সুকন্যা : শিক্ষার্থী-অভিনেত্রী ৰিতিষা খাউণ্ডৰে সাক্ষাৎকাৰ
সুকন্যা : সন্দেহ–সংকোচবোধৰ পৰাই উন্মেষ ঘটে নতুন চিন্তাৰ
সাক্ষাৎ : নৱ কুমাৰ শর্মা
ফোন : ৯৯৫৪৫–৯০১৩৩
পৃথিৱীজুৰি সুখ্যাতি থকা এখন বিশেষ মহিলা আলোচনী ‘ফেমিনা’৷ এই আলোচনীখনৰ শেহতীয়া সংখ্যাৰ পাতত ফটোসহ এটি লেখাৰে উজলিছে এগৰাকী কম বয়সীয়া অসম কন্যা৷ ইতিমধ্যে ‘কুকি’ নামৰ এখন চিনেমাৰ জৰিয়তে শেহতীয়াভাৱে ৰাষ্ট্রীয় পর্যায়ত চর্চাত আছে তেওঁ৷ নাম ৰিতিষা খাউণ্ড৷ ঘৰ গুৱাহাটীৰ খাৰঘুলিত৷ লণ্ডন স্কুল অৱ ইক’নমিক্সৰ মেধাৱী শিক্ষার্থী তেওঁ৷ পিতৃ জয়ন্ত খাউণ্ড৷ এগৰাকী প্রখ্যাত ব্যৱসায়ী৷ যশস্বী চলচ্চিত্র–প্রযোজক তথা বিশিষ্ট অধিবক্তা জোনমণি দেৱী খাউণ্ড তেওঁৰ মাতৃ৷ জ্যেষ্ঠ ভগ্ণী নিশংকা খাউণ্ড৷ ইউনিভার্ছিটী কলেজ লণ্ডনত স্নাতকোত্তৰ মহলাৰ ছাত্রী নিশংকা৷ ভৱিষ্যতে অভিনয় কৰাৰ পৰিকল্পনা থকা ৰিতিষা খাউণ্ডৰ সৈতে ‘নিয়মীয়া বার্তা’ৰ আছুতীয়া সাক্ষাৎকাৰ–
মূলতঃ আপুনি এগৰাকী কৃতী শিক্ষার্থী৷ ‘লণ্ডন স্কুল অৱ ইক’নমিক্স’ৰ দৰে গৰিমাময় বিশ্বৰ আগশাৰীৰ উচ্চ শিক্ষা প্রতিষ্ঠানত অধ্যয়নৰত৷ কিন্তু সেই বিষয়ে পিছত কথা পাতিম৷ কাৰণ, ‘কুকি’ নামৰ চিনেমাখনে ৰাষ্ট্রীয় প্রেক্ষাপটত খলকনি তুলিছে৷ আৰু সেই চিনেমাখনৰ আপুনি মুখ্য অভিনেত্রী৷ যাৰ বাবে শেহতীয়াকৈ আপুনি বিশেষ চর্চাত আছে৷ ইয়াত কৰা অভিনয়ৰ সবিশেষ জনাব নেকি?
