নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আখৰা শেষ : নাট্যযুদ্ধলৈ সাজু আৱেগৰ ভ্ৰাম্যমাণ থিয়েটাৰ

যোগেশ কলিতাৰ বিশেষ প্ৰতিবেদন, ২০ আগষ্ট

অসমত আৰম্ভ হল ভ্ৰাম্যমাণ থিয়েটাৰ-ৰ বতৰ। জনপ্ৰিয় তাৰকাক প্ৰতিটো নাট্যদলে ইতিমধ্যে আখৰা সামৰি দৰ্শকৰ মাজলৈ লৈ আহিছে এই বছৰৰ তেওঁলোকৰ ব্যয়বহুল নাটকসমূহ। প্ৰতিযোগিতামূলক ভাবধাৰাৰে দৰ্শকৰ মাজলৈ অহা নাট্যদলসমূহে ষ্টাৰকাষ্টক প্ৰাধান্য দি নাটক লয় আৰু ব্যয়বহুল প্ৰযোজনাৰে দৰ্শকক নাট উপহাৰ দিয়ে।

শৰৎকালৰ আগমনৰ লগে লগে ভ্ৰাম্যমাণ থিয়েটাৰৰ বতৰ আৰম্ভ হৈছে। গাঁৱে-গাঁৱে, নগৰে-চহৰে এই থিয়েটাৰৰ দলসমূহে নাটকৰ মাধ্যমেৰে জনমানসৰ মনোৰঞ্জনৰ লগতে সামাজিক সচেতনতাৰ বাৰ্তা প্ৰচাৰ কৰিছে। ২০২৫ চনৰ এই বতৰত অসমৰ বিভিন্ন প্ৰান্তত ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয়তা আৰু প্ৰভাৱ অধিক তীব্ৰ হৈ উঠিছে, যিয়ে সাংস্কৃতিক ঐতিহ্যৰ লগতে সমসাময়িক বিষয়ৰ ওপৰতো প্ৰভাৱ পেলাইছে।

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ, যাক স্থানীয়ভাৱে ‘ভ্ৰাম্যমাণ নাট’ বুলিও জনা যায়, এখন জনপ্ৰিয় লোক কলাৰ ৰূপ। এই থিয়েটাৰ দলসমূহে গাঁৱৰ পৰা চহৰলৈ ঘূৰি ফুৰি অস্থায়ী মঞ্চ স্থাপন কৰি নাটক প্ৰদৰ্শন কৰে। ইতিহাস, পৌৰাণিক কাহিনী, সামাজিক সমস্যা আৰু সমসাময়িক ঘটনাৰ ওপৰত ভিত্তি কৰি এই নাটকসমূহ পৰিৱেশিত হয়। সাধাৰণতে শৰৎকালৰ পৰা ব’হাগ বিহুৰ সময়লৈকে এই থিয়েটাৰৰ বতৰ চলি থাকে।

২০২৫ চনত অসমৰ জনপ্ৰিয় ভ্ৰাম্যমাণ থিয়েটাৰ দল যেনে- বৰদৈচিলা থিয়েটাৰ, হেঙুল থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, আৱাহন থিয়েটাৰ, কলাগুৰু থিয়েটাৰ, থিয়েটাৰ সূৰ্য, ৰাজধানী থিয়েটাৰ, ৰাজমুকুট থিয়েটাৰ, বৃন্দাবন থিয়েটাৰ, থিয়েটাৰ অগ্নি, বীণাপাণি থিয়েটাৰ, ইতিহাস থিয়েটাৰ, ৰাজতিলক থিয়েটাৰ, সুদৰ্শন থিয়েটাৰ, নটসূৰ্য থিয়েটাৰ আদি নাট্যদলসমূহে ভিন্নসূৰী নাটক লৈ নাট মঞ্চস্থ কৰাৰ বাবে সাজু হৈছে। ইতিমধ্যে বিভিন্ন স্থানত প্ৰদৰ্শনীৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।

ভ্ৰাম্যমাণ থিয়েটাৰৰ মূল আকৰ্ষণ হৈছে ইয়াৰ গতিশীলতা। দলসমূহে ট্ৰাকত মঞ্চৰ সৰঞ্জাম লৈ গাঁৱে-গাঁৱে ঘূৰি ফুৰে আৰু অস্থায়ী মঞ্চত নাটক পৰিৱেশন কৰে। এই নাটকসমূহ স্থানীয় ভাষা আৰু সংস্কৃতিৰ সৈতে মিলি পৰিৱেশিত হয়, ফলত দৰ্শকৰ সৈতে এক গভীৰ সংযোগ স্থাপন হয়। নাটকৰ জৰিয়তে শিক্ষা, স্বাস্থ্য, পৰিৱেশ আৰু সামাজিক ন্যায়ৰ দৰে বিষয়ৰ ওপৰত সচেতনতা সৃষ্টি কৰা হয়। ভ্ৰাম্যমাণৰ টিকটৰ মূল্য সাধাৰণতে ১০০ৰ পৰা ৩০০ টকাৰ ভিতৰত থাকে, যাৰ ফলত সাধাৰণ মানুহৰ বাবেও এই মনোৰঞ্জন সুলভ হৈ পৰে।

ম্লানহীন ভ্ৰাম্যমাণ থিয়েটাৰ দৰ্শকৰ সংখ্যা পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে। বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত এই থিয়েটাৰৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে, কাৰণ নাটকসমূহত সমসাময়িক বিষয়ৰ সৈতে স্থানীয় সংস্কৃতিৰ মিশ্ৰণ ঘটিছে। হিলদল ভাঙি দৰ্শক অহাৰ যি ছবি সেয়া দেখিলেই মন আপ্লুত হৈ পৰে।

২০২৫-২৬ নাট্যবৰ্ষত অসমৰ আগশাৰীৰ নাট্যদলসমূহে লোৱা নাটকসমূহৰ নাম এনেধৰণৰ-

বৰদৈচিলা থিয়েটাৰ
নাটক – ৰাৱণ, জোনবায়ে কান্দিছে, ফেচবকুৰ প্ৰেয়সী

হেঙুল থিয়েটাৰ
পাগল থানা, এচিড, ভাইৰেল গান্ধী

কহিনুৰ থিয়েটাৰ
প্ৰভু, বকুলৰ বিয়া উৰুলি দিয়া, টাইটানিক

আৱাহন থিয়েটাৰ
মীনাক্ষিৰ সংগীত সন্ধিয়া, নতুন ৰূপত গিৰিপ গাৰাপ কইনা আহিছে, অহংকাৰ

