খাদী-গ্ৰামোদ্যোগত অচলাৱস্থা, ধ্বংসৰ গৰাহত বৃহৎসংখ্যক তাঁতশাল
অসম চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ অধীনত থকা নলবাৰী জিলাৰ উৎপাদন কেন্দ্ৰ সমূহত অচলাৱস্থাই দেখা দিছে।ৰাজ্য চৰকাৰৰ বিয়াগোম ব’ৰ্ডৰ সদিচ্ছাৰ অভাৱত জিলাখনৰ বিভিন্ন ঠাইত থকা উৎপাদন কেন্দ্ৰ সমূহত তলা ওলোমাৰ উপক্ৰম হৈছে।জিলাখনত ইতিমধ্যে কেইবাটাও উৎপাদন কেন্দ্ৰ বিভাগীয় চূড়ান্ত হেমাহি আৰু কৰ্মচাৰীৰ অভাৱত বন্ধ হৈ পৰিছে।আনহাতে জিলাখনত যি দুই-চাৰিটা উৎপাদন কেন্দ্ৰ চলি আছে যদিও সেয়াও দুৰৱস্থা।
জিলাখনৰ বৰক্ষেত্ৰী সমষ্টিৰ আদাবাৰী, নলবাৰী সমষ্টিৰ বাঁহজানী খাদী উৎপাদন কেন্দ্ৰত প্ৰয়োজনীয় কৰ্মচাৰী আৰু পৰিচালনাৰ অভাৱত এক বৃহৎ সংখ্যক তাঁতশাল আজি ধ্বংস গৰাহলৈ গতি কৰিছে। ব্যৱহাৰ নোহোৱাকৈ বছৰৰ পিছত বছৰ ধৰি পৰিত্যক্ত অবস্থাত থকাৰ ফলত তাঁত শালবোৰত উঁয়ে খাবলৈ হৈছে।অকল এয়াই নহয়, জিলাখনৰ আন কেইবাটাও উৎপাদন কেন্দ্ৰৰ একেই অৱস্থা।
জানিব পৰা মতে, আদাবাৰী খাদী উৎপাদন কেন্দ্ৰত ব্যৱহাৰ নোহোৱাকৈয়ে পৰি আছে বহু সংখ্যক ফ্ৰেমযুক্ত তাঁত শাল। আনহাতে বাঁহজানী খাদী উৎপাদন কেন্দ্ৰৰ পৰিত্যক্ত অৱস্থাত আছে কুৰি খনৰো অধিক তাঁত শাল, বহু কেইখন হাত শাল ,সূতা কটা মেচিন আদি। এসময়ত শতাধিক শিপিনীৰ তাঁত শালৰ শব্দত ৰজনৰজাই থকা উৎপাদন কেন্দ্ৰ দুটা এতিয়া প্ৰায় বন্ধ হৈ পৰাৰ দিশে গতি কৰিছে।
জানিব পৰা মতে ১৯৫৭ চনতে বৃহত্তৰ বাঁহজানী অঞ্চলৰ কেইবাগৰাকী বিশিষ্ট মুক্তি যোদ্ধাৰ সহযোগত স্থাপন কৰা হৈছিল বাঁহজানী খাদী উৎপাদন কেন্দ্ৰটো।এই খাদী উৎপাদন কেন্দ্ৰটোৰ গাতে লাগি আছে অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ নলবাৰী জিলা কাৰ্যালয়। জিলা কাৰ্যালয়ৰ বিষয়া গৰাকীয়ে মৃত্যুৰ দিশে গতি কৰা বাঁহজানী খাদী উৎপাদন কেন্দ্ৰটো গতিশীল নকৰাৰ অভিযোগ উঠিছে।
বাঁহজানী আৰু আদাবাৰী এই খাদী উৎপাদন কেন্দ্ৰ দুটাৰ পৰিচালনাৰ বাবে প্ৰয়োজনীয় কৰ্মচাৰীৰ অভাৱ।আগৰ কৰ্মচাৰী বোৰে অৱসৰ গ্ৰহণ কৰাৰ পিছত নতুনকৈ কৰ্মচাৰী নিয়োজিত কৰা হোৱা নাই বছৰ বছৰ ধৰি।ফলত কেন্দ্ৰ কেইটাৰ উৎপাদন অতি দুখলগা।এই ক্ষেত্ৰত উক্ত পুৰাতনীয়া কেন্দ্ৰ সমূহ বিভাগীয় ঊৰ্ধতম কৰ্তৃপক্ষ আৰু খাদ্য গ্ৰামোদ্যোগ বোৰ্ডৰ অধ্যক্ষ গৰাকীয়ে হেমাহিৰ দৃষ্টিৰে চোৱা বুলি অভিযোগ উত্থাপিত হৈছে।যাৰ বাবে ইয়াৰ সম্পদবোৰ তিল তিলকৈ ধ্বংস হ’বলৈ ধৰিছে। বিভাগটোৰ এনে ধ্বংসমুখী কাৰ্যক সচেতন মহলে ক্ষোভ প্ৰকাশ কৰিছে।
বিশেষ বাৰ্তা, নলবাৰী, ২৬ আগষ্ট