🔹 সংবিধান সংশোধন বিধেয়কৰ বিতর্কৰ মাজতে পোহৰলৈ ভয়াৱহ তথ্য
নিউজ ডেস্ক, ২৪ আগষ্ট : সংবিধান সংশোধন বিধেয়কৰ জৰিয়তে অপৰাধমূলক গোচৰত জড়িত প্রধানমন্ত্রী, মুখ্যমন্ত্রী আৰু মন্ত্রীক অপসাৰণৰ বিতর্কৰ মাজতে দেশৰ মুখ্যমন্ত্রী আৰু কেন্দ্রীয় মন্ত্রী ফৌজদাৰী গোচৰত অভিযুক্ত হৈ থকাৰ তথ্য পোহৰলৈ আহিছে৷
প্রকাশিত তথ্য অনুসৰি, দেশৰ ৪০ শতাংশ মুখ্যমন্ত্রীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ চলি আছে৷ অর্থাৎ ৪০ শতাংশ মুখ্যমন্ত্রী ফৌজদাৰী গোচৰত অভিযুক্ত৷ ইপিনে, প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰৰ মন্ত্রীসভাতো ফৌজদাৰী গোচৰত অভিযুক্ত মন্ত্রী আছে৷ ৭১ মন্ত্রীৰ ভিতৰত ২৮জনৰে আছে ফৌজদাৰী গোচৰ৷ দেশৰ মুঠ ৩০গৰাকী মুখ্যমন্ত্রীৰ ভিতৰত ১২জন মুখ্যমন্ত্রীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ আছে৷ এই তালিকাৰ শীর্ষস্থানত আছে তেলেংগানাৰ কংগ্রেছী মুখ্যমন্ত্রী ৰেৱন্ত ৰেড্ডী৷ তেওঁৰ বিৰুদ্ধে আছে ৮৯টা গোচৰ৷ দ্বিতীয় স্থানত আছে তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিন৷ তেওঁৰ বিৰুদ্ধে আছে ৪৭টা গোচৰ৷ এনডিএৰ সহযোগী অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্রী চন্দ্রবাবু নাইডুৰ বিৰুদ্ধে আছে ১৯টা গোচৰ৷ কর্ণাটকৰ মুখ্যমন্ত্রী চিদ্দাৰামায়াৰ বিৰুদ্ধে ১৩, ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত ছোৰেনৰ বিৰুদ্ধে ৫, মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী দেৱেন্দ্র ফাৰনাভিছৰ বিৰুদ্ধে ৪, হিমাচল প্রদেশৰ মুখ্যমন্ত্রী সুখবিন্দৰ সিঙৰ বিৰুদ্ধে ৪, কেৰালাৰ মুখ্যমন্ত্রী পিনাৰায় বিজয়নৰ বিৰুদ্ধে ২টা, পঞ্জাবৰ মুখ্যমন্ত্রী ভগৱন্ত মানৰ বিৰুদ্ধে আছে এটা ফৌজদাৰী গোচৰ৷
এনে পৰিপ্রক্ষিতত বিৰোধী দলৰ মুখ্যমন্ত্রীসকলৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ অধিক চলি আছে৷ কেন্দ্রীয় চৰকাৰে বিধেয়কখনৰ জৰিয়তে বিৰোধীৰ চৰকাৰ পতন ঘটোৱাৰ লগতে বিৰোধীক শ’লঠেকত পেলাবৰ বাবে এই পদক্ষেপ গ্রহণ কৰা বুলি ব্যাপক চর্চা চলিছে৷