নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ লজত যৌন নিৰ্যাতন-ৰ অপচেষ্টা : নৰাধম আব্দুলক গ্ৰেপ্তাৰ

যৌন নিৰ্যাতন-ৰ অপচেষ্টা : বৰছলা সমষ্টিৰ মিছামাৰীৰ গৰুবন্ধা পলিক্লিনিকৰ স্বত্বাধিকাৰী মঃ আব্দুল ৰফিকক গ্ৰেপ্তাৰ। গৰুবন্ধা পলিক্লিনিকৰ নাৰ্চ এগৰাকীক যৌন আতিশয্য চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল স্বয়ম্ভূ চিকিৎসক মঃ আব্দুল ৰফিক৷

মিছামাৰীৰ গৰুবন্ধা পলিক্লিনিকৰ যুৱতী নাৰ্ছ এগৰাকীক যৌন আতিশয্য চলোৱাৰ খবৰ বিয়পি পৰাৰ পিছতে স্থানীয় ৰাইজে গৰুবন্ধা পলিক্লিনিকত উপস্থিত হৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে। গৰুবন্ধা পলিক্লিনিকৰ স্বত্বাধিকাৰী মঃ আব্দুল ৰফিকে পূৰ্বেও জন্ম আৰু মৃত্যুৰ প্ৰমাণপত্ৰ জালিয়াতি কৰি চিকিৎসক তথা যুটীয়া সঞ্চালকৰ ষ্টাম্প বনাই প্ৰমাণপত্ৰ বিক্ৰী কৰাৰ অভিযোগত জেললৈ গৈছিল৷

আনহাতে ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ সেনা চাউনীলৈয়ো ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ সংঘটিত কৰি অশনি সংকেত কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন হৈছে স্বয়ম্ভূ চিকিৎসক মঃ আব্দুল ৰফিকৰ বিৰুদ্ধে৷ স্থানীয় ৰাইজে তলা ওলমাইছে অসামাজিক কৰ্মকাণ্ডত লিপ্ত থকা আব্দুল ৰফিকৰ গৰুবন্ধা পলিক্লিনিকত৷

ভুক্তভোগী যুৱতীগৰাকীয়ে সংবাদ মাধ্যমত অভিযোগ উত্থাপন কৰি কয় যে ২১ জুলাই তাৰিখে যুৱতীগৰাকীয়ে গৰুবন্ধা পলিক্লিনিকত নাৰ্চৰ প্ৰশিক্ষণৰ বাবে ভৰ্তি হয়। ইয়াৰ পিছৰে পৰাই পলিক্লিনিকৰ স্বত্বাধিকাৰী মঃ আব্দুল ৰফিকে যুৱতীগৰাকীক নানাধৰণৰ শাৰীৰিক মানসিক অত্যাচাৰ চলায়৷

যুৱতীগৰাকীয়ে লগতে অভিযোগ উত্থাপন কৰি কয় যে পলিক্লিনিকৰ স্বত্বাধিকাৰী মঃ আব্দুল ৰফিকে যুৱতীগৰাকীক প্ৰলোভন দি নগাঁৱলৈ ফুৰাব লৈ গৈ এটা লজত যুৱতীগৰাকীক নিচাযুক্ত দ্ৰব্য সেৱন কৰাই আবদ্ধ কৰি যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল। যুৱতীগৰাকীয়ে কৌশলেৰে সেই স্থান ত্যাগ কৰি আৰক্ষীক সমগ্ৰ ঘটনা অৱগত কৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নৰাধম আব্দুলক ৷

স্থানীয় ৰাইজে তলা ওলমাইছে অসামাজিক কৰ্মকাণ্ডত লিপ্ত থকা আব্দুল ৰফিকৰ গৰুবন্ধা পলিক্লিনিকত৷

বিশেষ বাৰ্তা, ঢেকীয়াজুলি, ১৯ আগষ্ট

You might also like