মই এখন ৱেব ছিৰিজত অভিনয় কৰিছিলোঁ৷ বিশিষ্ট অভিনেতা ৰবি শর্মাৰ লগত কৰিছিলোঁ অভিনয়৷ নাম আছিল ‘ইল্লিগেল’৷ পৰিচালনা সুব্রত কাকতিৰ৷ সেয়া ২০২১ চনৰ কথা৷ মই ‘জেক্’ নামৰ এটা চৰিত্রত অভিনয় কৰিছিলোঁ৷ তাত অন কেমেৰা মই চুলি খুৰাই দিবলগীয়া এটা দৃশ্য আছিল৷ সেই সময়ত মই সম্ভৱতঃ অষ্টম শ্রেণীৰ ছাত্রী৷ মোৰ মূৰত তেতিয়া সুন্দৰ দীঘল চুলি৷ কিন্তু, সেই আটকধুনীয়া চুলিখিনি একেবাৰে খুৰাই দিবলগীয়া দৃশ্যত মই অভিনয় কৰিব লাগিব বুলি কোৱা হ’ল৷ প্রথম অৱস্থাত মোৰ মন বেয়া হৈছিল৷ পিছত ‘কাহিনীয়ে বিচাৰিছে যেতিয়া’ মই এই কাম কৰিবই লাগিব বুলি কৈ দিলোঁ৷ অৱশেষত সেই দৃশ্যত মোৰ চুলি সম্পূর্ণকৈ খুৰাই দিয়া হৈছিল৷ আৰু তেতিয়া মোৰ ‘মা’ চলচ্চিত্র প্রযোজিকা জোনমণি দেৱী খাউণ্ডে মই অভিনয়ৰ প্রতি কিমান সমর্পিত হ’ব পাৰোঁ তাক গভীৰভাৱে উপলব্ধি কৰিলে৷ সেই সময়ত মোৰ ‘মা’ তথা সংশ্লিষ্ট সকলোৱে অভিনয়ৰ প্রতি মোৰ গভীৰ অনুৰাগ থকা বুলি ধৰিয়েই লৈছিল৷ তথাপি, ‘মা’ৰ দ্বাৰা প্রযোজিত শেহতীয়াভাৱে দেশজুৰি চর্চা লভা ‘কুকি’ চিনেমাত অভিনয় কৰাৰ কথা ভবা হোৱা নাছিল৷ বিশেষকৈ ‘মা’ই ভবা নাছিল৷ চিনেমাখনৰ পৰিচালক প্রণৱ ডেকাই মোক মুখ্য চৰিত্রত অভিনয় কৰাটো বিচাৰিছিল৷ কিন্তু মোৰ ‘মা’ই বিচৰা নাছিল৷ কাৰণ চিনেমাখনৰ মুখ্য ‘কুকি’ৰ চৰিত্রটো অত্যন্ত জটিল৷ এগৰাকী নির্যাতিতা যুৱতীৰ কাহিনী৷ যিটো মই ৰূপায়ণ কৰিব নোৱাৰিম বুলিও মোক আঁতৰাই ৰাখিছিল৷ কিন্তু পৰিচালকে ‘মা’ৰ পৰা অনুমতি লৈ মোৰ লগত কথা পাতিলে৷ আৰু পিছত মোকেই চৰিত্রটো ৰূপায়ণ কৰিবলৈ ক’লে তাৰ পিছত মুম্বাইত মোৰ ‘লুক টেষ্ট’ কৰি অৱশেষত মোক অভিনয়ৰ চূড়ান্ত সিদ্ধান্ত কোৱা হ’ল৷ সেয়া ২০২২ চনমানৰ কথা৷ ইয়াৰ পিছত গুৱাহাটীত কিছু আখৰা চলিল৷ তাৰ পিছত শ্বুটিং চলিল৷ তেজপুৰ, দিল্লী, মুম্বাই আদি স্থানত শ্বুটিং চলিছিল৷ হিন্দী–সমীয়া ভাষাৰ ১১৫ মিনিট দৈর্ঘ্যৰ এই ছবিখন ২০২৪ বর্ষত মুক্তি পোৱাৰ পিছত গুৱাহাটীৰ লগতে দিল্লী, কলকাতা, মুম্বাই আদিকে ধৰি দেশৰ ভিন্ন প্রধান চহৰত প্রদর্শিত হৈছিল৷ বলীউডৰ ৰাজেশ টেইলাং, দীপান্বিতা শর্মা, দেৱলীনা ভট্টাচার্যকে