঙলদৈত এইবাৰ প্রথমবাৰৰ বাবে অহা ১২ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ গ্রন্থমেলা অনুষ্ঠিত হ’ব৷

আনহাতে, লখিমপুৰত ১ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ গ্রন্থমেলা অনুষ্ঠিত হ’ব।

যোৰহাটত ১৪ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ গ্রন্থমেলা অনুষ্ঠিত হ’ব।

তিনিচুকীয়াত ২৮ নৱেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ গ্রন্থমেলা অনুষ্ঠিত হ’ব।

শিলচৰত ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ অসম গ্রন্থমেলা অনুষ্ঠিত হ’ব৷

ইপিনে, গুৱাহাটীত হ’বলগীয়া অসম গ্রন্থমেলা পূর্বৰ ১২ দিনৰ ঠাইত ১৪ দিনীয়াকৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে পৰিষদে৷ পঢ়ুৱৈ ৰাইজৰ ব্যাপক সঁহাৰিৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি মন্তব্য কৰি পৰিষদৰ সচিব কলিতাই মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অহা ২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈকে অসম গ্রন্থমেলা অনুষ্ঠিত হ’ব৷

ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্রান্তৰ বহু প্রখ্যাত প্রতিষ্ঠানে এইবাৰ গ্রন্থমেলাত অংশ ল’ব৷ গ্রন্থ আন্দোলনক অধিক ত্বৰান্বিত কৰিবলৈ অসম প্রকাশন পৰিষদৰ স্বীকৃতিপ্রাপ্ত জিলা গ্রন্থমেলা সমিতিসমূহক ৫ লাখ টকাকৈ সাহায্য দিয়াৰ লগতে সমজিলা সমিতিসমূহক ২.৫ লাখ টকাকৈ সাহায্য দিয়াৰ সিদ্ধান্ত লোৱা হৈছে বুলি পৰিষদে সদৰী কৰিছে৷

ইয়াৰ বাহিৰেও সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবর্ষৰ সৈতে সংগতি ৰাখি কলকাতাৰ গ্রন্থমেলা সমিতিৰ সৈতে বিশেষ কার্যসূচী ৰূপায়ণ কৰা হ’ব৷

উল্লেখ্য যে গ্রন্থবর্ষ উপলক্ষে এইবেলি ৰাজ্য চৰকাৰে চৰকাৰী কর্মচাৰীসকলক কিতাপ কিনিবলৈ ধন প্রদান কৰিব৷ চৰকাৰে প্রদান কৰিব বিচৰা ধনখিনি যাতে গ্রন্থমেলাসমূহত গ্রন্থ ক্রয়ৰ যোগেদি সদ্ব্যৱহাৰ হয় তাৰ প্রতি উদ্যোক্তাসকলক সচেষ্ট হ’বলৈ আহ্বান জনাইছে সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ হৈ ধীৰাজ গোস্বামীয়ে৷

Niyomiya Barta Desk, 13 August, 2025

You might also like