নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেটি ৰক্ষাৰ আন্দোলন

বাংলাদেশৰ পৰা শতিকাজুৰি চলি থকা অবাধ অনুপ্রৱেশে অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ জীৱন আৰু জীৱিকালৈ গভীৰ সংকট নমাই অনাৰ সময়তে ৰাজ্যখনৰ চৰকাৰী আৰু সংৰক্ষিত ভূমিত বেদখল উচ্ছেদৰ বিশেষ অভিযান আৰম্ভ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে৷ ৰাজ্যখনৰ প্রায় ৩০ লাখ বিঘা চৰকাৰী আৰু সংৰক্ষিত ভূমি বাংলাদেশী মূলৰ সন্দেহযুক্ত নাগৰিকে বেদখল কৰিছে৷ বিগত প্রায় ৫ বছৰৰ ভিতৰত ৰাজ্যখনৰ চৰকাৰী ভূমি, সংৰক্ষিত বনাঞ্চল, চৰণীয়া পথাৰ, জলাশয়, সত্র–নামঘৰকে ধৰি ধর্মীয় স্থানত বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰখনে ধাৰাবাহিক উচ্ছেদ অভিযান চলাই আছে৷ বুঢ়াচাপৰি, গৰুখুঁটি, বৰছলা, লামডিং, কার্বি আংলং, বটদ্রৱা, নাওবৈচা, চাপৰ, ধুবুৰী, উৰিয়ামঘাট, বিশ্বনাথ আদিত চলোৱা অভিযানত প্রায় ১ লাখ ৩০ হাজাৰ বিঘা মাটি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰ৷ ৰাজ্য চৰকাৰৰ সংৰক্ষিত ভূমি, বনাঞ্চল আৰু জলাশয় আদিত বেদখল কৰাটো আইনবিৰুদ্ধ৷ অসম ভূমি দখল (নিষিদ্ধকৰণ) আইন, ২০১০ আৰু অসম ফৌজদাৰী প্রক্রিয়া বিধি ১৯৭৩ৰ অধীনত চৰকাৰী সংৰক্ষিত ভূমিত বেদখল এক গুৰুতৰ অপৰাধ৷ কিন্তু ভোটবেংকৰ ৰাজনীতিৰে পৰিচালিত আমাৰ ৰাজনৈতিক আৰু আমোলাতান্ত্রিক ব্যৱস্থাই ৰাজ্যখনৰ চৰকাৰী আৰু সংৰক্ষিত ভূমিসমূহ সুৰক্ষিত কৰিব পৰা নাই৷ বছৰ বছৰ ধৰি এনে আইনবিৰুদ্ধ কার্য চলি থকাৰ ফলত ৰাজ্যখনৰ বনাঞ্চল আৰু সংৰক্ষিত ভূমি সংকুচিত হৈ আহিছে আৰু খিলঞ্জীয়া লোকসকলৰ জীৱন–জীৱিকাৰ প্রতি তীব্র ভাবুকিৰ সৃষ্টি হৈছে৷ শেহতীয়াকৈ ৰাজ্যখনত বনাঞ্চল আৰু জলাশয়ৰ ভূমিত ব্যাপক বেদখল উচ্ছেদ চলিছে৷ লক্ষণীয় এই যে এনে বেদখল উচ্ছেদক লৈ ৰাজ্যখনৰ জাতীয় দল–সংগঠন, প্রকৃতিপ্রেমী সংগঠনসমূহৰ ভূমিকাও আশাপ্রদ নহয়৷ উন্নয়ন আৰু বিকাশৰ ধাৰা অব্যাহত ৰখাৰ স্বার্থত ৰাস্তাৰ কাষৰ গছ–গছনি কটাৰ বিৰুদ্ধে সততে সৰৱ হৈ পৰা আমাৰ তথাকথিত একাংশ প্রকৃতিপ্রেমী সংগঠনেও বনাঞ্চলত চলি থকা ব্যাপক বেদখলৰ বিষয়টোক লৈ ইমানদিনে মূৰ ঘমোৱা নাছিল৷ উৰিয়ামঘাট, পাইকান