নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যাদ উকলা ঔষধ ব্যৱহাৰেৰে চিকিৎসা কৰাক লৈ উত্তপ্ত চামগুৰি

চামগুৰিৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিশা উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্বাস্থ্য কেন্দ্ৰখনত ম্যাদ উকলা ঔষধ ব্যৱহাৰ কৰি চিকিৎসা কৰাক লৈ সৃষ্টি হয় উতপ্ত পৰিস্থিতিৰ।

ঘটনা অনুসৰি চামগুৰিৰ হেমাবড়িৰ মানস বৰা নামৰ এজন যুৱকৰ হাতৰ আঙুলি ফেনত লাগি গুৰুতৰভাৱে কটাৰ বাবেই স্বাস্থ্য কেন্দ্ৰখনত চিকিৎসা কৰিব গৈছিল যুৱকজন। স্বাস্থ্য কেন্দ্ৰখনৰ নাৰ্ছে যুৱকজনক কটা আঙুলিটো কোনো ধৰণৰ চাফ-চিকুণ নকৰাকৈ চিলাই কৰি দি নাৰ্ছগৰাকীয়ে ম্যাদ উকলি যোৱা ঔষধ ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে ভুক্তভোগী যুৱকজনে।

যুৱকজনৰ অভিযোগ মতে ২০২৪ চনতেই ম্যাদ উকলি যোৱা ঔষধ ব্যৱহাৰ কৰিছিল নাৰ্ছগৰাকীয়ে।

ইফালে নিশাৰ ভাগতেই স্বাস্থ্য কেন্দ্ৰখনত চামগুৰি আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ম্যাদ উকলাৰ ঔষধৰে ৰোগীক চিকিৎসা কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

Niyomiya Barta Desk, 25 August

You might also like