ষ্টেডিয়াম আগবঢ়ালে ব্রাজিলৰ আগশাৰীৰ ফুটবল ক্লাবে
নিয়মীয়া বাৰ্তা, ২৪ মার্চঃ চীনৰ য়ুহানৰ পৰা বিশ্বৰ বিভিন্ন প্রান্তলৈ বিয়পি পৰা ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা লোকক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে ব্রাজিলৰ আগশাৰীৰ ফুটবল ক্লাব এটা ৷ ব্রাজিলতো দিনকদিনে ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ আক্রান্তৰ সংখ্যা ক্রমান্বয়ে বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত তেওঁলোকক যাতে সুচাৰুৰূপে চিকিৎসা সেৱা আগবঢ়াব পাৰে তাৰ প্রতি লক্ষ্য ৰাখিয়েই ব্রাজিলৰ কেইবাটাও ফুটবল ক্লাবে তেওঁলোকৰ ষ্টেডিয়ামসমূহ চিকিৎসালয় কর্তৃপক্ষলৈ আগবঢ়াইছে ৷ এই ষ্টেডিয়ামসমূহত চিকিৎসালয় কর্তৃপক্ষই যাতে অস্থায়ী ক্লিনিক সাজু কৰি ৰাখিব পাৰে তাৰ বাবে এই পদক্ষেপ গ্রহণ কৰিছে দেশখনৰ ক্লাবসমূহে৷ আনহাতে দক্ষিণ আমেৰিকান চেম্পিয়ন ফ্লামেনগ’য়ো ৰি’ ডি জেনেৰি’ত অৱস্থিত বিশ্ববিখ্যাত মাৰাকানা ষ্টেডিয়ামখন স্বাস্থ্য বিভাগৰ হাতত অর্পণ কৰিছে৷ মন কৰিবলগীয়া যে দেশখনত এতিয়ালৈকে ১১২৮জন লোক ক’ৰোনাত আক্রান্ত হৈছে আৰু ইয়াৰে ১৮জনৰ মৃত্যু হৈছে ৷