নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় সংসাৰৰ বাবেই শিশু পুত্ৰক অপহৰণ পিতৃ-খুৰাকৰ, নগৰবেৰাত চাঞ্চল্যকৰ কাণ্ড

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট : কামৰূপৰ নগৰবেৰাৰ ২নং টুপামাৰীত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড। শোৱাপাটিৰ পৰা অপহৰণ কৰে এটি ৬ বছৰীয়া শিশুক। পিতৃ আৰু নিজৰে খুৰাকে মিলি অপহৰণ কৰে আৰিয়ান আহমেদ নামৰ শিশুটিক।

শুকুৰবাৰে সন্ধিয়া শিশুটিৰ মাতৃ আবিদা খাতুনে শিশুটিক বিছনাত শুৱাই থৈ ঘৰৰ কাম কৰি থকাৰ সময়তে সুযোগ বুজি শিশুটিক খিৰিকীৰে অতি গোপনে উলিয়াই লৈ যায় খুৰাক হাফিজুৰ ৰহমানে | খুৰাকে নি শিশুটিক গতাই দিয়ে পিতৃৰ হাতত। ইফালে, শিশুটিক বিচাৰি চিঞৰ-বাখৰ লগায় মাতৃয়ে। লগে লগে স্থানীয় লোক, গাঁওৰক্ষী বাহিনী উপস্থিত হয় ঘৰখনত। গাঁওৰক্ষী বাহিনী আৰু স্থানীয় লোকে খুৰাকক সোধা-পোছা কৰাত ৰাইজৰ আগত শিশুটিক অপহৰণ কৰি শিশুটিৰ পিতৃৰ হাতত গতাই দিয়া বুলি স্বীকাৰ কৰে খুৰাকে |

পাৰিবাৰিক সংঘাতৰ বাবেই এই ঘটনা সংঘটিত কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে শিশুটিৰ পিতৃ আমিনুল ইছলামে দ্বিতীয় বিবাহ পাতি দ্বিতীয় পত্নীৰ সৈতে থাকে। গাঁৱৰ ঘৰখনত অপহৃত শিশুটিক লগত লৈ প্ৰথমা পত্নীয়ে অকলেই থাকে। শিশুটিক অপহৰণ কৰি পাছত প্ৰথমা পত্নী আবিদা খাতুনকো হত্যা কৰাৰ পৰিকল্পনা কৰিছে বুলি ভুক্তভোগী প্ৰথমা পত্নী তথা অপহৃত শিশুটিৰ মাতৃ আবিদা খাতুন আৰু স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে |

ইতিমধ্যে আৰক্ষীয়ে খুৰাক হাফিজুৰ ৰহমানক আটক কৰিছে যদিও বৰ্তমানলৈ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই অপহৃত শিশুটিক। শীঘ্ৰেই ঘটনাৰ সৈতে জড়িত পিতৃকো গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে ভুক্তভোগী মহিলাগৰাকীয়ে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like