ধৰি অসমৰো ভালেকেইগৰাকী শিল্পীয়ে অভিনয় কৰিছিল৷ চিনেমাখনৰ মুখ্য ‘কুকি’ নামৰ যুৱতীগৰাকী শাৰীৰিক, আৱেগিকভাৱে এক অত্যন্ত কঠিন চৰিত্র৷ এই কঠিন চৰিত্রটো ৰূপায়ণ কৰিবলৈ মই প্রথমে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল৷ প্রথমতে ৰাংঢ়ালী, পিছত নির্যাতিত হৈ চৰম দুৰৱস্থাৰ এই চৰিত্রটো সফলভাৱে ৰূপায়ণ কৰিবলৈ বহু পৰিশ্রম কৰিবলগীয়া হৈছিল৷ কাৰণ মোৰ অভিনয়ৰ ওপৰতে চিনেমাখনৰ সফলতা–বিফলতা বহুখিনি নির্ভৰ কৰিছে৷ সেয়ে মই বিষয়টো যথেষ্ট গুৰুত্বসহকাৰে লৈছিলোঁ৷ এই মই বহু অধ্যয়ন–গৱেষণা কৰিলোঁ৷ চিনেমা, তথ্যচিত্র আদি চাই চৰিত্রটো ৰূপায়ণ কৰিবলৈ নিজকে সাজু কৰিবলৈ প্রচুৰ সাধনা কৰিছিলোঁ৷ চিনেমাখনত ‘কুকি’ নামৰ কিশোৰীগৰাকী প্রথম অৱস্থাত উমলি–জামলি থকা অতি সুখী কিশোৰী আছিল৷ কৈশোৰ অৱস্থাতে প্রেম হয়৷ কিন্তু তেনে অৱস্থাত নির্যাতিত হৈ তাইৰ জীৱনলৈ নামি আহে ঘোৰ অমানিশা৷ ইয়াৰ পিছত তাই ন্যায় পালে৷ কিন্তু, ন্যায় পালেও এগৰাকী ছোৱালীয়ে আচলতে নিজৰ সমস্ত হেৰুওৱাৰ যি মানসিক চাপ তাক লৈ অনাগত দিনৰ যি আসন্ন যাত্রা তাকে লৈয়ে ‘কুকি’ নামৰ চিনেমাখনৰ বিষয়বস্তুৰ অগ্রগতি৷ এই চিনেমাখনৰ বাবে মই একেৰাহে প্রায় দুমাহ শ্বুটিং কৰিছিলোঁ৷
সুকন্যাৰ এইটো বিশেষ লেখা পঢ়িবলৈ ইয়াত কৰক — Click
‘কুকি’ চিনেমাখনত আপুনি এক জটিল চৰিত্রত অভিনয় কৰিছে৷ যথেষ্ট কম বয়সতে আপুনি জটিল চৰিত্রত অভিনয় কৰাৰ ক্ষেত্রত কিবা প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল নেকি?
হয়, চিনেমাখনত মই মুখ্য নায়িকাৰ চৰিত্রতে অভিনয় কৰিছোঁ৷ মোৰ চৰিত্রটো এগৰাকী ছোৱালীৰ৷ নাম ‘কুকি’৷ চিনেমাখনত ‘কুকি’ নামৰ ছোৱালীগৰাকীৰ জীৱনত যি বুজাব নোৱাৰা ঘটনা সংঘটিত হৈছিল, বাস্তৱ জীৱনত মোৰ ক্ষেত্রত সেয়া হোৱা নাছিল৷ কিন্তু, চৰিত্রটোৰ সফল ৰূপায়ণৰ বাবে মই বহুত কচৰৎ কৰিবলগীয়া হৈছিল৷ এইক্ষেত্রত মই পঢ়া–শুনা কৰিছোঁ, আন চিনেমা আদি চোৱাৰ লগতে অভিজ্ঞ লোকৰ সহায় লৈছিলোঁ৷ অর্থাৎ চিনেমাখনৰ সেই ‘কুকি’ নামৰ ৰাংঢ়ালী যুৱতীগৰাকী এটা সময়ত নির্যাতনৰ বলি হৈ কিদৰে এক পশ্চাৎমুখী দিশে যাবলগীয়া হ’ল