সুধাকণ্ঠৰ ছাত্ৰ জীৱনৰ স্মৃতি বিজড়িত এখন বিদ্যালয়ৰ অধ্যক্ষৰ আৱাসৰ জৰাজীৰ্ণ ৰূপ
ধুবুৰীৰ চহৰৰ মাজ-মজিয়াৰ এখন আগশাৰীৰ চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষৰ আৱাসগৃহৰ জৰাজীৰ্ণ অৱস্থাই সচেতন ৰাইজক স্তম্ভিত কৰি তুলাৰ সমান্তৰালকৈ তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে প্ৰাক্তন ছাত্ৰ মহলতো। উল্লেখ্য যে, কেৱল ধুবুৰীৰেই নহয় ৰাজ্যৰ আটাইতকৈ পুৰণি বিদ্যালয়ৰ এখন বুলি খ্যাত ধুবুৰী চৰকাৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন স্থাপিত হৈছিল প্ৰাক-স্বাধীনত্তোৰ যুগতেই।
অৱশ্যে ১৮৭৯ চনতেই স্থাপিত হোৱা এই বিদ্যালয়খনত প্ৰথমাৱস্থাত উচ্চতৰ মাধ্যমিকৰ পাঠদানৰ কোনো ব্যৱস্থা নাছিল যদিও পৰৱৰ্ত্তীত স্বাধীনতাৰ পিছত পৰ্যায়ক্ৰমে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খিতাপ পোৱা ধুবুৰী চৰকাৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন কেৱল ধুবুৰীৰেই নহয়, পশ্চিম অসমৰ এখন আগশাৰীৰ চৰকাৰী বিদ্যালয়ৰূপে পৰিগণিত হৈছিল। বৰ্তমানে এইখন এখন অসমীয় মাধ্যমৰ বিদ্যালয় আৰম্ভণিতে বিদ্যালয়খনত অসমীয়া আৰু বাংলা দুটা ভাষাতেই পাঠদান কৰা হৈছিল।
উল্লেখ্য যে, এইখন বিদ্যালয়ৰ সৈতে জড়িত হৈ আছে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ছাত্ৰ-জীৱনৰ স্মৃতিও। ৩০ৰ দশকত এইখন বিদ্যালয়ৰ ছাত্ৰ আছিল বিশ্ববৰেণ্যে সেই শিল্পীগৰাকী। এই বিদ্যালয়ৰখনৰ আছিল অধ্যক্ষৰ বাসগৃহকে ধৰি এটা ছাত্ৰাবাসো। বিদ্যালয়খনৰ পৰা কিছু আঁতৰৰ বৰ্তমানৰ তৰুণ ৰাম ফুকন পথৰ দাঁতিত থকা সেই আবাসগৃহটোত বাস কৰিছিল অধ্যক্ষ; দূৰ-দূৰান্তৰ ছাত্ৰৰে মুখস্ত হৈ আছিল ছাত্ৰাবাসটোও।
কিন্তু বিগত কেইবা বছৰৰ পৰা ছাত্ৰাবাসটো বন্ধ হৈ থকাৰ ফলত বৰ্তমানে এৰাবাৰীৰ ৰূপ লৈছে সেইটো। আনহাতে, সেই অধ্যক্ষৰ আবাসগৃহটো পৰিচৰ্যাৰ অভাৱত এতিয়া জহি-খহি পৰিবলৈ লোৱাও দেখা গেছে। কিন্তু, ধুবুৰীৰ ইতিহাসৰ এখিলা গুৰুত্বপূৰ্ণ অংশ তথা ঔপনিবেশিক স্থাপত্যৰ নিদৰ্শনৰূপী বিদ্যালয়ৰ অধ্যক্ষৰ বাসগৃহটো এইদৰে জহি-খহি পৰিবলৈ লোৱাটো সহজ ভাবে লোৱা নাই সেইখনৰ প্ৰাক্তন ছাত্ৰসকলৰ বহুতোকে ধৰি সচেতন ৰাইজেও আৰু ইয়াৰ বাবে বিদ্যালয়খনৰ বৰ্তমানৰ কৰ্তৃপক্ষকে ধৰি স্থানীয় শিক্ষা বিভাগকে জগৰীয়া কৰিছে।
ইপিনে, বিগত কেইমাহ মানৰ পৰা অধ্যক্ষৰ জৰাজীৰ্ণ সেই আৱাসগৃহটোৰ চৌহদৰ সন্মুখৰ চৰকাৰী মাটিত কোনোবাই শিল-বালিৰ স্তূপ ৰখা প্ৰত্যক্ষিত হোৱাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়খনৰ কৰ্তৃপক্ষকে ধৰি ধুবুৰীৰ স্কুল পৰি দৰ্শকৰ কাৰ্যালয়ে সেই ঠাইডোখৰত এইদৰে শিল-বালি ৰখাৰ অনুমতি প্ৰদান কৰিছে নেকি প্ৰশ্ন উত্থাপিত হৈছে। আনকি, কালৰ গতিত এদিন বিদ্যালয়খনৰ অধ্যক্ষৰ আবাসগৃহটো তথা গৃহটোৰ হাতে লাগি থকা ছাত্ৰাবাসৰ সেই ভূমি ধূৰন্ধৰ ভূ-মাফিয়াই কুক্ষিগত কৰাৰো সন্দেহ প্ৰকাশ কৰা পোৱা গৈছে একাংশই।
তাৰেই পৰিপ্ৰেক্ষিতত, পশ্চিম অসমৰ অন্যতম প্ৰাচীন আৰু ঐতিহাসিক শিক্ষা প্রতিষ্ঠানটোৰ স্বাৰ্থত বিষয়টো লৈ ৰাজ্যৰ শিক্ষামন্ত্রীগৰাকীয়ে হস্তক্ষেপ কৰাটো কামনা কৰিছে বহুতেই।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৪ আগষ্ট