ইছৰো ভিজিটৰ বাবে বাছনি নগৰবেৰাৰ আলমিৰাজ ৰাব্বানি
কামৰূপৰ নগৰবেৰাৰ পলাহৰটাৰীস্থিত আদৰ্শ বিদ্যালয়, দোকুচিৰ দ্বাদশ শ্ৰেণীৰ প্ৰতিভাৱান ছাত্ৰ আব্দুল্লা আলমিৰাজ ৰাব্বানি আগন্তুক বেংগালুৰুস্থিত ইছৰো (ISRO)ৰ এক্সপ্ল’ছিভ ভিজিট ২০২৫ৰ বাবে নিৰ্বাচিত হৈছে।
স্মৰ্ত্তব্য যে অসমৰ বাৰখন বিদ্যালয়ৰ মুঠ ১২জনকৈ মেধাসম্পন্ন ছাত্ৰইহে মাত্ৰ এই সুযোগ লাভ কৰিছে। আনহাতে সমগ্ৰ অসমৰ আদৰ্শ বিদ্যালয়সমূহৰ মাজৰ পৰা তেওঁ বাছনি হৈছে, এয়া নিঃসন্দেহে শিক্ষানুষ্ঠানখনৰ লগতে বৃহত্তৰ অঞ্চলটোৰ বাবে এক গৌৰৱৰ বিষয়।
ইছৰ’ৰ দৰে প্ৰতিষ্ঠানৰ বিশাল প্ৰায়োগিক বৈজ্ঞানিক অভিজ্ঞতা লাভ কৰি ছাত্ৰজনে বিজ্ঞান, গৱেষণা আৰু মহাকাশ যাত্ৰাৰ ক্ষেত্ৰত এক নতুন জ্ঞান লাভ কৰিবলৈ সক্ষম হ’ব। এনে সুযোগ ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীণ বিকাশৰ বাবে অতিব প্ৰয়োজনীয়।
ছাত্ৰজনৰ এনে কৃতিত্বই আদৰ্শ বিদ্যালয় দোকুচিৰ গৰিমা দ্বিগুণ বৃদ্ধি কৰিব। তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ কামনাৰ লগতে শিক্ষানুষ্ঠানখনৰ প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু বিশেষকৈ অধ্যক্ষ ড° ৰমেন বায়নৰ শিক্ষণ অহোপুৰুষাৰ্থৰ শলাগ লৈছে অঞ্চলবাসীয়ে।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৪ আগষ্ট, ২০২৫