তাক মই অভিনয়ৰ জৰিয়তে ফুটাই তুলিবলৈ যাওঁতে মই পদে পদে কিছু প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ তথাপি, মই একগ্রচিত্তে চৰিত্রটোৰ ভিতৰত সম্পূর্ণ সোমাই পৰিব পাৰিছিলোঁ বুলিয়েই ভাবিছোঁ৷ যাৰ বাবে মই বাস্তৱ অভিনয় কৰিব পাৰিছিলোঁ বুলি ভাবিছোঁ৷ সেই মই আৰু ‘কুকি’ চৰিত্রৰ মাজত যথেষ্ট তফাৎ সৃষ্টি হৈছিল৷ একেৰাহে প্রায় দুমাহ ধৰি হোৱা ধাৰাবাহিকভাৱে শ্বুটিং সম্পূর্ণ কৰাৰ পিছত মোৰ বাস্তৱ জীৱনত কিছু সমস্যাৰ উদ্ভৱ হৈছিল৷ যিটো সংঘাতপূর্ণ চৰিত্রত মই অভিনয় কৰিছিলোঁ৷ তাৰ পৰা বাস্তৱ জীৱনলৈ ওলাই অহাৰ সময়ত মই যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ মানসিকভাৱে মই বেছ কিছুদিন আৱেগিক অৱস্থাত থাকিবলগীয়া হৈছিল৷ আনকি ইয়াক লৈ মই নিশাৰ ভাগত কিবাকিবি সপোন আদিও দেখিছিলোঁ৷ মানে, মানসিকভাৱে মই কিছু ভুক্তভোগী হ’বলগীয়া হৈছিলোঁ৷ অৱশ্যে, পৰৱর্তী পর্যায়ত ই লাহে লাহে প্রশমিত হৈছিল৷ যিয়েই নহওক দৰাচলতে এয়া মোৰ বাবে এক প্রত্যাহ্বানেই আছিল৷ তদুপৰি যি সময়ত মোৰ শ্বুটিং চলি আছিল তেতিয়া পঢ়া–শুনাৰ মাজেৰে অভিনয় কৰাটো আছিল আন এক প্রত্যাহ্বান৷ শ্বুটিঙৰ মাজে মাজে মই পঢ়া–শুনাও চলাই গৈছিলোঁ৷ মই যিহেতু লণ্ডনতে পঢ়া–শুনা কৰি আছোঁ, সেয়ে বন্ধৰ সময় মিলাই কিবাকৈ মই অভিনয় কৰিছিলোঁ৷ প্রত্যাহ্বান আছিল তথাপি ভগৱানৰ দয়াত কামখিনি কৰিব পাৰিছিলোঁ৷
অভিনয়ৰ ক্ষেত্রত কিদৰে প্রথম প্রৱেশ ঘটি আজিৰ অৱস্থাত উপনীত হ’ল?
সেয়া ২০১০ চনমানৰ কথা৷ মোৰ বয়স তেতিয়া প্রায় ৩ বছৰমান৷ সেই সময়তে মই প্রথম ছবিত অভিনয় কৰিছিলোঁ৷ নাম আছিল ‘তুলা আৰু তেজা’৷ যশস্বী অভিনয় শিল্পী অৰুণ নাথ আৰু গীতাৱলীৰ সৈতে গামোচা এখন পিন্ধি এটি গীতত প্রথম ভুমুকি মাৰিছিলোঁ৷ অৰুণ নাথ–গীতাৱলীৰ কোঁচত উঠি নাচি–বাগি কৰিছিলোঁ মোৰ প্রথম অভিনয়৷ সৰু তুলাৰ চৰিত্রত কৰিছিলোঁ অভিনয়৷ তাত মই মইনা চৰাই এটাৰ মাত দিবলগীয়া হৈছিল৷ আৰু ইয়াৰ জৰিয়তে মই সকলোৰে প্রশংসা পাবলৈ সক্ষম হৈছিলোঁ৷ মোৰ ‘মা’ৰ জৰিয়তে এই সুযোগ লাভ কৰিছিলোঁ৷ মোৰ সেই প্রথম অভিনয়ৰ অভিজ্ঞতাৰ স্মৃতি আজিও কিছু সজীৱ হৈ আছে৷ ইয়াৰ পিছত, ২০১৪ চনত মোৰ ‘মা’ পৰিচালিত ‘চুমা পৰশতে’ শীর্ষক চিনেমাখনৰ জুবিন গার্গৰ এটি গানত পখিলা খেদি খেদি ধৰা দৃশ্য এটাত অভিনয় কৰিছিলোঁ৷ তেতিয়া মোৰ বয়স ৬–৭ বছৰমান হ’ব৷ ইয়াৰ পিছত, ২০১৭ চনত পুনৰ ‘মা’ৰ দ্বাৰা পৰিচালিত আন্তর্জাতিক সন্মান লাভ কৰা ছবি ‘পাখি লগা মন’ত ইংৰাজী ভয়চ অ’ভাৰ দিছিলোঁ৷ তেতিয়া ইয়াৰ বাবে আমেৰিকাত মই ‘বেষ্ট ভইচ আর্টিষ্ট’ হিচাপে আন্তর্জাতিক সন্মান বুটলিবলৈ সক্ষম হৈছিলোঁ৷ এনেদৰে চলচ্চিত্র জগতখনত লাহে লাহে খোজ দিবলৈ আৰম্ভ কৰি দিছোঁ৷ ইয়াৰ পিছতে, মই ‘নিউয়র্ক ফিল্ম একাডেমী’ত প্রায় তিনি মাহৰ এক অভিনয়ৰ পাঠ্যক্রম সম্পূর্ণ কৰিছিলোঁ৷ সেই সময়ত মই তাত পৃথিৱীৰ বহু দেশৰ শিক্ষার্থীক লগ পোৱাৰ সৌভাগ্য হৈছিল৷ ইয়াৰ পিছতে ৰবি শর্মাৰ সৈতে ‘ইল্লিগেল’ নামৰ ছবিখনত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিলোঁ৷ সেয়া ২০২১ চনৰ কথা৷ আৰু এইখনৰ পিছতেই মই শেহতীয়াকৈ ‘কুকি’ত অভিনয় কৰিছিলোঁ৷ অ’ ইয়াৰ মাজতে ২০১৯ চনত মোৰ ‘মা’ৰ দ্বাৰা নির্মিত ‘নিঃকিন বিজ্ঞানী’ শীর্ষক এখন শিশু ছবিতো অভিনয় কৰিছিলোঁ৷ কিন্তু, বিশেষ কাৰণবশতঃ এই ছবিখন এতিয়ালৈ মুক্তি পোৱা নাই৷ এইখিনিতে আৰু ক’ব লাগিব যে বিখ্যাত ‘লণ্ডন থিয়েটাৰ’তো মোৰ নাটকত অভিনয় কৰাৰ সৌভাগ্য হৈছিল৷ তাত মই শ্বেইক্সপীয়েৰৰ ‘ৰোমি’ জুলিয়েট’ নাটকত বেন ভলি’ৰ চৰিত্রত অভিনয় কৰিছিলোঁ৷ ২০২৪ বর্ষত কৰা নাটকখনত পৃথিৱীৰ বিভিন্ন দেশৰ ভালেমান শিল্পীৰ সৈতে কৰা অভিনয় মোৰ বাবে এক মধুৰ স্মৃতি৷ ইয়াৰ পিছত ‘ইন টু দ্য উড্ছ’ শীর্ষক এখন সংগীতালেখ্য প্রডাকচন কৰিছিলোঁ ঐতিহ্যপূর্ণ লণ্ডন থিয়েটাৰত৷ এটা ‘টীম’ৰ জৰিয়তে কৰিছিলোঁ এই কার্য৷ আৰু টীমটোৰ আছিলোঁ মই অন্যতম সদস্যা৷ এইদৰে একেবাৰে সৰুকালৰ পৰাই অভিনয়ৰ ক্ষেত্রত প্রৱেশ কৰি আগবাঢ়ি আহি আজিৰ অৱস্থাত উপনীত হৈছোঁ৷ এইক্ষেত্রত দর্শক, কলা–কুশলী আৰু মোৰ শুভাকাংক্ষী বহুজনৰ প্রেৰণা–উৎসাহৰ বাবেই মই এনেদৰে অগ্রগতি পাবলৈ সক্ষম হৈছোঁ৷ এই সকলোৰে প্রতি মোৰ অশেষ ধন্যবাদ– কৃতজ্ঞতা৷
অসমীয়া চিনেমাৰ ক্ষেত্রখনক লৈ আপোনাৰ নিজস্ব অভিমত কি?
