নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ সমগ্ৰ দেশতে দৈনিক ক’ৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছত ক’ৰোনা প্ৰতিৰোধ সন্দৰ্ভত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰে । এই সংবাদমেলত প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক আহ্বান কৰে এনেদৰে-
- মঙলবাৰে নিশা ১২ বজাৰ পৰা সমগ্ৰ দেশত লক ডাউন
- সমগ্ৰ দেশতে ২১ দিনলৈ হ’ব এই লক ডাউন
- ক’ৰোনাক সমগ্ৰ দেশতে প্ৰতিৰোধ কৰিবৰ বাবে এই কঠোৰ সিদ্ধান্ত লোৱা হৈছে
- এয়া কঠোৰ সিদ্ধান্ত যদিও আপোনালোকৰ তথা দেশৰ প্ৰতিজন লোকৰ জীৱনক বচোৱাটো আমাৰ লক্ষ্য
- সেয়ে আপুনি দেশৰ যি স্থানতেই আছে, তাতেই থাকক
- সম্ভাৱ্য পৰিস্থিতিৰ বাবে জীৱন বচাবলৈ অহা ২১ দিনলৈ ঘৰৰ পৰা ওলাবলৈ আপোনালোকে পাহৰি যাওক
- ঘৰৰ চৌহদৰ পৰা ওলোৱা আপোনাৰ এটা খোজে, আপোনাৰ শৰীৰলৈ ক’ৰোনা ভাইৰাছ কঢ়িয়ায় আনিব
- এই সময়ছোৱা সকলো ৰোগীৰ বাবেই হ’ব আটাইতকৈ গুৰুত্বপূৰ্ণ
- মোৰ সমগ্ৰ দেশবাসীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যে সকলোৱে লক ডাউনৰ সময়ত প্ৰযোজ্য হোৱা নিয়মসমূহ পালন কৰিব
- আপুনি নিজৰ লগতে পৰিয়ালৰ সকলো লোককে সুৰক্ষিত কৰি ৰাখক