নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Mumbai Havoc : প্রবল বৰষুণত মুম্বাইত বান, ১১জনৰ প্রাণহানি, ৰেড এলার্ট জাৰি

Mumbai Havoc : প্রবল বৰষুণৰ বাবে প্রাকৃতিক বিপর্যয়ৰ সন্মুখীন মায়ানগৰী মুম্বাই৷ মহাৰাষ্ট্রৰ উপকূলীয় চহৰ বাণিজ্যিক ৰাজধানী খ্যাত মুম্বাইত চলি থকা প্রবল বৰষুণৰ বাবেই চহৰখনত অনাহূত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ মুম্বাইৰ প্রতিটো অঞ্চলেই জলমগ্ন হৈ পৰিছে৷ শৈক্ষিক প্রতিষ্ঠানসমূহ বন্ধ ঘোষণা কৰা হৈছে৷  বৰষুণসৃষ্ট কাৰকতেই চহৰখনত অতি কমেও ১২জন লোকৰ প্রাণহানি হৈছে, ৮জন সন্ধানহীন হৈ আছে৷

ইপিনে, বিভিন্ন জলমগ্ন অঞ্চলৰ পৰা শতাধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে৷ মুম্বাইৰ লগতে চহৰখনৰ আশে–পাশে থকা অঞ্চলসমূহতো প্রবল বৰষুণে বাট–পথ জলমগ্ন কৰি তুলিছে৷ পথসমূহ জলমগ্ন হোৱাত যাতায়াত ব্যৱস্থা বিশেষকৈ পৰিবহণ ব্যৱস্থা বিঘ্ণিত হৈছে৷

তেনেদৰে মেট্র’ ৰে’ল সেৱা আৰু বিমান সেৱা বিঘ্ণিত হৈছে৷ মেট্র’ আৰু বিমান সেৱা বিঘ্ণিত হোৱাত যাত্রীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ জলমগ্ন অঞ্চলসমূহত উদ্ধাৰ অভিযান চলাবলৈ এছডিআৰএফ আৰু সেনা মোতায়েন কৰা হৈছে৷ নান্দেদ জিলা বৰষুণসৃষ্ট বানত ক্ষতিগ্রস্ত হৈছে৷ এই জিলাখনত ২৯০তকৈ অধিক লোকক স্থানান্তৰিত কৰা হৈছে৷

মুখ্যমন্ত্রী দেৱেন্দ্র ফাড়নাভিছে মুম্বাইৰ লগতে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত সৃষ্ট বানক লৈ উচ্চ পর্যায়ৰ পর্যালোচনা বৈঠক আয়োজন কৰিছে আৰু সকলো সম্ভাব্য সহায় আৰু সাহায্য আগবঢ়াবলৈ নির্দেশ দিছে৷ বতৰ বিজ্ঞান বিভাগে মুম্বাইকে ধৰি চুবুৰীয়া অঞ্চলত প্রবল বৰষুণৰ আগজাননী দি ৰেড এলার্ট ঘোষণা কৰাৰ পাছত মুখ্যমন্ত্রীগৰাকীয়ে পৰৱর্তী ৪৮ ঘণ্টা মুম্বাইৰ বাবে অতি জটিল সময় বুলি ঘোষণা কৰিছে৷

মুম্বাই, থানে, ৰায়গড়, ৰত্নগিৰী আৰু সিন্ধু দুর্গৰ বাবে পৰৱর্তী ৪৮ ঘণ্টা অতি জটিল সময় বুলি মুখ্যমন্ত্রীয়ে ঘোষণা কৰাৰ লগতে অনাহকত জনতাক ঘৰৰ বাহিৰলৈ নোলাবলৈ আহ্বান জনোৱাৰ লগতে সতর্ক হৈ থাকিবলৈ পৰামর্শ দিছে৷

ইপিনে, নেৰানেপেৰা বৰষুণৰ বাবে মুম্বাইত এখন মনোৰে’লত অঘটন ঘটিছে৷ বিদ্যুতৰ বিসংগতিৰ বাবেই মনোৰে’লখন আবদ্ধ হৈ পৰাত ৰে’লখনত থকা চাৰিশতাধিক যাত্রীৰ হাহাকাৰ লাগে৷ মুম্বাই মেট্র’পলিটান ৰিজন ডেভেলপমেণ্ট অথৰিটীয়ে প্রকাশ কৰা মতে, বৰষুণৰ বাবেই এখন মনোৰে’লত অঘটন ঘটিছে৷ দুঘণ্টাতকৈ অধিক সময় ৰে’লখনত চাৰি শতাধিক যাত্রী আবদ্ধ হৈ থাকে৷

ৰাজ্যখনৰ উপ–মুখ্যমন্ত্রী একনাথ সিন্ধেই প্রকাশ কৰা মতে, হার্বৰ লাইন বন্ধ হৈ থকাৰ পৰিপ্রেক্ষিতত মনোৰে’লখনত অত্যধিক যাত্রীয়ে ভিৰ কৰিছে৷ এলেভেটৰত চলিত ৰে’লখন বিদ্যুৎ বিজুতিৰ বাবে আবদ্ধ হৈ পৰে৷ আবদ্ধ হৈ পৰাৰ লগে লগে একাংশ যাত্রীয়ে শংকাতে ৰে’লখনৰ খিৰিকী ভাঙি পলাবলৈ চেষ্টা কৰে৷ উদ্ধাৰকাৰী দল গৈ পোৱাৰ পূর্বেই শংকিত যাত্রীসকলে এনে কার্য কৰে যদিও পাছলৈ উদ্ধাৰকাৰী দলে যাত্রীসকলক শংকামুক্ত কৰিবলৈ সক্ষম হয়৷ তথ্য মতে, চেম্বুৰ আৰু ভক্তি পার্কৰ মাজত মনোৰে’লখন আবদ্ধ হৈ পৰে৷

Niyomiya Barta desk, 20 August

You might also like