শেহতীয়াভাৱে বহু ভাল ভাল অসমীয়া চিনেমা নির্মাণ হৈ আছে বুলি মই ভাবোঁ৷ দৰাচলতে এয়া আমাৰ সকলোৰে বাবেই শুভ বার্তা৷ অৱশ্যে এইক্ষেত্রত, দর্শকৰ কিছু অভাৱ বুলি ভাবোঁ৷ আগতে যিদৰে হিলদল ভাঙি অসমীয়া চিনেমা চাবলৈ দর্শক আহিছিল আজিকালি তেনে পৰিৱেশ পৰিলক্ষিত হোৱা নাই৷ চিনেমা নির্মাণ হ’লেই নহ’ব৷ দর্শক লাগিবই৷ এইটো এটা গুৰুত্বপূর্ণ কথা কিন্তু আনহাতে, চিনেমা হল কর্তৃপক্ষয়ো অসমীয়া চিনেমা দেখুৱাবলৈ কিছু অনীহা প্রকাশ কৰা দেখা যায়৷ দেখালেও দীর্ঘদিন প্রদর্শন কৰিব নিবিচাৰে৷ যিটো অসমীয়া ছবিৰ বাবে এক গুৰুতৰ সমস্যা বুলি মই ভাবোঁ৷ চিনেমা হল কর্তৃপক্ষই অসমীয়া ছবিৰ পৰিৱর্তে হিন্দী বা আন ভাষাৰ ছবিহে প্রদর্শন কৰিবলৈ বেছি ইচ্ছুক৷ ই আমাৰ বাবে দুর্ভাগ্যজনক৷ আমি বাহিৰৰ আদব–কায়দা, কাহিনী আদি বেছিকৈ অনুসৰণ কৰোঁ৷ কিন্তু, অসমতো বহু ভাল কাহিনী– চৰিত্র আছে৷ আমি থলুৱাখিনিক নিলগাই ৰাখোঁ৷ দৰাচলতে ইয়াৰ পৰিৱর্তন হোৱা উচিত৷
অভিনয়ৰ ক্ষেত্রত সফল হ’বলৈ কি বিশেষ গুণৰ আৱশ্যক বুলি আপুনি অনুভৱ কৰে?
‘Empathy’ অর্থাৎ সহানুভূতি বা সহমর্মিতা থাকিলেহে অভিনয়ৰ ক্ষেত্রত চৰিত্র এটা অধিক প্রাণৱন্ত ৰূপত উপস্থাপন কৰিব পাৰি বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ৷ তদুপৰি, ‘চৰিত্র’ত সোমাই যোৱাৰ এটা বিশেষ দক্ষতা থাকিব লাগিব৷ কাৰণ, চৰিত্রত সোমাব নোৱাৰিলে সঠিকভাৱে ৰূপায়ণত বিলম্ব হ’ব৷ কিছুক্ষেত্রত, শাৰীৰিক ‘ফিটনেছ’ দৰকাৰ৷ ইয়াৰ দ্বাৰা অভিনয়ৰ এক পৰিপাটিতা ফুটি উঠে৷ এইখিনিতে কওঁ যে মই নিজে অভিনয় শিকি আছোঁ৷ ভৱিষ্যতে মোৰ বাবে আৰু বহুত শিকিবলগীয়া আছে৷
আপুনি এতিয়ালৈকে চিনেমা জগতৰ ভালেমান বিশিষ্ট তাৰকা–পৰিচালক আদিৰ সান্নিধ্য লাভ কৰিছে৷ সেই সম্পর্কত অলপ ক’ব নেকি?
