‘3 Idiots’ৰ অধ্যাপক, প্ৰবীণ অভিনেতা অচ্যুত পোটদাৰৰ দেহাৱসান, বলীউডত শোকৰ ছাঁ
নিউজ ডেস্ক, ১৯ আগষ্ট : বলীউডৰ বাবে আকৌ এটা দুঃসংবাদ। সোমবাৰে গভীৰ নিশা প্ৰবীণ অভিনেতা অচ্যুত পোটদাৰে ইহলীলা সম্বৰণ কৰে। মহাৰাষ্ট্ৰৰ থানেৰ জুপিটাৰ হাস্পতালত বয়সজনিত অসুস্থতাৰ বাবে কিছুদিন ধৰি ভৰ্তি হৈ আছিল খ্যাতনামা অভিনেতাগৰাকী। ১২৫ৰো অধিক হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰৰ লগতে ১০০ৰো অধিক টিভি ধাৰাবাহিকত অভিনয় কৰা অচ্যুত পোটদাৰে অৱশেষত ১৮ আগষ্টৰ নিশা থানেৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ সঠিক কাৰণ এতিয়াও প্ৰকাশ কৰা হোৱা নাই যদিও বাৰ্ধক্যজনিত কাৰণতে প্ৰবীণ অভিনেতাগৰাকীৰ দেহাৱসান ঘটা বুলি প্ৰকাশ পাইছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯১ বছৰ।
১৯৮০ৰ দশকৰ শেষৰফালে অচ্যুত পোটদাৰে অভিনয় জগতত ভৰি দিছিল। তাৰ পূৰ্বে তেওঁ দেশৰ সেৱাত নিজকে নিয়োজিত কৰিছিল। ভাৰতীয় সেনা বাহিনীত কৰ্মৰত আছিল অচ্যুত পোটদাৰ। তাৰ পিছত ইণ্ডিয়ান অইল কোম্পানীতো কাম কৰিছিল। পৰৱৰ্তী সময়ত টেলিভিছনৰ জৰিয়তে অভিনয় জগতত প্ৰৱেশ কৰে আৰু তাৰ পিছত তেওঁ পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল। তেওঁ ফিল্মী কেৰিয়াৰত ১২৫খনৰো অধিক হিন্দী আৰু মাৰাঠী ছবিত অভিনয় কৰিছিল। বিশেষকৈ পৰিচালক বিধু বিনোদ চোপড়াৰ ছবিত তেওঁৰ উল্লেখযোগ্য উপস্থিতিয়ে তেওঁক বলীউডত এখন চিনাকি মুখ কৰি তুলিছিল। তেওঁৰ ‘থ্ৰী ইডিয়টছ’ ছবিৰ সংলাপ- “কহনা ক্যা চাহতে হো?” আজিও দৰ্শকৰ মাজত অত্যন্ত জনপ্ৰিয় আৰু ছ’চিয়েল মিডিয়াত বহুতো মিমত ব্যৱহাৰ হৈ আহিছে।
অচ্যুত পোটদাৰে ৰাজকুমাৰ হিৰাণীৰ ব্লকবাষ্টাৰ ছবি ‘থ্ৰী ইডিয়টছ’ত অধ্যাপকৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। তদুপৰি প্ৰবীণ অভিনেতাগৰাকীক ‘আক্ৰোশ’, ‘অৰ্ধ সত্য’, ‘তেজাব’, ‘পৰিণ্ডা’, ‘ৰাজু বন গয়া জেণ্টলমেন’, ‘দিলৱালে’, ‘ৰংগিলা’, ‘ৱাস্তৱ’, ‘হাম সাথ সাথ হেয়’, ‘পৰিণীতা’, ‘লাগে ৰাহো মুন্না ভাই’, ‘দাবাং ২’ আৰু ‘ভেণ্টিলেটৰ’ৰ দৰে বহুতো বাণিজ্যিকভাৱে সফল বলীউড ছবিত দেখা যায়। তেওঁৰ অভিনয়ৰ সৰলতা আৰু সততাই প্ৰতিটো চৰিত্ৰক প্ৰাণৱন্ত কৰি তুলিছিল।
মঙলবাৰে তেওঁৰ প্ৰয়াণৰ খবৰ বিয়পি পৰাৰ লগে লগে বলীউডত শোকৰ ছাঁ পৰে। তেওঁৰ হাঁহি, সৰলতা আৰু অভিনয়ৰ প্ৰতি নিষ্ঠাই তেওঁক চিৰস্মৰণীয় কৰি ৰাখিব। প্ৰবীণ অভিনেতাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া মঙলবাৰে থানেত সম্পন্ন হ’ব।