কলাগুৰু থিয়েটাৰ
মাতাল যৌৱনৰ তেজ, মই বাস্তৱ ফুকনৰ প্ৰেয়সী, চন্দুকত চকুলো

থিয়েটাৰ সূৰ্য
মোৰ চকুলোৰে একাপ চাহ, নষ্ট পুৰুষ, মৃত্যুৰ আবেদন

ৰাজধানী থিয়েটাৰ
বন্দী বিধাতা, এটম বোম, বিসৰ্জন

ৰাজমুকুট থিয়েটাৰ
মহাভাৰতৰ শেষ অধ্যায়, মৰম সুঁতিৰ মহলদাৰ, মাজৰাতিৰ ৰজা

বৃন্দাবন থিয়েটাৰ
বিচা, প্ৰেম প্ৰতিজ্ঞা, কলিযুগ

থিয়েটাৰ অগ্নি 
অভিমানী কইনাজনী, ৰাজপথত ৰাধা, জোনাক নিশাৰ বাঁহী

বীণাপাণি থিয়েটাৰ
যুদ্ধভূমিৰ যোদ্ধা, পাগলা মামা, তেজলগা ঘৰ

ইতিহাস থিয়েটাৰ
মানুহ নহয় প্ৰেমিক, দৰাযাত্ৰী, ৰাম ৰাজ্যৰ লক্ষ্মণ

ৰাজতিলক থিয়েটাৰ
পথভ্ৰষ্ট, মেডিকেল কলেজ মৰমে উচুপে যত, মোৰ চকুলে নাচাবা

সুদৰ্শন থিয়েটাৰ
চিনাকি মানুহৰ অচিনাকি নাম, এজাক ধুমুহাৰ শেষত, মায়া

নটসূৰ্য থিয়েটাৰ
চিলা, আপোন মানুহ, ৰাধাবিহীন বৃন্দাবন

নাট্যদলসমূহে সাধাৰণতে ষ্টাৰ কাষ্টক প্ৰাধান্য দি আহিছে। আৰু প্ৰায় প্ৰতিটো দলেই এনে আগশাৰীৰ অভিনেতাক চুক্তিবদ্ধ কৰিছে। উদাহৰণস্বৰূপে- বৰদৈচিলাই চম্পক শৰ্মা, যোগেশ কাশ্যপ, কাজল, দীপাংকৰক, কহিনুৰে (এইবাৰ সোণালী জয়ন্তী বৰ্ষ্) সিদ্ধান্ত কলিতা, অংকিতা শইকীয়া মৃদুল চুতীয়াক, আৱাহনে প্ৰস্তুতি পৰাশৰ, সঞ্জীৱ শৰ্মা, কল্যাণজ্যোতিক, ইতিহাসে উপল দাসক, হেঙুলে প্ৰসেনজিতক, সূৰ্যই মৃদুল ভূঞা, সুকন্যা ৰাজগুৰুক, কলাগুৰুই জেফ্ৰী, সুকুমাৰ, শৰ্মিষ্ঠাক, ৰাজতিলকে ৰাতুল, মুনমীক, ৰাজমুকুটে চিন্ময় কটকী, কৃষ্ণমণি নাথ, কবিতা চুতীয়া, গুঞ্জন, ময়ূৰী, আশাৰিয়াক, ৰাজধানীয়ে ৰাগ ঐনিতম, দেৱাশ্ৰী, প্ৰাঞ্জনা দত্তক চুক্তিবদ্ধ কৰাইছে। ইয়াৰ উপৰি ভ্ৰাম্যমাণৰ বহু তাৰকা অভিনেতা-অভিনেত্ৰীক এইবাৰ দলসমূহে চুক্তিবদ্ধ কৰাইছে নাট পৰিৱেশনৰ বাবে (সকলো নাম সংগ্ৰহ কৰাটো সম্ভৱ হোৱা নাই)।

ইফালে নাট্যকাৰৰ কথা কবলৈ গলে প্ৰায় আগশাৰীৰ মুখ্য নাটকৰ নাট্যকাৰ অভিজিত ভট্টাচাৰ্য। লগতে ৰাজদীপ, প্ৰণৱ বৰুৱা, প্ৰণৱ ভৰালী, ভাস্কৰজ্যোতি শৰ্মা, হিমাংশুপ্ৰসাদ দাস, চম্পক শৰ্মা, ধ্ৰুৱজ্যোতি শৰ্মা, মৃদুল চুতীয়া আদিয়ে নাটক ৰচনা কৰি দৰ্শকক উপহাৰ হিচাপে দিছে।

প্ৰায় নাট্যদলে আখৰা সম্পূৰ্ণ কৰিছে। আহিছে দৰ্শকৰ মাজলৈ। দিব সামাজিক বাৰ্তা, মনোৰঞ্জন তথা মানবিশিষ্ট তথ্য। যিবোৰৰ পৰা দৰ্শকে লগাখিনি আহৰণ কৰিব।

ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয়তা সত্ত্বেও, আৰ্থিক সংকট, আধুনিক মনোৰঞ্জনৰ প্ৰতিযোগিতা, আৰু লজিষ্টিক সমস্যাৰ দৰে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ এতিয়াও গ্ৰাম্য আৰু নগৰীয়া দৰ্শকৰ মাজত এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক মাধ্যম হৈ আছে। এই বতৰত নাটকৰ বিষয়বস্তু আৰু প্ৰদৰ্শনীৰ জনপ্ৰিয়তাই প্ৰমাণ কৰিছে যে এই কলাৰূপৰ প্ৰাসংগিকতা এতিয়াও অটুট। অসমৰ সাংস্কৃতিক ঐতিহ্যৰ অংশ হিচাপে ভ্ৰাম্যমাণ থিয়েটাৰে আগন্তুক দিনতো জনমানসৰ মনোৰঞ্জন আৰু শিক্ষা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব।

পিছে সকলোৰে শেষ কথা ৰিজাল্ট। ৰিজাল্ট দিব ভ্ৰাম্যমাণৰ অঘোষিত ছেমিফাইনেল পশ্চিম নলবাৰীৰ দুৰ্গা পূজা আৰু সৰ্বশেষ ৰিজাল্ট তথা ফাইনেল ফলাফল আহিব নলবাৰীৰ ৰাসত। তাৰ মাজতে থাকিব গুৱাহাটী গণেশগুৰিত নাট প্ৰদৰ্শনৰ এক অঘোষিত যুদ্ধ।

ফোনঃ 60015-21780

You might also like