হয়, মোৰ এতিয়ালৈকে কেইবাগৰাকী যশস্বী তাৰকা অভিনয় শিল্পী, পৰিচালক আদিক লগ পোৱাৰ সৌভাগ্য হৈছিল৷ আজিও সেই স্মৃতি মনলৈ আহিলে ভাল লাগে৷ ২০২৪ চনৰ কাঁ চলচ্চিত্র মহোৎসৱত মই হলীউডৰ এগৰাকী যশস্বী অভিনেত্রীক লগ পাইছিলোঁ৷ যথেষ্ট নিৰাপত্তা বেহুৰ মাজত থকা এইগৰাকী অভিনেত্রীক খুব সহজতে লগ পোৱা নাযায়৷ তেওঁৰ নাম কেট ব্লেনছেট৷ কিন্তু, উল্লেখনীয়ভাৱে হলীউডৰ এইগৰাকী নামজ্বলা অভিনেত্রীক মই তাত বাথৰুমলৈ যাওঁতে সৌভাগ্যবশতঃ বাটতে লগ পাইছিলোঁ৷ তেনে সুযোগ পাই মই তেওঁৰ সৈতে শুভেচ্ছামূলক সঁহাৰি আৰু সন্মান প্রদর্শন কৰোঁ৷ অৱশ্যে দীঘলীয়াকৈ কথা পতা হোৱা নাছিল৷ তথাপি ব্লেনছেটৰ দৰে অভিনেত্রীগৰাকীক একেবাৰে ওচৰত পাই মই নিজে কথাৰে সঁহাৰি জনাবলৈ পাই অত্যন্ত সুখী৷ আজিও সেই স্মৃতি মাজে মাজে মনলৈ আহে৷ সেই চলচ্চিত্র মহোৎসৱতে মই লগ পাইছিলোঁ যশস্বী অভিনয় শিল্পী ৰাজপল যাদৱক৷ তেওঁৰ সৈতেও মোৰ শুভেচ্ছামূলক চমু কথা–বতৰা হোৱাৰ সৌভাগ্য হৈছিল৷ ইয়াৰ উপৰি, ২০২৪ চনত লণ্ডনত লগ পাইছিলোঁ বলীউডৰ যশস্বী চলচ্চিত্র পৰিচালক কিৰণ ৰাওক৷ তেতিয়া মই অভিনয় কৰা ‘কুকি’ চিনেমাখন চাবলৈ তেওঁক অনুৰোধ কৰিছিলোঁ৷ তেওঁ চিনেমাখন সম্পর্কে ইতিমধ্যে অৱগত হোৱা বুলি মোৰ আগত প্রকাশ কৰে৷ আৰু এইক্ষেত্রত তেওঁ ছবিখন চাব বুলিও মোৰ আগত প্রকাশ কৰিছিল৷ নিশ্চিতভাৱে যশস্বী পৰিচালকগৰাকীৰ এনে সাদৰ আগ্রহে মোক যথেষ্ট উৎসাহিত কৰিছিল৷ ইয়াৰ উপৰি, ৰীমা দাস, চেতনা দাসকে ধৰি অসমৰ ভালেমান চিনেমা শিল্পীক লগ পোৱাৰ সৌভাগ্য হৈছিল৷
‘ফেমিনা’ৰ দৰে এখন প্রসিদ্ধ আলোচনীত ফটোসহ আপোনাৰ সম্পর্কত ইংৰাজীত এটা লেখা প্রকাশ পাইছিল৷ এই লৈ অসমৰ কিছুসংখ্যক আঞ্চলিক প্রচাৰ মাধ্যমে শুভেচ্ছামূলক বাতৰি প্রকাশ কৰাও পৰিলক্ষিত হৈছিল৷ আপোনাৰ মতামত?
আচলতে, ‘কুকি’ চিনেমাখনক লৈ ‘টাইমছ অৱ ইণ্ডিয়া’কে ধৰি কেইবাটাও ৰাষ্ট্রীয় প্রচাৰ মাধ্যমত ব্যাপক প্রচাৰ হৈছিল৷ দেশৰ কেইবাগৰাকী আগশাৰীৰ চলচ্চিত্র সমালোচকৰো বিষয়টো দৃষ্টিগোচৰ হৈছিল৷ এনেদৰে দেশজুৰি চর্চা লভা বাবেই প্রসিদ্ধ আলোচনী ‘ফেমিনা’ৰ ফালৰ পৰা চিনেমাখনত মুখ্য চৰিত্রত অভিনয় কৰা শিল্পী হিচাপে মোৰ লগত যোগাযোগ কৰে৷ তেতিয়া মই তেওঁলোকক সবিশেষ কওঁ৷ লণ্ডনত মই শ্বেইক্সপীয়েৰৰ নাটক কৰা বুলি গম