নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Assam Political : দুবাৰকৈ নিৰ্বাচনত পৰাজিত লুৰিণজ্যোতিয়ে কাৰ্বি আংলঙৰ বিষয়ে জানে কি?

Assam Political : ডিফুত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে জিলাখনত শাসক দল বিজেপিৰ ওপৰত বিস্ফোৰক মন্তব্য কৰাক লৈ চিইএম তুলিৰাম ৰংহাঙৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। CEM ৰংহাঙে লুৰিণক প্ৰশ্ন কৰে- দুবাৰকৈ নিৰ্বাচনত পৰাজয়বৰণ কৰা লুৰিণজ্যোতিয়ে কাৰ্বি আংলঙৰ বিষয়ে কি জানে। জিলাখনৰ সহজ-সৰল ৰাইজক লৈ ৰাজনীতি কৰাটো উচিত নহয়। ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ লুৰিণে বিজেপিৰ লগতে মোৰ বিৰুদ্ধে মনেসজা অভিযোগ কৰিছে।

উল্লেখ্য যে যোৱা ২০ আগষ্টত ডিফুত এক প্ৰতিবাদী সমদলত অংশ লৈ ‘২৬ৰ নিৰ্বাচনত কাৰ্বি আংলঙৰ ৰাজনীতিৰ পৰা তুলিৰাম ৰংহাং উৎখাত হ’ব বুলি মন্তব্য কৰি বিজেপিক খিলঞ্জীয়াবিৰোধী দল বুলি আখ্যা দিছিল লুৰিণে।

উল্লেখ্য যে লুম্বাজং সমষ্টিৰ বৰলাংফেৰত এখন যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি চিইএম ৰংহাঙে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

Niyomiya Barta Desk, 22 August

You might also like