আদি বনাঞ্চলৰ হাজাৰ হাজাৰ বিঘা মাটি বেদখল কৰি প্রকৃতি ধ্বংস কৰাৰ পিছতো আমাৰ অধিকাংশ প্রকৃতিপ্রেমী সংগঠন নিশ্চুপ হৈ আছিল৷ আনকি সংৰক্ষিত বনাঞ্চলসমূহৰ এক লাখ বিঘাৰো অধিক ভূমি বেদখলমুক্ত কৰি গছপুলি ৰোপণেৰে ৰাজ্য চৰকাৰখনে গ্রহণ কৰা আশাব্যঞ্জক পদক্ষেপক প্রকৃতিপ্রেমী সংগঠনসমূহে সক্রিয় সহযোগ কৰাটো দূৰৰ কথা, চৰকাৰখনৰ এনে দৃঢ় পদক্ষেপক আদৰণি জনোৱা পৰিলক্ষিত হোৱা নাই৷ প্রকৃতিক আঘাত নকৰাকৈ বিকাশৰ গতি অব্যাহত থাকিলে সকলোৰে মংগল৷ তথাপি জনসংখ্যাৰ বৃদ্ধি আৰু বিকাশৰ স্বার্থত গছ–গছনি কাটিব লগা হ’ব পাৰে৷ কিন্তু যিমানসংখ্যক পৈণত গছ কটা হয় তাৰ তুলনাত অধিক গছপুলি ৰোপণ কৰিলে প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰিব পাৰি৷ কিন্তু সংৰক্ষিত বনাঞ্চলসমূহ বেদখল কৰিলে প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰাটো কোনো কাৰণতে সম্ভৱ নহয়৷
ৰাজ্যখনৰ চৰকাৰী আৰু সংৰক্ষিত ভূমিত চলি থকা অবাধ বেদখল এদিনতে উদ্ভৱ হোৱা সমস্যা নহয়৷ দেশে স্বাধীনতা লাভ কৰাৰ পূর্বেই অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ সাৰুৱা ভূমিক লৈ এখন বৃহৎ ইছলামিক ৰাষ্ট্র গঠনৰ এক পৰিকল্পিত চক্রান্ত চলি আছে৷ স্বৰাজোত্তৰ সময়ত ছাদুল্লাই ব্রিটিছৰ স’তে মিত্রতা কৰি অধিক শস্য উৎপাদনৰ নামত বাংলাদেশৰ পৰা হাজাৰ হাজাৰ লোকক অসমত সংস্থাপিত কৰিছিল৷ অসমৰ উর্বৰ ভূমিত অধিক শস্য উৎপাদনৰ নামত ছাদুল্লাৰ লক্ষ্য আছিল অসমখনক পূব পাকিস্তান তথা বর্তমানৰ বাংলাদেশৰ অধীন কৰা৷ এইক্ষেত্রত দেশৰ স্বাধীনতা সংগ্রামৰ সময়তে মহম্মদ আলী জিন্নাৰ নেতৃত্বত ছাদুল্লা আৰু মইনুল হক চৌধুৰীয়ে বৰঅসমখনক বিচ্ছিন্ন কৰাৰ চক্রান্ত চলাইছিল আৰু পতিত ভূমিসমূহ মিঞাক গতাই দিছিল৷ দেশৰ স্বাধীনতা সংগ্রামত মুছলিম লীগৰ এনে চক্রান্ত প্রতিৰোধ হ’লেও এই চক্রটোৰ ছত্রছায়াতে অসমত ভূমি জেহাদ চলি আছে৷ এই ভূমি জেহাদৰ অংশৰূপে মিঞাসকল অসমৰ সংৰক্ষিত ভূমি, জলাশয়, বনাঞ্চল, চৰণীয়া পথাৰ আদিত বেদখল কৰিবলৈ উৎসাহ প্রদান কৰা হৈছে৷ ৰাজ্যখনৰ সংৰক্ষিত ভূমিত বেদখল উচ্ছেদ কৰিবলৈ উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে বিভিন্ন সময়ত কঠোৰ নির্দেশনা প্রদান কৰি আহিছে যদিও পালমৰা ব্যৱস্থাৰে এনে প্রক্রিয়া আধাতে বন্ধ ৰাখি বেদখলকাৰীসকলক সুৰক্ষিত কৰি ৰাখিছে৷ আটাইতকৈ উদ্বেগজনক কথা এয়ে যে এনে বেদখলৰ অন্তৰালত মাথোঁ ভোটবেংকৰ ৰাজনীতিক প্রাধান্য দিয়া নেতাই নহয়, চৰকাৰৰ একাংশ প্রভাৱশালী আমোলাও জড়িত হৈ থকাৰ অভিযোগ উঠিছে৷ গোৱালপাৰা জিলা বন বিষয়াৰ দায়িত্বত থকা এজন ইছলামধর্মী বিষয়াৰ ছত্রছায়াতে পাইকান বনাঞ্চলত ব্যাপক হাৰত বেদখল হৈছিল বুলি শেহতীয়াকৈ মুখ্যমন্ত্রী ড০ শর্মাই ব্যক্ত কৰিছে৷ সম্প্রতি বন বিষয়াজনে চাকৰিৰ পৰা অৱসৰ লৈছে আৰু আইনজীৱীৰূপে বেদখলকাৰীসকলক সুৰক্ষিত কৰিবলৈ উঠি-পৰি লাগিছে৷ প্রকৃততে সংৰক্ষিত ভূমিত যাতে কোনেও পৰিকল্পিতভাৱে বেদখল চলাব নোৱাৰে তাৰ বাবে সংশ্লিষ্ট বিভাগে দায়িত্ব গ্রহণ কৰিবই লাগিব৷ যিসকল বিষয়াৰ প্রৰোচনা অথবা নির্বিকাৰ ভূমিকাৰ বাবে সংৰক্ষিত ভূমিত বেদখল চলিছে তাৰ উচিত তদন্ত কৰি দোষী বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা উচিত৷ ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলক সুৰক্ষিত কৰাটো চৰকাৰৰ দায়িত্ব৷ বেদখলকাৰীৰ আগ্রাসনত খিলঞ্জীয়া লোকসকলে যাতে অসমত ভগনীয়াত পৰিণত নহয় তাৰ বাবে অসমক ভালপোৱা সকলো দল–সংগঠনে বেদখল উচ্ছেদ অভিযানক ঐক্যবদ্ধ সমর্থন দিয়াটো উচিত৷ প্রকৃততে বেদখলবিৰোধী অভিযান অসমৰ খিলঞ্জীয়াৰ ভেটি ৰক্ষাৰ এক আন্দোলন৷ চিন্তনীয় এয়ে যে কংগ্রেছৰ দৰে শতিকা পুৰণি দলটোৰ নেতৃত্বই উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি মুকলিকৈ বেদখলকাৰী মিঞাৰ পক্ষত অৱস্থান কৰিছে৷ জাতীয়তাবাদৰ বচন আওৰাই থকা অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ অখিল গগৈ আদিয়েও উচ্ছেদ অভিযানৰ বিৰুদ্ধাচৰণ কৰি খিলঞ্জীয়াবিৰোধী স্থিতি গ্রহণ কৰিছে৷ সন্মুখত থকা বিধানসভা নির্বাচনত মিঞাৰ ভোটৰ স্বার্থতে দল তিনিটাই এনে খিলঞ্জীয়াবিৰোধী ভূমিকাত অৱতীর্ণ হৈছে৷ কিন্তু অসমৰ খিলঞ্জীয়াৰ সমর্থন অবিহনে কোনো ৰাজনৈতিক দলে ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণ কৰিব নোৱাৰে৷ এই কথা ৰাজ্যখনৰ দল–সংগঠনসমূহে ভালদৰে উপলব্ধি কৰা উচিত৷

You might also like