পাই তেওঁলোক উৎসাহী হৈ পৰে৷ সেইমর্মে আলোচনীখনৰ হৈ মোৰ সম্পর্কত অলকা কক্কৰে প্রতিবেদনভিত্তিক এটি লেখা প্রকাশ কৰে৷ এই লেখাটো প্রকাশৰ পিছতে, অসমতো বহু প্রচাৰ মাধ্যমে এই লৈ বাতৰি পৰিৱেশন কৰা পৰিলক্ষিত হয়৷ একেখন আলোচনীত অসমৰে ঢ়েকীয়াজুলিৰ এগৰাকী সেনা বিষয়াৰ কৃতিত্বক লৈ বেটুপাতত ফটো প্রকাশক লৈও ৰাজ্যবাসীয়ে উছাহ প্রকাশ কৰে৷ স্বাভাৱিকতে, এনেবোৰ কথাই মোক যথেষ্ট উৎসাহী কৰি তুলিছে৷ মনোবল বাঢ়িছে৷ এক কথাত বহুত ভাল লাগিছে৷ মই উল্লিখিত সংশ্লিষ্ট সকলোৰে প্রতি ধন্যবাদ আৰু কৃতজ্ঞতা প্রকাশ কৰিলোঁ৷
আপুনি সম্প্রতি ‘লণ্ডন স্কুল অৱ ইক’নমিক্স’ত পঢ়ি আছে৷ প্রাথমিক স্তৰৰ পৰা কিদৰে আগবাঢ়ি বিশ্বৰ আগশাৰীৰ শিক্ষা প্রতিষ্ঠানত ভর্তি হ’ল, এই সুদীর্ঘ শৈক্ষিক যাত্রা সম্পর্কত বিস্তাৰিতভাৱে জনাব নেকি?
‘সংস্কৃতি দ্য গুৰুকুল, গুৱাহাটী’ত মোৰ প্রথম শৈক্ষিক যাত্রাৰ আৰম্ভণি হৈছিল৷ ‘আইচিএছই ব’ড’ৰ অধীনত মই বিদ্যালয়খনত ৪ বছৰ বয়সত নামভর্তি কৰিছিলোঁ৷ তাৰ পৰা মই ২০২২ চনত মেট্রিক পাছ কৰোঁ৷ ইয়াৰ পিছত মই বেংগালুৰুৰ ‘ইণ্ডাছ ইণ্টাৰনেচনেল স্কুল’ত নামভর্তি হওঁ৷ ইণ্টাৰনেচনেল ব’ড (আইবি)ৰ অধীনত অর্থনীতি, অংক, ইংৰাজী আদি বিষয় লৈ একাদশ–দ্বাদশ পাঠ্যক্রম অধ্যয়ন কৰোঁ৷ তাৰ পৰা ২০২৪ চনত মই চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হ’লোঁ৷ পুনৰ একেটা বর্ষৰে ছেপ্ঢেম্বৰত মই ‘লণ্ডন স্কুল অৱ ইক’নমিক্স’ত নামভর্তি হওঁ৷Sustainble Development with Economics’ বিষয়ত মই স্নাতক (বিএছচি) পাঠ্যক্রমত নামভর্তি হৈছিলোঁ৷
আপোনাৰ জীৱনৰ কিবা বিশেষ স্মৰণীয় ঘটনাৰ বিষয়ে ক’ব নেকি?
ক’ভিডকালীন কথা৷ মা–মই ক’ভিডত আক্রান্ত৷ এদিন মাৰ হঠাতে উশাহ লোৱাত যথেষ্ট অসুবিধা হৈছিল৷ আৰু ইয়ে এবাৰ গুৰুতৰ ৰূপ লৈছিল৷ দেউতাকে লৈ ঘৰৰ সকলো কিংকর্তব্যবিমূঢ় হৈ পৰিছিল৷ তেনে এক সংকটজনক অৱস্থাতো মই অতি ঠাণ্ডা মগজুৰে অৱস্থান কৰি এডাল ষ্ট্র পাইক আনি মুখেৰে অলপ অলপ পানী খুৱাই দিছিলোঁ৷ আশ্চর্যজনকভাৱে ইয়াৰ পিছতে ‘মা’ই উশাহ ল’ব পৰা হৈছিল৷ এক সংকটাপন্ন অৱস্থাতো ধৈর্য আৰু সাহসেৰে কৰা মোৰ কামক লৈ ঘৰৰ সকলোৱে মোক প্রশংসা কৰিলে৷ ‘মা’ৰ সেই জীৱন–মৃত্যুৰ সেই সময়ত মই কৰা কামখিনি মোৰ বাবে সদায়ে স্মৰণীয় হৈ থাকিব৷